হায়দৰাবাদ: শুকুৰবাৰে থাইলেণ্ডত সংঘটিত হৈছিল এটা ভয়াৱহ ভূমিকম্প ৷ ইয়াৰ নেতিবাচক প্ৰভাৱ বৰ্তমানেও অব্যাহত । ভূমিকম্পৰ ফলত কেবাটাও ওখ অট্টালিকা ভাঙি বহু লোকে প্ৰাণ হেৰুৱাইছিল । উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে । ইজৰাইলে দেওবাৰৰ পৰা দুৰ্যোগগ্ৰস্ত অঞ্চলটোক সহায় কৰাৰ লগতে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আহিছে ।
উন্নত প্ৰযুক্তিৰ বিশেষজ্ঞ ইজৰাইলী কোম্পানী কেমেৰো-টেকৰ এই দলটোৱে বেংককৰ দুৰ্যোগস্থলীত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় দল । তেওঁলোকৰ প্ৰযুক্তিৰ সহায়ত ইজৰাইলৰ দলটোৱে বেংককত ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা এজন লোকৰ জীৱন ৰক্ষা কৰিলে । ইজৰাইলৰ উদ্ধাৰকাৰী দলে এই সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে ।
কেমেৰো-টেকৰ বিপণন, বিক্ৰী আৰু ব্যৱসায়িক বিকাশৰ উপ-সভাপতি ইলান আব্ৰামোভিচে সংবাদ মাধ্যমৰ আগত কয় যে আমি ধ্বংসাৱশেষৰ তলত 5 মিটাৰ আবদ্ধ হৈ থকা এজন ব্যক্তিক বিচাৰি উলিয়াবলৈ সক্ষম হৈছো ।

দেৱালৰ মাজেৰে জীৱনৰ চিন ধৰা পেলাব পৰা এডভান্সড জেভাৰ 400 ব্যৱস্থা ব্যৱহাৰ কৰি দলটোৱে ধ্বংসাৱশেষৰ তলত জীৱিত লোকক চিনাক্ত কৰিবলৈ সক্ষম হয় । জীৱৰ উপস্থিতি ধৰা পৰাৰ পিছতে দলটোৱে লগে লগে থাইলেণ্ড কৰ্তৃপক্ষৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে । পিছত মানুহজনক নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয় ।
আব্ৰামোভিচে কয় যে ইজৰাইলী প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বতে জীৱন ৰক্ষা কৰা দেখি আমি গৌৰৱ অনুভৱ কৰিছো । উদ্যোগী ছামি কাটজৰ নেতৃত্বত কেমেৰো-টেকে বিশেষজ্ঞৰ এটা দলৰ সৈতে উন্নত অনুসন্ধান আৰু উদ্ধাৰ ব্যৱস্থা প্ৰেৰণ কৰিছিল যাতে ধ্বংসাৱশেষৰ তলত জীৱিত লোকক বিচাৰি উলিওৱাত সহায় কৰে । আইডিএফ আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ যৌথ দলে দেওবাৰে থাইলেণ্ডত উপস্থিত হৈ স্থানীয় কৰ্তৃপক্ষক কাৰিকৰী বিশেষজ্ঞতা প্ৰদান কৰে আৰু চলি থকা অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ তেওঁলোকৰ অধ্যয়ণৰ ভাগ-বতৰা কৰে ।
শুকুৰবাৰে দুটাকৈ উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ম্যানমাৰ আৰু থাইলেণ্ডক ৷ ৰিখটাৰ স্কেলত এই দুটাৰ প্ৰাবল্য আছিল ক্ৰমে 7.7 ৰিখটাৰ আৰু 6.4 ৰিখটাৰ ৷ ইয়াৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে দেশ দুখনত । দেওবাৰে সন্ধিয়ালৈকে এই ভূমিকম্পৰ ফলত 1644 জন বাৰ্মিজ আৰু 17 জন থাই সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল । হাজাৰ হাজাৰ লোক আহত হোৱাৰ লগতে আৰু বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে বুলি চৰকাৰে নিশ্চিত কৰিছে ।
যুদ্ধবিধ্বস্ত ম্যানমাৰত চলিত বৰ্ষত সংঘটিত হোৱা আটাইতকৈ ভয়াৱহ দুৰ্যোগৰ ফলত দেশখনৰ সামৰিক চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু চুবুৰীয়া দেশৰ পৰা সহায়ৰ আহ্বান জনাইছে । এই সাহায্যৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা বৃহত্তম দেশসমূহৰ ভিতৰত আছে চীন, ৰাছিয়া আৰু ভাৰত ।
লগতে পঢ়ক
ম্যানমাৰৰ পৰা বেংককলৈকে কঁপি উঠিল ধৰিত্ৰী: নিমিষতে তচনচ সুবিশাল অট্টালিকা
স্পেচএক্সৰ ফ্ৰেম2 অভিযান: মেৰু কক্ষপথত প্ৰথমখন মানৱ মহাকাশযান উৎক্ষেপণৰ বাবে আৰম্ভ প্ৰস্তুতি