ETV Bharat / technology

মিথেন আৰু কাৰ্বন ডাই অক্সাইডক জৈৱ ইন্ধনলৈ ৰূপান্তৰ কৰাৰ পদ্ধতি উদ্ভাৱন

গুৱাহাটী আই আই টিৰ নতুন উদ্ভাৱন ৷ মিথেন আৰু কাৰ্বন ডাই অক্সাইড ৰূপান্তৰ হ'ব জৈৱ ইন্ধনলৈ ৷

convert methane carbon dioxide
গুৱাহাটী আই আই টিৰ নতুন উদ্ভাৱন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 10, 2024 at 2:19 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ গুৱাহাটী আই আই টিৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগে মিথেনোট্ৰফিক বেক্টেৰিয়া (Methanotrophic Bacteria) ব্যৱহাৰ কৰি মিথেন আৰু কাৰ্বন ডাই অক্সাইডক পৰিষ্কাৰ জৈৱ ইন্ধনলৈ ৰূপান্তৰিত কৰাৰ এক উন্নত জৈৱিক পদ্ধতি উদ্ভাৱন কৰিছে ।

আই আই টি গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক দেবাশীষ দাস আৰু গৱেষক ড৹ কৃষ্ণ কল্যাণী চাহুৰ গৱেষণাৰ ফচল এয়া । তেওঁলোকৰ এই গৱেষণাৰ বিষয়ে এলচেভিয়াৰৰ (Elsevier) শীৰ্ষস্থানীয় জাৰ্নেল ‘Fuel’ ত প্ৰকাশিত হৈছে ।

এই গৱেষণা সন্দৰ্ভত অধ্যাপক দেবাশীষ দাসে কয়, ‘‘গ্ৰীনহাউছ গেছৰ ক্ষতিকাৰক পাৰিপাৰ্শ্বিক প্ৰভাৱ আৰু জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে এই গৱেষণা কৰা হৈছে । মিথেনোট্ৰফিক বেক্টেৰিয়া (Methanotrophic Bacteria) ব্যৱহাৰ কৰি মিথেন আৰু কাৰ্বন ডাই অক্সাইডক তৰল ইন্ধনলৈ ৰূপান্তৰিত কৰা হৈছে । ইয়াৰ জৰিয়তে গ্ৰীনহাউছ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ লগতে আৰু নৱীকৰণযোগ্য শক্তি সৃষ্টি কৰিব পাৰি ।’’

অধ্যাপক দেবাশীষ দাস লগতে কয়, ‘‘এই প্ৰক্ৰিয়াটোৱে অধিক বহনক্ষম ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব । এই প্ৰক্ৰিয়াৰ জৰিয়তে শোধনাগাৰৰ লগতে কাৰ্বন নিৰ্গমন কৰা উদ্যোগসমূহক কাৰ্বনমুক্ত কৰাৰ সম্ভাৱনা আছে ।’’

উল্লেখ্য যে গুৱাহাটী আই আই টিৰ গৱেষকৰ দলটোৱে মিথেন আৰু কাৰ্বন ডাই অক্সাইডক সংমিশ্ৰণ কৰি মিথেনোট্ৰফিক বেক্টেৰিয়া (Methanotrophic Bacteria) ব্যৱহাৰ কৰি উৎপাদন কৰা জৈৱ ইন্ধনক পাঁচখন বিভিন্ন বাহনত ব্যৱহাৰ কৰি সফল পৰীক্ষা সম্পন্ন কৰিছে । নিশ্চিতভাৱে এই পদ্ধতিটোৱে বায়ু প্ৰদূষণ‌ সৃষ্টি কৰা উদ্যোগসমূহৰ পৰা বিষাক্ত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক : '২৫ ত কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ১২ কোটি টকাৰ ৰঙালাও