1000 কক্ষপথ অতিক্ৰম কৰিলে POEM-4 এ : ইছৰো
POEM-4 স্পাডেক্স মিছনৰ এটা অংশ । ইয়াৰ জৰিয়তে 24 টা ভিন্ন পৰীক্ষা যেনে মহাকাশ ৰব’টিক্স, মাইক্ৰ’গ্ৰেভিটি অংকুৰণ আদি কৰা হ’ব ৷ বিতংকৈ পঢ়ক---

Published : March 8, 2025 at 2:05 PM IST
হায়দৰাবাদ: স্পেচ ডকিং টেষ্ট মিছন স্পেডেক্স মিছন বা পিএছএলভি-চি60 মিছনত উৎক্ষেপণ কৰা পিএছএলভি অৰ্বিটাল প্লেটফৰ্ম এক্সপেৰিমেণ্ট মডিউল (POEM-4)ৰ চতুৰ্থ সংস্কৰণে 4 মাৰ্চত 1000 কক্ষপথ সফলতাৰে সম্পূৰ্ণ কৰে । শুকুৰবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই কথা ঘোষণা কৰে । POEM-4 হৈছে স্পেচ ডকিং টেষ্ট মিছনৰ বাবে ব্যৱহাৰ কৰা পিএছএলভি বাহনখনৰ ওপৰৰ অংশ । ই স্পেডেক্স মিছনৰ অংশ হিচাপে মহাকাশত 24 টা ভিন্ন ধৰণৰ গৱেষণা কৰিব ।
ইছৰোৱে যোৱা বছৰৰ 30 ডিচেম্বৰত মুকলি কৰিছিল PSLV-C60 । স্পাডেক্স মহাকাশযানখনে নিৰ্দিষ্ট কক্ষপথত উপনীত হোৱাৰ পিছতহে POEM-4-এ নিজৰ কাম আৰম্ভ কৰিছিল । ইছৰোই এক বিবৃতিত কয়, "পিঅ'ইএম-4 আছিল তিনিটা অক্ষৰ স্থিতিশীল প্লেটফৰ্ম যিয়ে বেচৰকাৰী সত্তা (এনজিই)ৰ 10 টা পেলোড আৰু ইছৰোৰ 14 টা পেলোডকে ধৰি মুঠ 24 টা পেলোড কঢ়িয়াই লৈ ফুৰিছিল । এনজিইকে ধৰি সকলো পেলোডে কক্ষপথৰ ভিতৰত পৰীক্ষা সম্পূৰ্ণ কৰিছে ।"
POEM-4 কি?
সহজ ভাষাত ক’বলৈ গ’লে POEM-4 হৈছে মহাকাশত এটা ভাসমান পৰীক্ষাগাৰ যিয়ে বিজ্ঞানীসকলক নতুন প্ৰযুক্তি আৰু গৱেষণাৰ বিকাশৰ সুবিধা প্ৰদান কৰে ৷ ইয়ে ভৱিষ্যতৰ মহাকাশ অভিযানত সহায় কৰিব । ই ৰকেটৰ ওপৰৰ অংশ যিটো সাধাৰণতে উপগ্ৰহ কক্ষপথলৈ নিক্ষেপ কৰাৰ পিছত মহাকাশৰ আৱৰ্জনা হৈ পৰে । কিন্তু ইয়াক ধ্বংস কৰাৰ পৰিৱৰ্তে ইয়াক বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ মঞ্চলৈ ৰূপান্তৰিত কৰি পুনৰ ব্যৱহাৰৰ উপায় বিচাৰি উলিয়াইছে ইছৰোই । ইয়াৰ বাবে ইছৰোৱে ৰকেটৰ ওপৰৰ অংশটো পৰীক্ষাগাৰলৈ ৰূপান্তৰিত কৰিছে ।
POEM-4 য়ে কি গৱেষণা কৰিব ?
ইছৰোৰ তথ্য অনুসৰি POEM-4-এ মহাকাশ ৰবটিক্স, বীজৰ অংকুৰণ আৰু মাইক্ৰ’গ্ৰেভিটিত বেক্টেৰিয়াৰ বৃদ্ধি, সেউজ প্ৰপালচন, পাইৰ’ থ্ৰাষ্টাৰৰ লেজাৰ ইগনিচন, ৰেডিঅ’ ট্ৰেন্সমিছন আৰু উন্নত চেন্সৰৰ পৰীক্ষা-নিৰীক্ষা চলাইছে । মহাকাশ সংস্থাটোৱে জনোৱা মতে, এই প্লেটফৰ্মত উচ্চতা নিয়ন্ত্ৰণৰ বাবে চকা ভিত্তিক স্থিতিশীলতা ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল যিয়ে পূৰ্বৰ পি অ’ ই এম অভিযানৰ তুলনাত মডিউলটোৰ কক্ষপথ কমেও 45 দিন বৃদ্ধি কৰিছিল ।
বিবৃতিটোত কোৱা হৈছে যে POEM-4 য়ে আজিলৈকে সকলো POEM মিছনৰ ভিতৰত সৰ্বাধিক সংখ্যক পেলোড কঢ়িয়াই লৈ ফুৰিছিল । ইয়াৰ উপৰিও ই বিভিন্ন পেলোডৰ বাবে কম খৰচী পৰীক্ষামূলক মঞ্চ হিচাপে নিজৰ বহুমুখীতা পুনৰবাৰ প্ৰমাণ কৰিলে ।
লগতে পঢ়ক

