শ শ পেজাৰ বিস্ফোৰণে কঁপালে লেবানন; পেজাৰ কি সেয়া জানো আহক - HOW PAGERS WORK
Pager explosion at Lebanon: মঙলবাৰে লেবানন আৰু ছিৰিয়াৰ কিছু অংশত একেলগে শ শ পেজাৰ বিস্ফোৰণৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৭৫০ জনৰো অধিক লোক আহত হয় । ইয়াৰ পাছতেই সকলোৰে মনত উত্থাপন হৈছে প্ৰশ্ন- পেজাৰ কি ? পেজাৰে কেনেকৈ কাম কৰে ? পেজাৰ হেক কৰিব পাৰিনে ? সুৰক্ষা আৰু গোপনীয়তাৰ দৃষ্টিকোণৰ পৰা পেজাৰক কিমান সুৰক্ষিত ? জানো আহক ইয়াৰ সবিশেষ ।

Published : September 18, 2024 at 10:39 AM IST
নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ: মঙলবাৰে সমগ্ৰ লেবানন আৰু ছিৰিয়াৰ কিছু অংশত সংঘটিত হয় ধাৰাবাহিক বিস্ফোৰণ । পেজাৰ ফাটি যোৱাৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৭৫০ জনৰো অধিক লোক আহত হয় । এই ধাৰাবাহিক বিস্ফোৰণৰ লক্ষ্য আছিল হিজবুল্লাহৰ সদস্য । অভিযোগ উত্থাপন হৈছে যে ইজৰাইলে এই বিস্ফোৰণ সংঘটিত কৰিছে । এতিয়া পেজাৰত কেনেকৈ বিস্ফোৰণ হ’ব পাৰে সেই বিষয়ে সকলোতে চৰ্চা চলিছে ।
এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে পেজাৰ কি ? এইটোৱে কেনেকৈ কাম কৰে ? পেজাৰ হেক কৰিব পাৰিনে ? সুৰক্ষা আৰু গোপনীয়তাৰ দৃষ্টিকোণৰ পৰা পেজাৰক কিমান নিৰাপদ বুলি ধৰিব পাৰি ? জানো আহক ইয়াৰ সবিশেষ ।
পেজাৰ কি?
পেজাৰ হৈছে এটা ডিভাইচ যিটো বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিবলৈ ব্যৱহাৰ কৰা হয় । বিশেষকৈ চিকিৎসক, ব্যৱসায়ী আৰু জৰুৰীকালীন সেৱাৰ পেছাদাৰীসকলৰ মাজত নব্বৈৰ দশকত ইয়াৰ ব্যৱহাৰ জনপ্ৰিয় আছিল । পেজাৰৰ কাম হ’ল ৰেডিঅ’ সংকেতৰ জৰিয়তে টেক্সট মেছেজৰ আদান প্ৰদান কৰা । এইটো মূলতঃ উপযোগী আছিল যেতিয়া মোবাইল ফোন ইমান জনপ্ৰিয় নাছিল । আজিও স্বাস্থ্যসেৱা আৰু জৰুৰীকালীন সেৱাৰ দৰে কিছুমান বিশেষ উদ্যোগত পেজাৰ ব্যৱহাৰ কৰা হয় কাৰণ ই যোগাযোগৰ এক নিৰ্ভৰযোগ্য আৰু পোনপটীয়া মাধ্যম ।

পেজাৰে কেনেকৈ কাম কৰে ?
