ETV Bharat / technology

এপ্ৰিলত বজাৰলৈ iQOO ৰ নতুন স্মাৰ্টফোন, প্ৰত্যাশিত দাম কিমান হ’ব?

ভাৰতত মুকলি কৰাৰ পূৰ্বে আগন্তুক iQOO Z10 স্মাৰ্টফোনৰ মূল্য আৰু চিপছেটৰ সবিশেষ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে iQOO-এ ।

iqoo-z10-launch-date-in-india-revealed-know-what-could-be-the-price-and-features
এপ্ৰিলত বজাৰলৈ iQOO ৰ নতুন স্মাৰ্টফোন, প্ৰত্যাশিত দাম কিমান হ’ব? (IQOO)
author img

By ETV Bharat Tech Team

Published : March 30, 2025 at 10:09 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: স্মাৰ্টফোন নিৰ্মাতা কোম্পানী iQOO এ চলিত বৰ্ষৰ 11 এপ্ৰিলত ভাৰতীয় বজাৰত নতুন স্মাৰ্টফোন iQOO Z10 মুকলি কৰিবলৈ সাজু হৈছে । ইতিমধ্যে কোম্পানীটোৱে স্মাৰ্টফোনটোৰ ডিজাইন, ৰঙৰ বিকল্প আৰু বহু মূল বৈশিষ্ট্য প্ৰকাশ কৰিছে স্মাৰ্টফোনটো মুকলি কৰাৰ পূৰ্বে ।

ইয়াৰ উপৰিও iQOO এ আনুষ্ঠানিকভাৱে স্মাৰ্টফোনটোৰ মূল্য আৰু প্ৰচেছৰৰ সবিশেষ ঘোষণা কৰিছে । iQOO Z10 ত Snapdragon 7s Gen 3 SoC থকাটো নিশ্চিত কৰা হৈছে । ই হ’ব iQOO Z9 5G স্মাৰ্টফোনৰ উত্তৰাধিকাৰী, যিটো 2024 চনৰ মাৰ্চ মাহত MediaTek Dimensity 7200 চিপছেটৰ সৈতে মুকলি কৰা হৈছিল ।

ভাৰতত iQOO Z10 ৰ মূল্য

ছ’চিয়েল মিডিয়া পোষ্টত iQOO এ নিশ্চিত কৰিছে যে iQOO Z10 ৰ মূল্য 22 হাজাৰ টকাৰ তলত হ’ব । ইয়াৰ পৰা বুজা যায় যে হেণ্ডছেটটো মধ্যমীয়া বাজেটৰ শিতানত পৰিব । উল্লেখযোগ্য যে এইটো পূৰ্বৰ এটা লিকৰ সৈতে মিল আছে যিয়ে অনুমান কৰিছিল যে আগন্তুক হেণ্ডছেটটোৰ বেচ 128 জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ বাবে 21,999 টকাত তালিকাভুক্ত কৰা হ’ব । স্মাৰ্টফোনটোত 256 জিবি ষ্ট’ৰেজ অপচনো থাকিব বুলি আশা কৰা হৈছে।

iQOO Z10 ৰ বৈশিষ্ট্যসমূহ

এই X পোষ্টটোত কোম্পানীটোৱে আৰু কয় যে Qualcomm ৰ Snapdragon 7s Gen 3 চিপছেট iQOO Z10 ডিভাইচত ব্যৱহাৰ কৰা হ’ব । ইয়াৰ উপৰিও কোম্পানীটোৱে দাবী কৰিছে যে তেওঁলোকৰ AnTuTu স্ক’ৰ 8,20,000 তকৈ অধিক আৰু ইয়াক ইয়াৰ ছেগমেণ্টৰ আটাইতকৈ দ্ৰুততম স্মাৰ্টফোন হিচাপে অভিহিত কৰা হৈছে ।

গ্লেচিয়াৰ ছিলভাৰ আৰু ষ্টেলাৰ ব্লেক ৰঙত উপলব্ধ হ’ব এই স্মাৰ্টফোনটো । অহা 11 এপ্ৰিলত মুকলি হ’বলগীয়া স্মাৰ্টফোনটো আমাজন আৰু আইকিউঅ’ ইণ্ডিয়া ই-ষ্ট’ৰৰ জৰিয়তে ক্ৰয় কৰিব পৰা যাব । ইয়াৰ উপৰিও কোম্পানীটোৱে নিশ্চিত কৰিছে যে ডিভাইচটোৰ শ্লীম প্ৰফাইল 7.89 মিমি হ’ব ।

পূৰ্বৰ টিজাৰসমূহৰ মতে, iQOO Z10 ত সৰ্বোচ্চ উজ্জ্বলতা 5000 নিটৰ সৈতে কোৱাড-কাৰ্ভড ডিছপ্লে ব্যৱহাৰ কৰা হ’ব । স্মাৰ্টফোনটোত 90W FlashCharge সমৰ্থনৰ সৈতে 7,300mAh বেটাৰী থাকিব । iQOO য়ে দাবী কৰিছে যে আগন্তুক ডিভাইচটো মাত্ৰ 33 মিনিটতে 0ৰ পৰা 50 শতাংশ চাৰ্জ কৰিব পৰা যাব ।

লগতে পঢ়ক

6 বছৰৰ ছফটৱেৰ আপডেটৰ প্ৰতিশ্ৰুতিৰে ভাৰতত মুকলি হ’ল Samsung Galaxy A26 5G

ৰেট্ৰ’ ডিজাইনৰ সৈতে ভাৰতত মুকলি হ’ল HMD ৰ বাৰ্বি ফোন

2 এপ্ৰিলত মুকলি হ’ব মটৰ’লা এজ 60 ফিউজন