ETV Bharat / technology

অধিক সহজ হৈ পৰিল পৰিৱৰ্তিত বতৰৰ খবৰ লাভ কৰাটো; মুকলি হ’ল থলুৱাভাৱে নিৰ্মিত ভাৰত ফৰকাষ্টিং ছিষ্টেম

ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান (আই আই টি এম)ৰ দ্বাৰা প্ৰস্তুত কৰা ভাৰত পূৰ্বাভাস ব্যৱস্থা (বি এফ এছ) ব্যৱহাৰ কৰিব পাৰিব আগন্তুক বাৰিষাৰ পৰাই ।

india-launches-bharat-forecast-system-indias-leap-forward-in-weather-prediction-and-disaster-management
মুকলি অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) জিতেন্দ্ৰ সিং (@DrJitendraSingh)
author img

By ETV Bharat Tech Team

Published : May 28, 2025 at 11:47 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: সোমবাৰে দেশত মুকলি হ’ল থলুৱাভাৱে বিকশিত উচ্চ ৰিজ’লিউচন ভাৰত পূৰ্বাভাস ব্যৱস্থা (বিএফএছ) । ইয়াৰ দ্বাৰা নাগৰিকে বতৰৰ প্ৰতিটো খবৰ সহজে লাভ কৰিব পাৰিব ৷ ইয়াৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা উন্নত কৰাৰ বাবেও সহায়ক হ’ব এই ব্যৱস্থা ৷

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ অধীনত ভাৰত পূৰ্বাভাস ব্যৱস্থা আৰম্ভ কৰে । ইয়াৰ 6 কিলোমিটাৰ ৰিজ’লিউচনৰ সৈতে পূৰ্বাভাস দিয়াৰ সম্ভাৱনা আছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বোচ্চ ৷ ইয়ে বতৰ বিজ্ঞান বিভাগক ক্ষুদ্ৰ বতৰৰ বৈশিষ্ট্যসমূহ অধিক সঠিকভাৱে ভৱিষ্যদ্বাণী কৰিবলৈ অনুমতি দিব ।

কেন্দ্ৰীয় পৃথিৱী বিজ্ঞানৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) জিতেন্দ্ৰ সিঙে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত এক পোষ্টযোগে কয়, "IMD ৰ সামৰ্থৰ এক বৃহৎ জাঁপ, এই অগ্ৰগতিয়ে ভাৰতক বতৰৰ ভৱিষ্যদ্বাণীৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশবোৰৰ ভিতৰত স্থান দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে আমাৰ উত্থানৰ ই গৌৰৱময় চিহ্ন হিচাপে বিবেচিত হৈছে ।"

এই অনন্য পূৰ্বাভাস ব্যৱস্থাই সম্ভাৱ্য লোকচানৰ পৰা সঞ্চয় কৰি আৰু একে সময়তে সম্ভাৱ্য লাভৰ পৰিমাণ যোগ কৰি ভাৰতৰ অৰ্থনীতিক পৰিপূৰক হিচাপে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

সিঙে পুনৰ কয় যে এই ব্যৱস্থাই বাৰিষাৰ সময়ত বতৰৰ গতি-বিধি জনা, বিমান পৰিবহণ, ঘূৰ্ণীবতাহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, কৃষি, জলপথ, প্ৰতিৰক্ষা, বানপানীৰ পূৰ্বাভাস বৃদ্ধি কৰিব আৰু লগতে মূল মন্ত্ৰালয়সমূহক সহায় কৰিব ।

ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান (আই আই টি এম), পুনেৰ দ্বাৰা থলুৱাভাৱে বিকশিত কৰা বি এফ এছ 2022 চনৰ পৰা পৰীক্ষামূলক পৰ্যায়ৰ অধীনত আছে আৰু ইয়াৰ পৰা সৃষ্টি হোৱা তথ্যই বতৰৰ পূৰ্বাভাসৰ সঠিকতা 30–64 শতাংশ উন্নত কৰাত সহায় কৰিছিল ৷

নতুন ব্যৱস্থাটোৰ ৰিজ’লিউচন আৰু ভৌগোলিক কভাৰেজ উন্নত হ’ব । ভাৰতত এতিয়ালৈকে ব্যৱহাৰ কৰা পূৰ্বৰ 12 কিলোমিটাৰ গ্ল’বেল ফ’ৰকাষ্ট চিষ্টেম (জিএফএছ)ৰ তুলনাত এই ৰিজ’লিউচন উন্নত । এই সুক্ষ্ম ৰিজ’লিউচনে প্ৰচণ্ড বৰষুণ আৰু ঘূৰ্ণীবতাহৰ দৰে স্থানীয় বতৰৰ পৰিঘটনাৰ অধিক নিখুঁত ভৱিষ্যদ্বাণী কৰাত সহায় কৰিব ।

ইয়াৰ উপৰিও সিঙে অৱগত কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে কেনেদৰে মন্ত্ৰণালয়ৰ বাজেট বৃদ্ধি কৰিছে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সিঙে কয়, "2014-15 চনত যেতিয়া এই চৰকাৰ ক্ষমতালৈ আহিছিল তেতিয়া পৃথিৱী বিজ্ঞান মন্ত্ৰণালয়ৰ মুঠ বাজেট আছিল মাত্ৰ 400–500 কোটি টকা । আজি বহুগুণ বৃদ্ধি পাইছে আৰু 20 হাজাৰ কোটি টকাৰ কাষ চাপিছে ।"

লগতে পঢ়ক