টোল প্লাজা সন্দৰ্ভত বৃহৎ ঘোষণা NHAI ৰ; বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰা হ’ব টোল সংগ্ৰহ
নিয়মৰ সালসলনি হ’ব দেশৰ প্ৰতিটো প্ৰান্তৰ টোল প্লাজাৰ পৰা টোল সংগ্ৰহ পদ্ধতিৰ ৷ শেহতীয়াকৈ এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

Published : April 19, 2025 at 10:43 AM IST
হায়দৰাবাদ: কিছুদিন ধৰি এটা খবৰ চৰ্চালৈ আহিছে যে চৰকাৰে FASTag ৰ ঠাইত নতুন উপগ্ৰহ ভিত্তিক টোল সংগ্ৰহ প্ৰযুক্তি ব্যৱহাৰ কৰিব, তাৰ পিছত সমগ্ৰ দেশতে টোল প্লাজা আঁতৰোৱা হ’ব । কিন্তু এতিয়া চৰকাৰে স্পষ্ট কৰি দিছে যে ঘাইপথৰ পৰা টোল প্লাজা আঁতৰোৱা নহ’ব, কিন্তু নতুন ‘এএনপিআৰ-ফাষ্টটেগ ভিত্তিক বাধাহীন টোল প্ৰযুক্তি’ মুকলি কৰা হ’ব ।
PIB য়ে প্ৰদান কৰা তথ্য অনুসৰি উন্নত টোলিং ব্যৱস্থাত ‘স্বয়ংক্ৰিয় নম্বৰ প্লেট চিনাক্তকৰণ’ (এএনপিআৰ) প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হ’ব, যিয়ে বাহনসমূহৰ নম্বৰ প্লেট পঢ়ি চিনাক্ত কৰিব আৰু বৰ্তমানৰ ‘ফাষ্টটেগ ব্যৱস্থা’ যিয়ে টোল কৰ্তনৰ বাবে ৰেডিঅ’-ফ্ৰিকুৱেন্সি চিনাক্তকৰণ (আৰএফআইডি) ব্যৱহাৰ কৰে । ইয়াৰ অধীনত হাই-পাৰফৰমেন্স এএনপিআৰ কেমেৰা আৰু ফাষ্টেগ ৰিডাৰৰ জৰিয়তে চিনাক্তকৰণৰ ভিত্তিত টোল প্লাজাত ৰৈ যোৱাৰ প্ৰয়োজন নোহোৱাকৈ গাড়ীৰ পৰা টোল চাৰ্জ ল’ব পাৰিব ।
এই নিয়ম মানি নচলাৰ ক্ষেত্ৰত উলংঘাকাৰীক ই-জাননী প্ৰেৰণ কৰা হ’ব, যাৰ ধন পৰিশোধ নকৰিলে ফাষ্টাগ নিলম্বন কৰা হ’ব পাৰে আৰু অন্যান্য বাহন সম্পৰ্কীয় জৰিমনা বিহা হ’ব পাৰে । অৱশ্যে এনএইচএআইয়ে ‘এএনপিআৰ-ফাষ্টাগ ভিত্তিক বাধাহীন টোলিং ব্যৱস্থা’ ৰূপায়ণৰ বাবে নিবিদা আমন্ত্ৰণ জনাইছে, যিটো এতিয়াৰ বাবে নিৰ্বাচিত টোল প্লাজাত স্থাপন কৰা হ’ব ।
গাডকাৰীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে নতুন টোল নীতি প্ৰৱৰ্তন কৰিব । এই বিষয়ে মই এতিয়াই বিশেষ কথা নকওঁ, কিন্তু অহা 15 দিনৰ ভিতৰত নতুন নীতি ঘোষণা কৰা হ'ব । এবাৰ কাৰ্যকৰী হ'লে টোল সম্পৰ্কীয় অভিযোগৰ কোনো কাৰণ নাথাকিব । এই নতুন ব্যৱস্থাত বাহনৰ নম্বৰ প্লেট স্বীকৃতি ব্যৱহাৰ কৰি বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে টোল সংগ্ৰহ কৰা হ'ব, যাৰ ফলত হাতেৰে টোল সংগ্ৰহৰ প্ৰয়োজনীয়তা নাইকিয়া হ'ব ।"
গাডকাৰীয়ে আৰু কয় যে দীৰ্ঘদিনীয়া মুম্বাই-গোৱা ঘাইপথ চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব ।
প্ৰতিদিনে 100 কি.মি. পৰ্যন্ত ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে ভাৰত চৰকাৰে প্ৰতিদিনে 100 কি.মি. পৰ্যন্ত ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে পৰৱৰ্তী 18 মাহত দেশৰ পথৰ আন্তঃগাঁথনি আমেৰিকাতকৈ উন্নত হ’ব ৷
নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত অধিক জনাই কয় যে ঘাইপথ মন্ত্ৰণালয়ে অনাগত বছৰবোৰত 25,000 কি.মি. পৰ্যন্ত দুই আৰু চাৰি লেনযুক্ত ঘাইপথ নিৰ্মাণ কৰিব ৷ ঘাইপথ নিৰ্মাণৰ বাবে ধন যথেষ্ট আছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ এই সন্দৰ্ভত অধিক কৈ গাডকাৰীয়ে কয়, "আন্তঃগাঁথনিৰ উন্নয়ন ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ৷ মই দেশৰ ঘাইপথসমূহৰ নিৰ্মাণ প্ৰতিদিনে 100 কি.মি. কৰিবৰ বাবে যত্ন কৰি আছো ৷"
শেহতীয়া এক প্ৰতিবেদনত জানিব পৰা গৈছে যে 2020-21 চনত দেশত ঘাইপথ নিৰ্মাণ হৈছিল 37 কি.মি. ৷ ঘাইপথ মন্ত্ৰালয়ে 2019-20 চনত 10,237 কিলোমিটাৰ, 2020-21 চনত 13,435 কিলোমিটাৰ, 2021-22 চনত 10,457 কিলোমিটাৰ, 2022-23 চনত 10,331 কিলোমিটাৰ আৰু 2023-24 চনত 12,349 কিলোমিটাৰ নিৰ্মাণৰ প্ৰকল্প কৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক

