ETV Bharat / technology

গুৱাহাটী IIT-ৰ গৱেষকৰ দ্বাৰা উদ্ভাৱন মানৱ ইনচুলিন উৎপাদনৰ পদ্ধতি

গুৱাহাটী আই আই টি-এ গৱেষকসকলে উদ্ভাৱন কৰিছে ছ্যুড'ম'নাছ ফ্লু'ৰেচেন্স ছিষ্টেমেৰে মানৱ ইনচুলিন উৎপাদনৰ এক নতুন পদ্ধতি ।

IIT Guwahati researchers develop method to produce human insulin
গুৱাহাটী IIT (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 14, 2025 at 8:00 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আই আই টি গুৱাহাটীৰ নতুন উদ্ভাৱন । আই আই টি গুৱাহাটীৰ গৱেষকসকলে ছ্যুড'ম'নাছ ফ্লু'ৰেচেন্স ছিষ্টেমেৰে মানৱ ইনচুলিন উৎপাদনৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰিছে ।

অধ্যাপক তথা জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বীৰাংকী ভেংকটা দাসুৱে নেতৃত্ব দিয়া গৱেষকৰ দলটোত আছিল অনসুমান সাহু, প্ৰবীৰ কুমাৰ দাস, ডাঃ এম এছ আৰ চি মূৰ্তি আৰু অধ্যাপক সংযুক্তা পাত্র । ইতিমধ্যে বিকশিত প্রযুক্তিটোক দুটা ভাৰতীয় পেটেন্ট প্রদান কৰা হৈছে ।

গৱেষণাৰ মুখ্য নেতৃত্বত থকা অধ্যাপক বীৰাংকী ভেংকটা দাসুৱে কয়, ''ইনচুলিন প্রস্তুতৰ বাবে এক নতুন এক্সপ্ৰেচন ছিষ্টেম সৃষ্টি কৰাটো ইয়াৰ অন্যতম সমাধান । এই পদ্ধতিত বি এছ এল-১ অণুজীৱ ছ্যুড'ম'নাছ ফ্লু' ৰেচেন্স ব্যৱহাৰ কৰি পুনঃসংযোজিত মানৱ ইনচুলিন উৎপাদনৰ বাবে জেনেটিক, মেটাবলিক আৰু বায়' কেমিকেল ইঞ্জিনীয়াৰিং ব্যৱহাৰ কৰি এটা বায় প্রচেছ প্ৰযুক্তি বিকশিত কৰা হৈছে ।''

গৱেষণাৰ তাৎপৰ্য ব্যাখ্যা কৰি আই আই টি গুৱাহাটীৰ পি এইচ ডি আৰু পি এম আৰ এফ গৱেষক অনসুমান সাহুৱে কয়, ''ইনচুলিন উৎপাদনৰ আটাইতকৈ সাধাৰণ পদ্ধতিটো হ'ল ইস্কেৰচিয়া কলাই বা ই কলাই নামৰ বেক্টেৰিয়াৰ ব্যৱহাৰ । ফলপ্রসূ হ'লেও এই বেক্টেৰিয়াই অদ্রৱণীয় গোটৰ ৰূপত ইনচুলিন উৎপন্ন কৰে আৰু ইনচুলিন ব্যৱহাৰযোগ্য কৰি তুলিবলৈ জটিল প্ৰক্ৰিয়াকৰণৰ প্ৰয়োজন হয় ।''

''ইনচুলিন উৎপাদনৰ বাবে আন ব্যৱস্থা আছে যদিও ইয়াৰ কিছুমান সীমাবদ্ধতা থাকে, যাৰ ফলত ইহঁত কম বহনক্ষম হৈ পৰে । সেয়ে বিভিন্ন প্রত্যাহ্বান অতিক্রম কৰিবলৈ আই আই টি - গুৱাহাটীৰ গৱেষক দলটোৱে ছ্যুড'ম'নাছ ফ্লু ৰেচেন্সেৰে - উৎপাদন প্রক্রিয়াটো সহজ আৰু সুলভ কৰি তুলিছিল ।'' তেওঁ কয় ।

''এই পদ্ধতিৰে গৱেষকসকলে দ্রৱণীয় ৰূপত ইনচুলিন উৎপাদন কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত জটিল বিশুদ্ধকৰণ পদক্ষেপৰ প্ৰয়োজনীয়তা হ্রাস পাইছিল আৰু উৎপাদন খৰচ কম হৈছিল । বেক্টেৰিয়াৰ সুৰক্ষাৰ লগতে ইয়াৰ ক্ষতিকাৰক উপ-উৎপাদন অবিহনে বৃহৎ পৰিমাণৰ দ্ৰৱণীয় প্ৰ'টিন উৎপাদন কৰাৰ ক্ষমতা থকা বাবে এই পদ্ধতিৰে বৃহৎ পৰিসৰৰ ইনচুলিন উৎপাদন কৰিব পৰা যাব ।'' তেওঁ কয় ।

উল্লেখ্য যে, মধুমেহত বিশ্বৰ হ ৫৩.৭ কোটিতকৈ অধিক প্রাপ্তবয়স্ক লোক আক্রান্ত হৈছে । আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনৰ তথ্য মতে, ২০৫০ চনৰ ভিতৰত প্ৰতি আঠজন প্রাপ্তবয়স্ক লোকৰ ভিতৰত এজন ডায়েবেটিছ ৰোগী হ'ব । বিশেষকৈ টাইপ ১ ৰোগী আৰু টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে ইনচুলিন হৈছে জীৱন ৰক্ষাকাৰী হৰম'ন । বিশ্বজুৰি ইনচুলিনৰ ব্যাপক চাহিদা থকা সত্বেও ইনচুলিন উৎপাদনৰ পদ্ধতিসমূহ ব্যয়বহুল হৈয়ে আছে ।

লগতে পঢ়ক : ভূগৰ্ভস্থ পানীৰ পৰা ফ্ল’ৰাইড-আইৰণ আঁতৰ কৰাৰ ব্যৱস্থা উদ্ভাৱন গুৱাহাটী আই আই টিৰ