পেজাৰে কাম কৰিবলৈ ৰেডিঅ’ ফ্ৰিকুৱেন্সি ব্যৱহাৰ কৰে । যেতিয়া কোনোবাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে, পেজাৰ নেটৱৰ্কে বাৰ্তাটো প্ৰেৰণ কৰে, যিটো পেজাৰ ডিভাইচে লাভ কৰে । এই প্ৰক্ৰিয়াত কোনো ধৰণৰ ইণ্টাৰনেট বা কলিং সুবিধাৰ প্ৰয়োজন নাই । এই কাৰণেই পেজাৰে দূৰৱৰ্তী অঞ্চল আৰু মোবাইল নেটৱৰ্ক নথকা ঠাইতো কাম কৰিব পাৰে ।
পেজাৰৰ মূল তিনিটা প্ৰকাৰ:
- একমুখী পেজাৰ: ইয়াত কেৱল বাৰ্তাহে লাভ কৰিব পাৰি ।
- দুমুখীয়া পেজাৰ: ইয়াত বাৰ্তা লাভ কৰাৰ লগতে উত্তৰো প্ৰেৰণ কৰিব পাৰি ।
- ভইচ পেজাৰ: ইয়াত ভইচ মেছেজ ৰেকৰ্ড কৰিব পাৰি ।
পেজাৰৰ সুৰক্ষা আৰু গোপনীয়তা
পেজাৰৰ সুৰক্ষা আৰু গোপনীয়তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পেজাৰটো হেক কৰিব পাৰি নেকি? মোবাইল ফোন বা অন্যান্য ইণ্টাৰনেট ভিত্তিক ডিভাইচৰ তুলনাত পেজাৰৰ সুৰক্ষা বৈশিষ্ট্য সীমিত । পেজাৰ চিষ্টেমত কোনো এনক্ৰিপচন নাই, যাৰবাবে ইয়াৰ তথ্য যিকোনো ইন্টাৰচেপ্টৰে ধৰি ৰাখিব পাৰে । পেজাৰ ব্যৱহাৰকাৰীয়ে মূলতঃ চুটি টেক্সট মেছেজ প্ৰেৰণ কৰে । কিন্তু তথাপিও ইয়াৰ সহায়ত ৰোগীৰ চিকিৎসাৰ ৰেকৰ্ড বা গোপনীয় ব্যৱসায়িক পৰিকল্পনাৰ দৰে স্পৰ্শকাতৰ তথ্য বিনিময় কৰা হয় ।
বিশেষজ্ঞসকলৰ মতে, পেজাৰ সহজেই হেক কৰিব পাৰি, যদিহে কোনোবাই ৰেডিঅ’ সংকেত ইন্টাৰচেপ্ট কৰে । ২০১৬ চনত এটা প্ৰতিবেদন ওলাইছিল, য’ত কোৱা হৈছিল যে স্বাস্থ্যসেৱা খণ্ডৰ পেজাৰত ৰোগীৰ ব্যক্তিগত তথ্য ফাদিল হোৱাৰ কাণ্ড দেখা গৈছিল । গতিকে যদি আপুনি স্পৰ্শকাতৰ তথ্য বিনিময় কৰি আছে, তেন্তে পেজাৰ আটাইতকৈ সুৰক্ষিত বিকল্প নহ’বও পাৰে ।
পেজাৰ কিমান সুৰক্ষিত?
এটা পেজাৰ কম সংবেদনশীল বা জৰুৰী তথ্য প্ৰেৰণৰ বাবে উপযোগী হ'ব পাৰে, কিন্তু ইয়াৰ এনক্ৰিপচনৰ অভাৱে ইয়াক দুৰ্বল কৰি তোলে । মোবাইল ফোন আৰু অন্যান্য সুৰক্ষিত নেটৱৰ্ক ভিত্তিক যোগাযোগ চেনেলৰ তুলনাত পেজাৰক দুৰ্বল বুলি ধৰিব পাৰি কাৰণ ইয়াক সহজে ইন্টাৰচেপ্ট কৰিব পৰা যায় । কিন্তু পেজাৰৰ এটা বিশেষত্ব হ’ল ই মোবাইল নেটৱৰ্ক অবিহনেও কাম কৰে, যাৰবাবে ইয়াক কঠিন পৰিস্থিতিতো ব্যৱহাৰ কৰিব পাৰি । সেয়ে আজিও ইয়াৰ প্ৰয়োজনীয়তা আৰু উপযোগিতা কিছুমান ক্ষেত্ৰত অটুট আছে ।
লগতে পঢ়ক: লেবানন-ছিৰিয়াত একেলগে শ শ পেজাৰ বিস্ফোৰণত নিহত ৮, আহত ২৭৫০ জন - Lebanon Pagers Blast

