হায়দৰাবাদ : আজি (মঙলবাৰ) নিশা দিছপুৰত ইছৰ'ৰ নতুন অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব ড০ ভি নাৰায়ণনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত । লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসম চৰকাৰৰ হৈ পৰিৱেশ আৰু বন বিভাগৰ বিশেষ মুখ্যসচিব এম কে যাদৱ, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰধান সচিব কে কে দ্বিবেদী, ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, বিজ্ঞান প্ৰযুক্তি বিভাগৰ সচিব পল্লৱ গোপাল ঝা, বিশেষ সচিব তথা অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এছাক)ৰ সঞ্চালক পি এল এন ৰাজু, অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ (এছটেক)ৰ সঞ্চালক ড০ জয়দ্বীপ বৰুৱাৰ লগতে কৃষি, জলসম্পদ, নগৰ পৰিক্ৰমা আদি বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ।
ইছৰ'ৰ অধ্যক্ষগৰাকীৰ সৈতে বৈঠকত ভাগ লয় 'ইছৰ' টেলিমেট্ৰী, ট্ৰেকিং এণ্ড ক'মাণ্ড নেটৱৰ্ক' (ISRO Telemetry, Tracking and Command Network, ইছট্ৰাক)ৰ সঞ্চালক ড০ এ কে অনিল কুমাৰ আৰু ইছৰ'ৰ 'য়াৰ্থ এপ্লিকেছনছ এণ্ড ডিজাছটাৰ মেনেজমেণ্ট ছাপ'ৰ্ট প্ৰ'গ্ৰাম অফিচ (Earth Observation Applications & Disaster Management Support Programme Office, ইডিপিঅ')ৰ সঞ্চালক ড০ জে ভি থমাছ আৰু ইছৰ'ৰ উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (নেছাক)ৰ সঞ্চালক ড০ এছ পি আগৰৱালাই ।

বৈঠকত অসম চৰকাৰৰ নিজা কৃত্ৰিম উপগ্ৰহ 'আছামছেট'ৰ প্ৰস্তুতি, আৰ্হি নিৰ্মাণ, প্ৰয়োজনীয় অনুমতি আহৰণ আৰু উৎক্ষেপন আদি বিষয়ত ইছৰ'ৰ দিক-দৰ্শন, কাৰিকৰী সহযোগিতা আৰু সমৰ্থনকলৈ বিতংভাৱে আলোচনা কৰা হয় ।
তদুপৰি, ৰাজ্যখনত কৃষি ক্ষেত্ৰ আৰু বনক্ষেত্ৰৰ নিৰীক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা, ভূমি প্ৰশাসন, জলসম্পদ ব্যৱস্থাপনা তথা জলাশয়ৰ সংবৰ্দ্ধন, নগৰ পৰিকল্পনা আদিৰ ক্ষেত্ৰতো মহাকাশ বিজ্ঞান তথা প্ৰযুক্তিৰ সৰ্বাধিক প্ৰয়োগৰ দিশতো অসম চৰকাৰলৈ বৈজ্ঞানিক পৰামৰ্শ আৰু কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ বিষয়েও ইছৰ'ৰ অধ্যক্ষগৰাকীৰে আজি আলোচনা কৰা হয় ।
অসম চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ইছৰ'ৰ অধ্যক্ষ ড০ নাৰায়ণনে অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ আছামছেটৰ আৰ্হি প্ৰস্তুতিৰ পৰা নিৰ্মাণ, উৎক্ষেপন আৰু ডাটা আহৰণ তথা প্ৰক্ৰিয়াকৰণলৈকে সকলো ক্ষেত্ৰতে অসম চৰকাৰলৈ পূৰ্ণ সহযোগিতা আৰু কাৰিকৰী সমৰ্থন আগঢ়াব বুলি আশ্বস্ত কৰে ।
একেদৰে, অসম চৰকাৰক জনকল্যাণকামী প্ৰশাসন সুনিশ্চিত কৰাৰ লগতে ক্ষীপ্ৰ উন্নয়নৰ ক্ষেত্ৰতো মহাকাশ বিজ্ঞান-প্ৰযুক্তি আহৰিত তথ্যৰ প্ৰয়োগ বিষয়ক এক উপযুক্ত পথ-নিৰ্দেশনা প্ৰস্তুতি আৰু তথ্যৰ প্ৰক্ৰিয়াকৰণৰ দিশত প্ৰয়োজনীয় সমৰ্থন আগবঢ়াব বুলিও অধ্যক্ষ ড০ নাৰায়ণনে প্ৰতিশ্ৰুতি দিয়ে ।
তদুপৰি, অসমৰ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীসহ উত্তৰ পূৰ্বাঞ্চলৰ ৮০০ শিক্ষাৰ্থীক ইছৰ'ৰ আটাইকেইটা মুখ্য কেন্দ্ৰ তথা প্ৰকল্প পৰিদৰ্শনৰ সুযোগ আগবঢ়াব বুলিও তেওঁ বৈঠকত প্ৰস্তাৱ আগবঢ়ায় ।
বৈঠকত ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব দ্বিবেদী আৰু এছাকৰ সঞ্চালক ৰাজুৱে অসম চৰকাৰে নিজা কৃত্ৰিম উপগ্ৰহ আছামছেট উৎক্ষেপণ কৰিবলৈ লোৱাৰ বিষয়ে লোৱা সিদ্ধান্তৰ লগতে বিভিন্ন বিভাগে মহাকাশ জনসাধাৰণক উপকৃত কৰিব পৰাকৈ প্ৰযুক্তিৰ প্ৰয়োগৰ বাবে চলোৱা প্ৰয়াসৰ বিষয়েও ইছৰ'ৰ অধ্যক্ষগৰাকীক অৱগত কৰে ।