সীমান্ত সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে 18 মে’ত ইছৰোৱে উৎক্ষেপণ কৰিব EOS-09
ইছৰোৰ প্ৰাক্তন বিজ্ঞানীয়ে গুৰুত্ব আৰোপ কৰে যে EOS-09 এ উন্নত ৰাডাৰ ইমেজিঙৰ জৰিয়তে ভাৰতৰ সীমান্ত আৰু উপকূলীয় অংশত চোকা নজৰ ৰাখিব ।

Published : May 16, 2025 at 6:10 PM IST
হায়দৰাবাদ: ভাৰতৰ সীমান্ত সুৰক্ষা ক্ষমতা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা ব্যৱস্থাই শীঘ্ৰেই লাভ কৰিব এক নতুন মাত্ৰা ৷ অহা 18 মে’ দেওবাৰে পুৱা 6.459 বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C61 ব্যৱহাৰ কৰি সীমান্ত অঞ্চলত চোকা নজৰ প্ৰদানৰ বাবে উপগ্ৰহ উৎক্ষেপণ কৰিব । এই ৰকেটৰ জৰিয়তে অত্যাধুনিক ৰাডাৰ ইমেজিং উপগ্ৰহ EOS-09 বা RISAT-1B উৎক্ষেপণ কৰা হ’ব ।
নাগৰিকৰ সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এই অভিযান অতি গুৰুত্বপূৰ্ণ যেন বিবেচিত হৈছে । শেহতীয়াকৈ ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পিছত ভাৰতে মহাকাশ ভিত্তিক চোৱাচিতাৰ ক্ষমতা দ্ৰুতগতিত সম্প্ৰসাৰণ কৰি সকলো নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰিছে । এই নিৰীক্ষণ উপগ্ৰহটোৱে প্ৰতিকূল বতৰতো কাম কৰিব । সমান্তৰালভাৱে ই সৰু সৰু গতিবিধি ধৰা পেলাবলৈও সক্ষম ।
Watch this timelapse of PSLV-C61 / EOS-09 — marking ISRO’s 101st launch — as PSLV is moved from the Payload Integration Facility (PIF) to the Mobile Service Tower (MST) at SDSC-SHAR, Sriharikota for further integration.
— ISRO (@isro) May 15, 2025
A step closer to launch on 18 May at 5:59 IST!#PSLVC61… pic.twitter.com/9uEI4oZzlo
EOS-09 উপগ্ৰহত উন্নত চি-বেণ্ড চিন্থেটিক এপাৰচাৰ ৰাডাৰ (SAR) ব্যৱহাৰ কৰা হৈছে, যিয়ে সকলো বতৰত দিন-ৰাতি ইমেজিং প্ৰদান কৰিব পাৰে । বিশেষকৈ সঠিক সময়ত প্ৰতিটো স্পৰ্শকাতৰ সীমান্তত চোকা নজৰ ৰাখিব পাৰে ৷ এক কথাত ক’বলৈ গ’লে উপকূলীয় চোৰাংচোৱাগিৰি আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে এনে পদক্ষেপ যথেষ্ট গুৰুত্বপূৰ্ণ ।
ইছৰোৰ পাক্তন বিজ্ঞানী মনীষ পুৰোহিতে কয় যে এই উপগ্ৰহটোৱে পূৰ্বৰ RISAT-1 অভিযানৰ অনুসৰণ হিচাপে কাম কৰিব, যিটো 2017 চনত ডিকমিচন কৰা হৈছিল । ৰিছাট-2 আৰু ইঅ’এছ-01ত হাই ৰিজ’লিউচনৰ বাবে এক্স-বেণ্ড ৰাডাৰ ব্যৱহাৰ কৰা হৈছিল যদিও ইঅ’এছ-09 ৰ চি-বেণ্ড এছএআৰে ভাল কাম কৰে । ই 1-মিটাৰ পৰ্যন্ত ৰিজ’লিউচন প্ৰদান কৰে আৰু বহল এলেকা সামৰি লয় ।
অসামৰিক আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে উপযোগী
এই এপটোৱে শত্ৰুৰ ওপৰত চকু ৰখাই নহয়, আন আন ক্ষেত্ৰতো সহায়ক হ’ব । যেনে কৃষি (শস্য নিৰীক্ষণ, মাটিৰ উৰ্বৰতা পৰীক্ষা), জলবিজ্ঞান, বন মেপিং আদি । ইয়াৰ উপৰিও এই উপগ্ৰহটো গুৰুত্বপূৰ্ণ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰিব পাৰি - বানৰ বাস্তৱ সময়ৰ মানচিত্ৰ প্ৰদান কৰিব পাৰি আৰু ঘূৰ্ণীবতাহ আৰু ভূমিস্খলনৰ গতিবিধি অনুসৰণ কৰি মানুহক বৃহৎ দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পাৰি ।
ইছৰোৰ প্ৰাক্তন বিজ্ঞানী পুৰোহিতে কয় যে এই উপগ্ৰহত হাই ৰিজ’লিউচন স্পটলাইট, মিডিয়াম ৰিজ’লিউচন স্কেনছাৰকে ধৰি পাঁচটা ইমেজিং মোড আছে । সৰু বস্তুৰ নিৰীক্ষণৰ পৰা আৰম্ভ কৰি বৃহৎ অঞ্চলৰ নিৰীক্ষণলৈকে এই উপগ্ৰহটো ইছৰোই ব্যৱহাৰ কৰিব পাৰে । ইতিমধ্যে উপলব্ধ Resourcesat, Cartosat আৰু RISAT-2B উপগ্ৰহত যোগদান কৰিব EOS-09 এ আকাশৰ পৰা শত্ৰুৰ ওপৰত চকু ৰাখিব ।
মহাকাশ চোৱাচিতা ব্যৱস্থাৰ সম্প্ৰসাৰণ
ইছৰোই অহা 5 বছৰত 1710 কিলোগ্ৰাম ওজনৰ ইঅ’এছ-09কে ধৰি 52 টা পৰ্যবেক্ষণ উপগ্ৰহ উৎক্ষেপণৰ লক্ষ্য ৰাখিছে । এই উপগ্ৰহসমূহে বতৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি কৃষি, কৌশলগত আন্তঃগাঁথনি আৰু সীমান্তৰ গতিবিধিলৈকে সকলোকে নিৰীক্ষণ কৰিব । ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে বাৰে বাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত উপগ্ৰহ প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । PSLV-C61/EOS-09 মিছনৰ জৰিয়তে ইছৰোৱে প্ৰযুক্তিগত উৎকৰ্ষতা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ দুয়োটাৰে প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে বুলি ইছৰোৰ অধ্যক্ষই শেহতীয়াকৈ কয় ।
লগতে পঢ়ক

