ETV Bharat / technology

পেলনীয়া প্লাষ্টিক ৰূপান্তৰিত হ’ব ডিজেল-কেৰাচিনৰ দৰে ইন্ধনলৈ

পেলনীয়া প্লাষ্টিকক ইন্ধনলৈ ৰূপান্তৰিত কৰিব পৰা প্ৰযুক্তি উদ্ভাৱন কৰিছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে। বিশ্ববিদ্যালয়খনৰ অধ্যাপক হীৰালাল প্ৰমাণিকৰ নেতৃত্বত হৈছে এই গৱেষণা কাৰ্য ৷

iit-bhu-developed-a-new-technology-to-convert-plastic-waste-into-diesel-and-kerosene
বেনাৰস হিন্দু বিশ্ববিদ্যালয় (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : April 23, 2025 at 8:54 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: প্লাষ্টিক আমাৰ বাবে এক উদ্বেগজনক বিষয় হৈ পৰিছে ৷ কাৰণ প্লাষ্টিক মিশ্ৰিত আৱৰ্জনা মাটিত পচি নাযায়, যাৰ ফলত আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি পায় আৰু পৰিৱেশ দৃষিত হৈ পৰিৱেশৰ লগতে মানৱ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনে । এই কাৰণতে চৰকাৰে জনসাধাৰণক প্লাষ্টিকৰ ব্যৱহাৰ পৰিত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বহু সময়ত বহু পদক্ষেপ গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে । সম্প্ৰতি গৱেষকসকলে এই আৱৰ্জনাবোৰ সঠিক দিশত ব্যৱহাৰ কৰাৰ উপায় বিচাৰি উলিয়াইছে । উত্তৰ প্ৰদেশৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে প্লাষ্টিকৰ আৱৰ্জনাৰে ডিজেল আৰু কেৰাচিনৰ দৰে ইন্ধন তৈয়াৰ কৰিব পৰা প্ৰযুক্তি উদ্ভাৱন কৰা বুলি জানিবলৈ দিয়ে । ইয়াৰ ফলত দীৰ্ঘম্যাদী সমস্যা মাটি আৰু পানী প্ৰদূষণৰ পৰা ৰক্ষা পৰিব পাৰে বুলি আশা কৰা হৈছে ।

এনে অত্যাধুনিক প্ৰযুক্তিয়ে প্লাষ্টিক প্ৰদূষণ দূৰ কৰাত উপকাৰী হ’ব । ইয়াৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে ইন্ধনৰ উৎসও সৃষ্টি হৈছে । সামগ্ৰিকভাৱে এই প্ৰযুক্তিয়ে বায়ুমণ্ডলক প্ৰদূষণৰ পৰা বহু পৰিমাণে ৰক্ষা কৰিব । বিশ্ববিদ্যালয়খনৰ অধ্যাপক হীৰালাল প্ৰমাণিকৰ নেতৃত্বত এটা গৱেষণাকাৰী দলে এই প্ৰযুক্তি বিকশিত কৰিছে ।

প্লাষ্টিক কেনেকৈ ইন্ধনলৈ ৰূপান্তৰিত কৰিব পাৰি?

বিশ্ববিদ্যালয়খনৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক হীৰালাল প্ৰমাণিকৰ নেতৃত্বত গৱেষকৰ এটা দলে কেটালাইটিক পাইৰ’লাইছিছ বিক্ৰিয়া প্ৰস্তুত কৰিছে । প্ৰমাণিকে বুজাই দিলে যে ৰিয়েক্টৰটোৱে প্ৰথমে পলিইথাইলিন, পলিপ্ৰ’পাইলিন, পলিষ্টাইৰিন আদি প্লাষ্টিক ভাঙি পেলায় । তাৰ পিছত ৰিয়েক্টৰে নদীৰ মাটিৰ পৰা তৈয়াৰী কম খৰচী প্ৰাকৃতিক অনুঘটক ব্যৱহাৰ কৰি প্লাষ্টিকক ডিজেল আৰু কেৰাচিনলৈ ৰূপান্তৰিত কৰে ।

iit-bhu-developed-a-new-technology-to-convert-plastic-waste-into-diesel-and-kerosene
অধ্যাপক হীৰালাল প্ৰমাণিক (ETV Bharat)

অধ্যাপক প্ৰমাণিকে লগতে কয় যে এই ধাৰণাটো বাৰাণসীৰ দীৰ্ঘদিনীয়া প্ৰদূষণ সমস্যাৰ পৰাই উদ্ভৱ হৈছে ৷ কাৰণ ইয়াত প্লাষ্টিক সঠিকভাৱে নেপেলোৱাৰ ফলত প্ৰায়ে নলা, জলপথ বন্ধ হৈ পৰাৰ লগতে জীৱ-জন্তুৰো ক্ষতি হয় । উদাহৰণস্বৰূপে, কেতিয়াবা গৰু আদিৰ দৰে তৃণভোজী জীৱ-জন্তুৱে প্লাষ্টিকৰ লগত মিহলি হৈ থকা শাক-পাচলিৰ আৱৰ্জনা খায়, যিটো মাৰাত্মক বিবেচিত হোৱাৰ আশংকা থাকে । প্লাষ্টিক প্ৰদূষণেও মাটি আৰু পানীৰ ক্ষতি কৰে ।

পৰিৱেশ আৰু জীৱ-জন্তুৰ বাবে উপকাৰী

গৱেষণা পত্ৰখনত উল্লেখ কৰা হৈছে যে এই অত্যাধুনিক প্ৰযুক্তিয়ে শক্তিক পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাই নহয়, ই আমাৰ চহৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰাখিব পৰা দীৰ্ঘম্যাদী সমাধান হিচাপেও প্ৰমাণিত হ’ব । বাৰাণসীত বৃহৎ পৰিমাণৰ প্লাষ্টিক আৱৰ্জনা সন্দৰ্ভত এক সমীক্ষা কৰা হৈছিল । ইয়াৰ পিছত গৱেষক দলটোৱে এই প্ৰযুক্তি বিকশিত কৰিবলৈ সক্ষম হয় । এই প্ৰযুক্তি আন চহৰতো ব্যৱহাৰ কৰিব পাৰি আৰু কম খৰচতে এটা ডাঙৰ সমস্যা সমাধান কৰিব পাৰি । এই প্ৰযুক্তিৰ ওপৰত কৰা গৱেষণাসমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠিত গৱেষণা আলোচনী ‘ৱেষ্ট মেনেজমেণ্ট’ আৰু ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এনাৰ্জি ৰিচাৰ্চ" ত প্ৰকাশ পাইছে ।

দেশজুৰি সম্প্ৰসাৰণৰ পৰিকল্পনা

আই আই টি (বি এইচ ইউ)ৰ গৱেষক দলটোৱে এতিয়া এই প্ৰযুক্তি বাণিজ্যিক পৰ্যায়ত ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে । যাতে দেশত প্লাষ্টিকৰ পৰা শক্তি উৎপাদনৰ দিশত এক বহনক্ষম আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় । ইফালে অধ্যাপক হীৰালাল প্ৰমাণিক আৰু তেওঁৰ দলৰ উৎকৃষ্ট গৱেষণামূলক কামৰ শলাগ লৈছে IIT BHU ৰ সঞ্চালক অধ্যাপক অমিত পাত্ৰই । লগতে তেওঁ কয় যে বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ দিশত ই এক প্ৰশংসনীয় অৱদান ।

লগতে পঢ়ক