ETV Bharat / technology

আহি আছে আটাইতকৈ শ্লীম আইফোনটো; ফাদিল হ’ল ডামী ডিজাইন - IPHONE 17 AIR DUMMY LEAKED

আইফোন 17 ছিৰিজৰ এটা লিক হোৱা ভিডিঅ’ত দেখা গৈছে ডামি ইউনিট, য’ত আইফোন 17 এয়াৰৰ শ্লীম ডিজাইন দেখুওৱা হৈছে ।

iphone-17-series-leak-highlights-sleek-design-of-iphone-17-air-in-dummy-video
আহি আছে আটাইতকৈ শ্লীম আইফোনটো; ফাদিল হ’ল ডামী ডিজাইন (Youtube/Unbox Therapy)
author img

By ETV Bharat Tech Team

Published : April 24, 2025 at 11:13 AM IST

3 Min Read

হায়দৰাবাদ: প্ৰতি বছৰে টেক জায়ান্ট এপলে মুকলি কৰে তেওঁলোকৰ নতুন ছিৰিজটো ৷ আইফোনপ্ৰেমীসকলে অধীৰ আগ্ৰেহেৰে ৰৈ থাকে এই নতুন চিৰিজ মুকলিৰ দিনটোলৈ ৷ কোম্পানীটোৱে আগন্তুক ছেপ্টেম্বৰ মাহত আইফোন 17 মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে ৷ এই আইফোন 17 ছিৰিজত থাকিব আইফোন 17, আইফোন 17 প্ৰ’ আৰু আইফোন 17 প্ৰ’ মেক্স ৷ জানিব পৰা মতে এই তিনিটাৰ লগতে কোম্পানীটোৱে এটা নতুন মডেল আইফোন 17 এয়াৰ অথবা আইফোন 17 শ্লীমো মুকলি কৰিব পাৰে ৷

আইফোন 16 প্লাছৰ ঠাইত এই নতুন আইফোন মডেলটো মুকলি কৰিব বুলি আশা কৰা হৈছে । এই নতুন আইফোন মডেল সম্ভৱতঃ আইফোন 17 এয়াৰৰ এটা হেণ্ডছ অন ভিডিঅ’ লিক হৈছে, য’ত ফোনটোৰ এটা ডামি ইউনিট দেখা গৈছে । ইয়াৰ দ্বাৰা এই সম্ভাৱ্য ফোনটোৰ আগন্তুক ডিজাইনৰ কথা পোহৰলৈ আহিছে । আশা কৰা হৈছে যে এপলৰ লাইনআপত এইটোৱেই হ’ব আটাইতকৈ শ্লীম আইফোন । আইফোন 17 ছিৰিজৰ ইউনিটৰ সম্ভাৱ্য ডামি ইউনিটৰ এটা হেণ্ডছ অন ভিডিঅ’ আনবক্স থেৰাপি নামৰ ইউটিউব চেনেলত পোষ্ট কৰা হৈছে । এই চেনেলটোৰ পৰিচালনা লুইচ হিলচেণ্টেগাৰৰ । উল্লেখ কৰা হৈছে যে ডামি ইউনিটৰ উৎস চীনত আৰু কিছুমান কেছ (ফোন কভাৰ) মেকাৰৰ জৰিয়তে ফাদিল হোৱা যেন লাগে । এই ভিডিঅ’টোত লুইছে প্ৰথমে আইফোন 17 প্ৰ’ মেক্স পৰীক্ষা কৰিছিল, যাৰ জোখ 163.0×77.59×8.75 মিমি ।

এপলৰ আটাইতকৈ শ্লীম আইফোন

ইয়াৰ বাহিৰেও আইফোন 17 এয়াৰৰ কথা ক’বলৈ গ’লে লিক হোৱা ভিডিঅ’ অনুসৰি এই এপল ফোনটো অতি শ্লীম আইফোন হ’ব পাৰে আৰু ইয়াৰ ঘনত্ব মাত্ৰ 5.65 মিমি হ’ব পাৰে, যাৰ বাবে ই আটাইতকৈ শ্লীম আইফোনও হ’ব পাৰে বুলি আশা কৰা হৈছে । আইফোন 17 প্ৰ’ মেক্সৰ ডামিটো 8.75 মিমি ডাঠ । আইফোন 17 ৰ ডামিও এই ভিডিঅ’টোত দেখা গৈছে, যাৰ মাত্ৰা 149.6×271.46×7.96 মিমি বুলি কোৱা হৈছে ।

বিগত কিছুদিন ধৰি প্ৰযুক্তি খণ্ডত বিশেষ চৰ্চা লাভ কৰিছে আইফোন এয়াৰ সম্বন্ধীয় বাতৰিয়ে ৷ এই আগন্তুক ফোনটোৰ বৈশিষ্ট্য আৰু স্পেচিফিকেশ্যন সন্দৰ্ভতো বহু বাতৰি প্ৰকাশ পাইছে ৷ ফাদিল হোৱা বাতৰি অনুসৰি এই আইফোনত এপলে 6.6 ইঞ্চিৰ OLED স্ক্ৰীণ দিব পাৰে, যাৰ ৰিফ্ৰেছ ৰেট হ’ব 120 হাৰ্টজ । এই ফোনটোৰ পিছফালে মাত্ৰ এটা কেমেৰা থাকিব পাৰে, যিটো 48MP চেন্সৰৰ সৈতে আহিব বুলি আশা কৰা হৈছে । ইয়াৰ উপৰিও ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে এই ফোনত 24 এমপিৰ ফ্ৰন্ট কেমেৰা দিয়া হ’ব । আইফোন 17 এয়াৰত টাইটানিয়াম ফ্ৰেম ডিজাইনো এপলে দিব পাৰে বুলি চৰ্চা চলিছে । এই ফোনত প্ৰচেছৰৰ বাবে A18 বা A19 চিপ অন্তৰ্ভুক্ত কৰিব পাৰি, যিটো 8GB ৰেম সমৰ্থনৰ সৈতে আহিব পাৰে । এই ফোনটোৰ দাম 1299 ডলাৰৰ পৰা 1599 ডলাৰৰ ভিতৰত হ’ব পাৰে অৰ্থাৎ প্ৰায় 1,09,000 টকাৰ পৰা 1,26,000 টকা পৰ্যন্ত ।

লগতে পঢ়ক

সঁচাকৈয়ে চিৰিয়ে শুনিছিল নেকি আপোনাৰ কথোপকথন ? কি কয় এপলে

আমেৰিকা-চীনৰ শুল্ক যুদ্ধ: চেন্নাই বিমানবন্দৰৰ পৰা প্ৰেৰণ কৰা হ’ল 600 টন আইফোন

Apple AI Doctor: আইফোনৰ পৰা ঘড়ীলৈকে সকলোতে উপলব্ধ এই বৈশিষ্ট্য

আপত্তিজনক এপ: ইউৰোপীয় সংঘৰ কাৰ্যত অসন্তুষ্টি প্ৰকাশ এপলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.