ট্ৰেণ্ডত Nano Banana: কেনেকৈ সহজে সৃষ্টি কৰিব পাৰি এইধৰণৰ ছবি
বৰ্তমান Nano Banana ৰ ট্ৰেণ্ড সমগ্ৰ ছ’চিয়েল মিডিয়াত । গুগলৰ জেমিনী 2.5 ফ্লেছ ইমেজ টুলে ছবিখনক 3D লৈ ৰূপান্তৰিত কৰে ।

Published : September 12, 2025 at 4:22 PM IST
হায়দৰাবাদ: AI প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিছে । বৰ্তমান সমগ্ৰ দেশতে ট্ৰেণ্ডিং হৈ আছে গুগলৰ জেমিনি 2.5 ফ্লেছ ইমেজ টুল । ঘিবলীৰ পাচত ট্ৰেণ্ডলৈ আহিছে Nano Banana, যাৰ সহায়ত তৈয়াৰ কৰিব পৰা যায় আকৰ্ষণীয় ছবি । যেনে কোনো ব্যক্তিৰ ছবি আপলোড কৰি '3D statue' লিখি নিৰ্দেশ দিলে ই আকৰ্ষণীয় ছবি সৃষ্টি কৰে । গুগলে 2025 চনৰ আগষ্ট মাহত এই Nano Banana টো মুকলি কৰিছিল । বৰ্তমান এই Nano Banana টো ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ পৰিছে ।
20 কোটি ফটো সম্পাদনা কৰা হৈছে
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও এই ট্ৰেণ্ড অনুসৰণ কৰিছিল । তেওঁ নিজৰ x একাউণ্টত নিজৰ 3D ছবি শ্বেয়াৰ কৰি নৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছিল । বৰ্তমান এই ট্ৰেণ্ডটো বলীউডতো জনপ্ৰিয় হৈ উঠা দেখা গৈছে ।

কেৱল চেলিব্ৰিটিয়েই নহয়, আনকি সাধাৰণ মানুহেও নিজৰ লগতে পোহনীয়া জীৱ-জন্তুৰ ছবি আদিও Nano Banana ৰ জৰিয়তে সৃষ্টি কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । ইনষ্টাগ্ৰাম, টিকটক আৰু X ত ব্যৱহাৰকাৰীয়ে হাজাৰ হাজাৰ পোষ্ট কৰি আছে । এসপ্তাহত এক কোটি নতুন ব্যৱহাৰকাৰীয়ে গুগল জেমিনী এপ ব্যৱহাৰ কৰাৰ লগতে 20 কোটি ফটো সম্পাদনা কৰা হৈছে ।
Nano Banana ইমেজ টুলৰ সফলতাৰ ৰহস্য
ইয়াৰ সৰলতা আৰু সৃষ্টিশীলতা । য'ত পূৰ্বতে থ্ৰীডি মডেলিঙৰ বাবে ব্যয়বহুল ছফট্ ৱেৰ আৰু বিশেষজ্ঞতাৰ প্ৰয়োজন হৈছিল, এতিয়া আপুনি মাত্ৰ এটা ফটো আৰু এটা প্ৰমপ্টৰ প্ৰয়োজন । Nano Banana সঁজুলিয়ে ছবিসমূহত এটা SynthID ৱাটাৰমাৰ্ক যোগ কৰে, যিয়ে AI-উৎপন্ন বিষয়বস্তু চিনাক্ত কৰাত আৰু অপব্যৱহাৰ প্ৰতিৰোধ কৰাত সহায় কৰে ।
3D ফটো কেনেকৈ বনাব পাৰি
এই ভাইৰেল ট্ৰেণ্ডত যোগদান কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব লাগিব ।
- Google AI Studio ৱেবছাইট চাওক: Google AI Studio লৈ যাওক ।
- 'Nano Banana' সন্ধান কৰক ।
- এটা স্বনিৰ্বাচিত মূৰ্তি সৃষ্টি কৰক: আপোনাৰ ফটো বা প্ৰমপ্ট আপলোড কৰিবলৈ '+' বুটাম ক্লিক কৰক । এই ইংৰাজীখিনি উক্ত অংশত লিখি দিয়ক
(Create a 1/7 scale commercialized figurine of the characters in the picture, in a realistic style, in a real environment. The figurine is placed on a computer desk. The figurine has a round transparent acrylic base, with no text on the base. The content on the computer screen is a 3D modeling process of this figurine. Next to the computer screen is a toy packaging box, designed in a style reminiscent of high-quality collectible figures, printed with original artwork. The packaging features two-dimensional flat illustrations.)
- ডাউনলোড আৰু শ্বেয়াৰ কৰক: বিচৰা ৰূপটো সাজু হ’লেই ডাউনলোড কৰি ছ’চিয়েল মিডিয়াত বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক ।
যদিও সঁজুলিটো বিনামূলীয়া, কিছুমান প্ৰিমিয়াম বৈশিষ্ট্যৰ বাবে এটা ছাবস্ক্ৰিপচনৰ প্ৰয়োজন হ'ব পাৰে । এই ট্ৰেণ্ডটোৱে এআইৰ সৃষ্টিশীলতা বৃদ্ধি কৰিছে আৰু ভৱিষ্যতে এনে আৰু নতুন বৈশিষ্ট্য আহিব বুলি আশা কৰা হৈছে ।

কেনেদৰে সৃষ্টি কৰিব প্ৰম্টটো
- Create a 1/7 scale commercialized figurine of the characters in the picture, in a realistic style, in a real environment. The figurine is placed on a computer desk. The figurine has a round transparent acrylic base, with no text on the base. The content on the computer screen is a 3D modeling process of this figurine. Next to the computer screen is a toy packaging box, designed in a style reminiscent of high-quality collectible figures, printed with original artwork. The packaging features two-dimensional flat illustrations.
লগতে পঢ়ক
গুগলে মুকলি কৰিলে Gemini 2.5 Flash Image; জানক বৈশিষ্ট্যবোৰৰ বিষয়ে
Google photos: এতিয়াৰে পৰা মৌখিক নিৰ্দেশনাৰ জৰিয়তেও কৰিব পাৰিব ফটো এডিটিং
ChatGPT ক প্ৰত্যাহ্বান জনাবলৈ এপলে সাজু কৰিছে ‘Answer Engine’: কি এই Answer Engine ?

