ETV Bharat / technology

নিছাৰ অভিযানৰ সফলতাৰ পিছত ইছৰোৱে উৎক্ষেপণ কৰিব 6500 কি.গ্ৰা.ৰ আমেৰিকান উপগ্ৰহ

ইছৰোৰ অধ্যক্ষই জনাইছে যে ইছৰোৱে আমেৰিকাৰ আন এটা যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰিব, যাৰ ওজন হ’ব 6500 কিলোগ্ৰাম ।

isro-to-launch-6500-kg-us-built-communication-satellite-soon-after-nisar-success
নিছাৰ অভিযান (ISRO)
author img

By ETV Bharat Tech Team

Published : August 11, 2025 at 5:15 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: শেহতীয়াকৈ ইছৰোৱে ভাৰত আৰু আমেৰিকাৰ মহাকাশ সংস্থা অৰ্থাৎ ইছৰো আৰু নাছাৰ সংযুক্ত প্ৰকল্পৰ অধীনত নিছাৰ উপগ্ৰহ উৎক্ষেপণ কৰিছে । পৃথিৱীৰ প্ৰতিটো সৰু-বৰ গতিবিধিৰ ওপৰত চকু ৰাখিবলৈ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে নিছাৰ এটা যোগাযোগ উপগ্ৰহ । এতিয়া ইছৰোৰ অধ্যক্ষই নতুনকৈ এই কথা জনাইছে । তেওঁ কয় যে ইছৰোৱে আমেৰিকাৰ আন এটা উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ ওলাইছে, যাৰ ওজন হ’ব 6500 কিলোগ্ৰাম । এইটো আমেৰিকাৰ যোগাযোগ উপগ্ৰহও হ’ব ।

ইছৰোৰ পৰৱৰ্তী বৃহৎ প্ৰস্তুতি

দেওবাৰে চেন্নাইৰ সমীপত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ ভি নাৰায়ণনে অৱগত কৰে যে ভাৰতে অহা কেইমাহমানৰ ভিতৰত আমেৰিকাই নিৰ্মাণ কৰা 6500 কিলোগ্ৰাম ওজনৰ যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ ওলাইছে । এই কথা কৈ থাকোতে নাৰায়ণনে ইছৰোৰ আৰম্ভণিৰ দিনবোৰ স্মৰণ কৰি কয় যে ভাৰতীয় মহাকাশ কাৰ্যসূচী এটা সৰু ৰকেটৰ পৰা আৰম্ভ হৈছিল আৰু সেইটোও আমেৰিকাই ভাৰতলৈ প্ৰেৰণ কৰিছিল, কিন্তু এতিয়া ইছৰোই অনাগত কেইমাহমানৰ ভিতৰত আমেৰিকাই নিৰ্মাণ কৰা 6500 কিলোগ্ৰামৰ যোগাযোগ উপগ্ৰহ এটা উৎক্ষেপণ কৰিবলৈ ওলাইছে ।

ইয়াৰ পিছত ইছৰোৰ অধ্যক্ষই নিছাৰ মিছনৰ কথা কওঁতে কয় যে, 30 জুলাইত নাছা-ইছৰোৰ নিছাৰ মিছন উৎক্ষেপণ কৰাটো এটা ঐতিহাসিক দিন আছিল । এইটোৱেই হৈছে বিশ্বৰ আটাইতকৈ দামী উপগ্ৰহ, য’ত আমেৰিকাই এল বেণ্ড এছ এ আৰ পেলোড আৰু ইছৰোৱে এছ বেণ্ড পেলোড দিছিল । ইয়াক GSLV-F16 ৰকেটৰ জৰিয়তে নিখুঁত আৰু সফলভাৱে কক্ষপথলৈ প্ৰেৰণ কৰা হৈছিল ।

1963 চনত আৰম্ভ হৈছিল

ইছৰোৰ অধ্যক্ষই জনোৱা মতে, 1963 চনত ইছৰো আৰম্ভ কৰা হৈছিল, যেতিয়া ভাৰত আন দেশৰ বহু পিছ পৰি আছিল । সেই বছৰৰ 21 নৱেম্বৰত আমেৰিকাই ভাৰতক এটা সৰু ৰকেট দিলে আৰু তাৰ পৰাই আৰম্ভ হ’ল এই মহাকাশ যাত্ৰা । 1975 চনত আমেৰিকাৰ উপগ্ৰহৰ তথ্যৰ সহায়ত ইছৰোৱে 6 খন ৰাজ্যৰ 2400 খন গাঁৱত টিভি চেট স্থাপন কৰি ‘গণসংযোগ’ৰ ডেমো দিছিল আৰু এতিয়া ইছৰোৱে এনে এটা পৰ্যায় পাইছেগৈ যে ইয়াৰ উৎক্ষেপণ বাহনৰ পৰা এতিয়ালৈকে 34 খন দেশৰ 433 টা উপগ্ৰহ উৎক্ষেপণ কৰিছিল ।

লগতে পঢ়ক