ETV Bharat / technology

সাৱধান ! 1 এপ্ৰিলৰ পৰা বন্ধ হৈ পৰিব পাৰে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ড্ৰাইভিং লাইচেন্সখন

ট্ৰেফিক চালান সন্দৰ্ভত ভাৰত চৰকাৰে জাৰি কৰিছে নতুন নিয়ম , যাৰ অধীনত চালকসকলে তিনি মাহৰ ভিতৰত চালান পৰিশোধ কৰিব লাগিব ।

if-you-have-been-issued-e-challan-pay-fine-within-3-months-government-has-implemented-this-new-rule
সাৱধান ! 1 এপ্ৰিলৰ পৰা বন্ধ হৈ পৰিব পাৰে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ড্ৰাইভিং লাইচেন্সখন (ETV Bharat File Photo)
author img

By ETV Bharat Tech Team

Published : April 1, 2025 at 12:54 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আজিৰে পৰা আৰম্ভ নতুন বিত্তীয় বৰ্ষ ৷ শেহতীয়াকৈ ভাৰত চৰকাৰে যান-বাহন নিয়ম উলংঘা কৰাসকলৰ জৰিমনা কেবাবাৰো বৃদ্ধি কৰিছিল । লগতে, নিয়ম মানি নচলাৰ বাবে চালকক শাস্তি দিয়াৰ বাবে চৰকাৰে কেইবাটাও ব্যৱস্থা গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল । শেহতীয়া খচৰা নিয়ম অনুসৰি ট্ৰেফিক ই-চালান নিদিয়াৰ বাবে চালকৰ ড্ৰাইভিং লাইচেন্স বন্ধ কৰা হ’ব ।

3 মাহৰ ভিতৰত চালানৰ ধন দিব লাগিব

শেহতীয়া নিয়ম অনুসৰি কোনো বাহনৰ মালিকক যদি জৰিমনা বিহা হয় তেন্তে তিনি মাহৰ ভিতৰত ট্ৰেফিক ই-চালান দিব লাগিব । তেনে নকৰিলে তেওঁৰ ড্ৰাইভিং লাইচেন্স স্থগিত ৰখা হ’ব । ইয়াৰ লগতে যদি কোনো বিত্তীয় বৰ্ষত ৰেড চিগনেল জাম্পিং বা বিপজ্জনকভাৱে গাড়ী চলোৱাৰ বাবে চালকসকলে তিনিটা চালান দিয়ে, তেন্তে এনে পৰিস্থিতিত তেওঁলোকৰ ড্ৰাইভিং লাইচেন্স কমেও তিনিমাহৰ বাবে নিলম্বিত হ’ব পাৰে ।

ইয়াৰ উপৰিও নতুন খচৰা নিয়ম অনুসৰি যান-বাহনৰ বীমাৰ প্ৰিমিয়ামক ট্ৰেফিক ই-চালানৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনাও কৰা হৈছে । এনে পৰিস্থিতিত যদি কোনো চালকৰ পূৰ্বৰ বিত্তীয় বৰ্ষৰ পৰা দুটা বা তাতকৈ অধিক চালান বাকী থাকে, তেন্তে তেওঁ অধিক পৰিমাণৰ বাহনৰ বীমাৰ প্ৰিমিয়াম দিব লাগিব ।

প্ৰতি বছৰে ভাৰতত 4.80 লাখ পথ দুৰ্ঘটনা সংঘটিত হয়

উল্লেখ্য যে, প্ৰতি বছৰে দেশত পথ দুৰ্ঘটনা, আনুষংগিক মৃত্যু আৰু আঘাতৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে । উল্লেখনীয় যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে ভাৰতত প্ৰায় 4,80,000 টা পথ দুৰ্ঘটনা সংঘটিত হৈছে, য’ত 1,80,000 লোকৰ মৃত্যু ঘটিছিল আৰু প্ৰায় 4,00,000 লোক গুৰুতৰভাৱে আহত হৈছিল ।

মন্ত্ৰী নীতিন গাডকাৰীয়ে জোৰ দি কয় যে এই মৃত্যুৰ 1,40,000 গৰাকী লোক 18 ৰ পৰা 45 বছৰ বয়সৰ ভিতৰত, য’ত বিশেষকৈ দুচকীয়া বাহন আৰোহী আৰু পথচাৰীও আছিল । ইয়াৰ বাহিৰেও নীতিন গাডকাৰীয়ে এই দুৰ্ঘটনাবোৰৰ ফলত দেশৰ জিডিপিৰ তিনি শতাংশৰ সমতুল্য অৰ্থনৈতিক লোকচান হোৱা বুলি কৈছিল ।

তেওঁ কৈছিল যে চৰকাৰে ইয়াক ৰোধৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে । বিভিন্ন যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে ভাৰত চৰকাৰে বৃদ্ধি কৰিছে জৰিমনা । বহু ক্ষেত্ৰত অপৰাধীয়ে জৰিমনা বিহা সত্ত্বেও জৰিমনা আদায় দিয়াৰ পৰা বিৰত থাকে ।

দিল্লীত ই-চালান ৰেক’ভাৰী হাৰ সৰ্বনিম্ন

শেহতীয়া তথ্য অনুসৰি দিল্লীত বৰ্তমান ট্ৰেফিক চালানৰ ৰেক’ভাৰী হাৰ সৰ্বনিম্ন, যিটো মাত্ৰ 14 শতাংশ । ইয়াৰ পিছতে কৰ্ণাটক 21 শতাংশ আৰু তামিলনাডু আৰু উত্তৰ প্ৰদেশত 27 শতাংশ । আনহাতে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত এই হাৰ ক্ৰমে 62 আৰু 76 শতাংশ ।

লগতে পঢ়ক