ETV Bharat / technology

অতীত হ’ল 5G সেৱা; চীনে মুকলি কৰিলে বিশ্বৰ সৰ্বপ্ৰথম 10G সেৱা - CHINA LAUNCHES WORLD’S FIRST 10G

হুৱাইয়ে আৰু ইউনিকমৰ সহযোগত চুবুৰীয়া দেশ চীনত মুকলি হ’ল বিশ্বৰ প্ৰথমটো ৰাজহুৱা 10G নেটৱৰ্ক সেৱা ৷

huawei-china-unicom-roll-out-chinas-first-10g-broadband-network-in-hebei
অতীত হ’ল 5G সেৱা; চীনে মুকলি কৰিলে বিশ্বৰ সৰ্বপ্ৰথম 10G সেৱা (Getty Images)
author img

By ETV Bharat Tech Team

Published : April 21, 2025 at 1:15 PM IST

3 Min Read

হায়দৰাবাদ: তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত সদায়ে অগ্ৰণী চীনে এইবাৰ বিশ্বজুৰি মুকলি কৰিলে 10G নেটৱৰ্ক ৷ চীনৰ আগশাৰীৰ মোবাইল নিৰ্মাতা কোম্পানী হুৱেই আৰু দেশখনৰ টেলিকম কোম্পনী চাইনা ইউনিকমৰ যৌথ সহযোগত মুকলি কৰা হৈছে এই সেৱা ৷ এই নেটৱৰ্কে বৰ্তমান উপলব্ধ গিগাবিট ব্ৰডবেণ্ডৰ গতি বহুখিনি অতিক্ৰম কৰিছে । প্ৰকাশিত তথ্য অনুসৰি 10G ক্লাউড ব্ৰডবেণ্ড হাই স্পীড ইন্টাৰনেটৰ সহায়ত মাত্ৰ 2 ছেকেণ্ডতে ডাউনলোড কৰাটো সক্ষম হ’ব 90GB পৰ্যন্ত ফাইল । বিশ্বৰ প্ৰথমটো এই বাণিজ্যিক 10 জিবিপিএছ ব্ৰডবেণ্ড প্ৰযুক্তিয়ে কেৱল ছুপাৰফাষ্ট ইণ্টাৰনেট সক্ষম কৰাই নহয়, শিক্ষা, মনোৰঞ্জন আৰু বহু ক্ষেত্ৰলৈ উল্লেখযোগ্য পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে ।

ব্যৱহৃত হৈছে 50G PON প্ৰযুক্তি

চীনৰ সংবাদ মাধ্যম মাইড্ৰাইভাৰ্ছে প্ৰকাশ কৰা অনুসৰি 50G পেচিভ অপটিকেল নেটৱৰ্ক (PON) প্ৰযুক্তিৰ দ্বাৰা চালিত চীনৰ এই নতুন 10G ব্ৰডবেণ্ড নেটৱৰ্ক ৷ ইয়াৰ গতি গিগাবিটৰ পৰা 10G স্তৰলৈ বৃদ্ধি কৰা হৈছে যদিও লেটেন্সি (ফাইল স্থানান্তৰ বা ডাউনলোড কৰাৰ সময়ত হোৱা বিলম্ব) মাত্ৰ কেইমিলিছেকেণ্ডলৈ হ্ৰাস কৰা হৈছে । 9834 MBPS ডাউনলোড গতি, 1008 MBPS আপলোড গতি আৰু মাত্ৰ 3 মিনিট লেটেন্সি প্ৰদান কৰিব পৰাকৈ প্ৰথমটো 10G ব্ৰডবেণ্ড নেটৱৰ্ক উপলব্ধ হৈছে ।

চকুৰ পলকতে ডাউনলোড সক্ষম এখন চিনেমা

চীন টেলিকমে স্থানীয় চৰকাৰৰ সহযোগত চাংহাইৰ ইয়াংপু জিলাত এই সেৱা উপলব্ধ কৰিছে । 10G ব্ৰডবেণ্ডে সাধাৰণ ফাইবাৰ সংযোগতকৈ 10 গুণ বেছি গতিৰে কাম কৰে, যিয়ে মাত্ৰ 2 ছেকেণ্ডত 8K মানদণ্ডৰ 2 ঘণ্টীয়া ফিল্ম ডাউনলোড কৰিব পাৰে । আনহাতে গিগাবিট ব্ৰডবেণ্ডে 12 মিনিটতকৈ অধিক সময় লয় ।

ঘৰুৱা ব্যৱহাৰৰ ক্ষেত্ৰত

সংবাদ মাধ্যম RT ৰ এক প্ৰতিবেদন অনুসৰি, বাস্তৱ জগতৰ ডেমোত নতুন নেটৱৰ্ক সংযোগৰ সৈতে সংযুক্ত এটা ঘৰত ডাউনলোডৰ গতি 9834 MBPS আৰু আপলোডৰ গতি 1008 MBPS বুলি ৰিপৰ্ট দিয়া হৈছে । ইয়াত লেটেন্সি মাত্ৰ 3 মিলিছেকেণ্ড । উচ্চ গতিৰ, কম বিলম্বৰ নেটৱৰ্কে স্মাৰ্ট হোম ডিভাইচৰ মাজৰ সংযোগক লেগ-ফ্ৰী কৰি তোলাই নহয়, গতি হেৰুৱাই একাধিক ব্যৱহাৰকাৰীক ইণ্টাৰনেট ব্ৰাউজ কৰাৰ সুবিধাও দিব বুলি আশা কৰা হৈছে ৷

ভাৰতত কেতিয়া উপলব্ধ হ’ব 10G ?

বৰ্তমান ভাৰতত 10G ব্ৰডবেণ্ড ইণ্টাৰনেট মুকলিৰ কোনো পৰিকল্পনা বা পৰীক্ষামূলক ব্যৱস্থা আৰম্ভ হোৱা নাই । ভাৰতত ঘৰুৱা ব্ৰডবেণ্ড ইণ্টাৰনেট সংযোগ 1 জিবিপিএছ পৰ্যন্ত সমৰ্থিত, আৰু কৰ্পৰেট সংস্থাসমূহে অধিক গতিৰ প্ৰৱেশ লাভ কৰে । এই সীমা কিছু সময়ৰ বাবে থাকিব বুলি আশা কৰা হৈছে, কিয়নো গিগাবিটৰ গতিৰ বাহিৰৰ গতিৰ পৰ্যাপ্ত চাহিদা নাই ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.