ETV Bharat / technology

এতিয়াৰে পৰা চলন্ত ৰে’লতেই গ্ৰহণ কৰক মন পছন্দৰ সতেজ খাদ্য - Online food delivery in Train

Zomato IRCTC Partnership: সকলো যাত্ৰীয়ে ৰে’লৰ খাদ্য ভাল নাপায় । সেয়ে ৰে’লেৰে ক’ৰবালৈ যাবলগীয়া হ’লে যেনেকৈয়ে নহওঁক ঘৰৰ পৰাই খাদ্য প্ৰস্তুত কৰি লৈ যায় । এতিয়া আপুনি এই চিন্তাৰ পৰা মুক্তি পাব । ট্ৰেইনৰ ভিতৰত বহি নিজৰ পছন্দৰ গৰম খাদ্য খাব পাৰিব । কাৰণ অনলাইন ফুড ডেলিভাৰী প্লেটফৰ্ম Zomato ই ভাৰতীয় ৰে’লৱেৰ সৈতে অংশীদাৰিত্ব কৰিছে আৰু চলন্ত ৰে’লত আপোনাৰ অৰ্ডাৰ অনুযায়ী খাদ্য যোগান ধৰিব ।

Etv Bharat
এতিয়াৰে পৰা চলন্ত ৰে’লতেই গ্ৰহণ কৰক মন পছন্দৰ সতেজ খাদ্য (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : September 22, 2024 at 1:06 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 22 ছেপ্টেম্বৰ: জনপ্ৰিয় ফুড ডেলিভাৰী প্লেটফৰ্ম Zomato ই ভাৰতীয় ৰে’লৱে IRCTC ৰ সৈতে একচেটিয়া অংশীদাৰিত্বত স্বাক্ষৰ কৰিছে । এই অংশীদাৰিত্বৰ বাবেই গ্ৰাহকে এতিয়া ৰে’লযোগে যাত্ৰা কৰাৰ সময়ত ৰে’লৰ ভিতৰত বহি নিজৰ পছন্দৰ খাদ্য অৰ্ডাৰ দিব পাৰিব । Zomato য়ে জনোৱা অনুসৰি যাত্ৰাৰ সময়ত ৰে’লত খাদ্য অৰ্ডাৰ দিয়াৰ পিছত নিৰ্দিষ্ট ষ্টেচনত আপোনাৰ কোচটোলৈ খাদ্য যোগান ধৰা হ’ব ।

এই সন্দৰ্ভত Zomatoৰ শীৰ্ষ কাৰ্যকৰী বিষয়া দিপিন্দৰ গোৱালে কয় যে কোম্পানীটোৱে IRCTC ৰ সৈতে এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছে । Zomato-Food Delivery In Train ৰ সহযোগত এই খাদ্য পোনপটীয়াকৈ অৰ্ডাৰ দিয়া লোকজনে লাভ কৰিব । এনে পৰিস্থিতিত যদি ব্যৱহাৰকাৰীয়ে যিকোনো চহৰৰ পৰা যিকোনো বিশেষ খাদ্যৰ অৰ্ডাৰ দিব বিচাৰে তেন্তে তেওঁলোকে সহজেই কৰিব পাৰে । 100 ৰো অধিক ৰেলৱে ষ্টেচনত এই সুবিধা উপলব্ধ হোৱাৰ লগে লগে এই প্লেটফৰ্মে 10 লাখৰো অধিক অৰ্ডাৰ ডেলিভাৰী কৰিছে বুলিও তেওঁ দাবী কৰে।

Zomato ৰ শীৰ্ষ কাৰ্যকৰী বিষয়াৰ পোষ্টৰ প্ৰতি সঁহাৰি

কোম্পানীটোৰ চিইঅ’ৰ এই পোষ্টটোৰ প্ৰতি ব্যৱহাৰকাৰীসকলে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এগৰাকীয়ে লিখিছে যে যদি ৰে’লখন দেৰিকৈ চলে তেন্তে Zomato য়ে কেনেকৈ খাদ্য যোগান ধৰিব ? একেদৰে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "Zomato ই কেতিয়াবা সময়মতে ডেলিভাৰী দিব নোৱাৰে আৰু ৰে'লখনো কেতিয়াবা দেৰিকৈ চলে, এনে পৰিস্থিতিত Zomato ৱে ডেলিভাৰীৰ সময়ত নগদ ধন ৰখাৰ প্ৰয়োজন ।"

100 টা ষ্টেচনত Zomato ডেলিভাৰী

পোষ্টটোৰ উত্তৰত IRCTC য়ে লিখিছে, "আমি ৰে'ল যাত্ৰীসকলক মানসম্পন্ন খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । এই অংশীদাৰিত্বৰ জৰিয়তে আমি যাত্ৰীসকলক গুণগত মানৰ খাদ্য যোগান ধৰিবলৈ সক্ষম হ'ম । যাত্ৰীসকলক সৰ্বোত্তম অভিজ্ঞতা প্ৰদান কৰিবলৈ আমি চেষ্টা কৰিম । ইয়াৰ জৰিয়তে বৰ্তমান Zomato য়ে 88 খন চহৰত ৰে’লযোগে খাদ্যৰ ডেলিভাৰী আগবঢ়াইছে আৰু এতিয়া 100 টা ষ্টেচনত খাদ্য বিতৰণ কৰা হ'ব ।"

লগতে পঢ়ক: বন্ধ হৈ পৰিল Zomato ৰ এটি বিশেষ সেৱা : X যোগে জনালে মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱালে - ZOMATO Intercity Legends services

আপোনাৰ জিঅ’ চিমখন ৰিচাৰ্জ কৰক আৰু লাভ কৰক Zomato Gold সদস্যপদ - Jio 8th anniversary offers