ETV Bharat / technology

চলিত মাহতেই মুকলি হ’ব এপলৰ পৰৱৰ্তী ফোনটো; X যোগে জনালে শীৰ্ষ কাৰ্যবাহী বিষয়া কুকে !

অহা সপ্তাহত এপলৰ নতুন ফোন মুকলি কৰা হ’ব বুলি এপলৰ শীৰ্ষ কাৰ্যবাহী বিষয়াগৰাকীয়ে জনায় ৷ যিটো আইফোন SE 4 হ’ব বুলি অনুমান কৰা হৈছে ।

iphone-se-4-to-launch-on-feb-19-tim-cook-teases-apple-launch-next-week-in-assamese
চলিত মাহতেই মুকলি হ’ব এপলৰ পৰৱৰ্তী ফোনটো; X যোগে জনালে শীৰ্ষ কাৰ্যবাহী বিষয়া কুকে ! (X/@tim_cook)
author img

By ETV Bharat Tech Team

Published : February 15, 2025 at 5:16 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: এপলৰ শীৰ্ষ কাৰ্যবাহী বিষয়া টিম কুকে বৃহস্পতিবাৰে এপলৰ নতুন প্ৰডাক্ট মুকলি কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ কুকে 2025 চনৰ 19 ​​ফেব্ৰুৱাৰীত এপলৰ নতুন প্ৰডাক্ট মুকলি কৰাৰ কথা ঘোষণা কৰে । কাৰ্যবাহীগৰাকীয়ে আগন্তুক ডিভাইচটোৰ নাম প্ৰকাশ কৰা নাই যদিও এইটো চতুৰ্থ প্ৰজন্মৰ আইফোন SE হ’ব বুলি অনুমান কৰা হৈছে ।

এটা বিশ্বাসযোগ্য সূত্ৰৰ পৰা ফাদিল হোৱা এক তথ্যত প্ৰকাশ পাইছিল যে এপলে পৰৱৰ্তী সপ্তাহত আইফোন SE4 মুকলি কৰিব পাৰে । অৱশ্যে মুকলিৰ তাৰিখ কিছুদিন পিছুৱাই দিয়া যেন লাগে । ইয়াৰ উপৰিও টেক জায়ান্টটোৱে এণ্ট্ৰি লেভেল আইপেড 11 (2025) আৰু এম 4 চিপছেটৰ দ্বাৰা চালিত নতুন মেকবুক এয়াৰ মডেল মুকলি কৰিব পাৰে বুলিও জল্পনা-কল্পনা কৰা হৈছে ।

iPhone SE 4: অহা সপ্তাহত মুকলি কৰা হ'ব?

এপলৰ শীৰ্ষ কাৰ্যবাহী বিষয়া টিম কুক X (পূৰ্বৰ টুইটাৰ)ত এটা GIF পোষ্ট কৰি ৰূপালী ৰঙৰ এপলৰ ল’গ’ থকা এপলৰ নতুন প্ৰডাক্ট এটা মুকলি কৰা হ’ব বুলি ইংগিত দিছিল ।

টিম কুকে লিখিছে, "পৰিয়ালৰ নতুন সদস্যজনক লগ কৰিবলৈ সাজু হওক ৷ বুধবাৰ 19 ফেব্ৰুৱাৰী ।" এই সন্দৰ্ভত আৰু কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই শীৰ্ষ কাৰ্যবাহী বিষয়াগৰাকীয়ে ।

ব্লুমবাৰ্গৰ মাৰ্ক গানমেনৰ এক প্ৰতিবেদনত এপলে আইফোন SE4 মুকলি কৰাৰ পৰিকল্পনা কৰা বুলি দাবী কৰাৰ পিছত এই কথা প্ৰকাশ পাইছে । বৰ্তমান এপলে ডিভাইচটোৰ বাবে লঞ্চ ইভেণ্ট অনুষ্ঠিত কৰিব নে প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

iPhone SE 4: ফাদিল হোৱা স্পেচিফিকেশন

অনলাইনত প্ৰকাশ পোৱা পূৰ্বৰ বাতৰি অনুসৰি আগন্তুক আইফোন SE4 আইফোন 14 ৰ সৈতে সাদৃশ্য থাকিব পাৰে ।আইফোন SE 4ৰ ডিজাইন ফাদিল হৈছে, য’ত ডিভাইচটোক সকলো কোণৰ পৰা প্ৰদৰ্শন কৰা হৈছে ।

নতুন মডেলটোত ডাঙৰ স্ক্ৰীণ আৰু ফেচআইডি থাকিব, অৱশেষত আইফোনৰ পৰা ডাঙৰ বেজেল আৰু টাচআইডি নাইকিয়া হ’ব । আইফোন SE 4 ত ডাঙৰ বেটাৰী আৰু A18 বায়’নিক চিপছেট থাকিব বুলি আশা কৰা হৈছে । আইফোন 15 আৰু আইফোন 15 প্লাছে এপল ইণ্টেলিজেন্স সমৰ্থন নকৰাৰ বিপৰীতে আগন্তুক আইফোন এছ ই 4 এ আই চালিত ক্ষমতা সমৰ্থন কৰা হ’ব বুলি কোৱা হৈছে । তদুপৰি আগন্তুক আইফোনত 48 MP চিংগল কেমেৰা ছেটআপ আৰু ইউএছবি টাইপ-চি প’ৰ্ট থাকিব পাৰে ।

সাম্ভাব্য মূল্য

আইফোন SE4 ৰ মূল্য 500 ডলাৰৰ তলত হ’ব পাৰে ( ভাৰতীয় মুদ্ৰাৰ তুলনাত প্ৰায় 43 হাজাৰ টকা) ।

লগতে পঢ়ক