লেখিকা- সিন্ধু টি
হায়দৰাবাদ: ঋতুস্ৰাৱ হৈছে সকলো মহিলাৰ হোৱা এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ প্ৰতি মাহে হয় বাবে ইয়াক মাহেকীয়া বুলি কোৱা হয় ৷ এইসময়ছোৱাত প্ৰতিগৰাকী মহিলাই বহু শাৰীৰিক-মানসিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ আনকি বহুসময়ত ভ্ৰমণকে ধৰি আন বহু পৰিকল্পনা ঋতুচক্ৰক লক্ষ্য কৰি মহিলাসকলে যুগুত কৰে, যাতে গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ বা পৰিকল্পনা সাকাৰ হোৱাৰ সময়ত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় ৷ মহিলা মহাকাশচাৰীসকলৰ বাবেও এইক্ষেত্ৰত কোনো ব্যতিক্ৰম নাই । 8 দিনৰ বাবে গৈ মহাকাশত 9 মাহ পৰ্যন্ত আৱদ্ধ হ’বলগীয়া হোৱাত মহাকাশচাৰী সুনীতা উইলিয়ামছে সেই বিশেষ পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিছিল তথা মহাকাশত মহিলাসকলৰ মাহেকীয়া হয়নে জাতীয় বিভিন্ন প্ৰশ্নই সৰ্বসাধাৰণৰ মনত খুদৱনি তুলিছিল ৷ এই সন্দৰ্ভত আজিৰ এই প্ৰতিবেদন---
মহাকাশ অন্বেষণৰ আৰম্ভণিৰ দিনবোৰত মাইক্ৰ’গ্ৰেভিটিত ঋতুস্ৰাৱে কেনেকৈ কাম কৰিব সেই সম্পৰ্কে যথেষ্ট অনিশ্চয়তা আছিল । আচলতে মহিলা মহাকাশচাৰীসকলক প্ৰথম অৱস্থাত মহাকাশ অভিযানৰ পৰা বাদ দিয়া হৈছিল ৷ কাৰণ বিজ্ঞানীসকলে নিশ্চিত নাছিল যে তেওঁলোকে কক্ষপথত মাহেকীয়াৰ সৈতে কেনেকৈ মোকাবিলা কৰিব । 1983 চনৰ জুন মাহত সেই দৃষ্টিভংগীৰ সলনি হৈছিল, কাৰণ মহাকাশ ভ্ৰমণ কৰিছিল চেলি ৰাইডে যি প্ৰথমগৰাকী আমেৰিকান মহিলা মহাকাশচাৰী হিচাপে পৰিগণিত হৈছিল ।

ছয়দিনীয়া মিছনৰ পৰা উভতি আহোঁতে সাংবাদিকসকলে তেওঁক সোধা প্ৰশ্নবোৰৰ ভিতৰত অন্যতম আছিল, “আপুনি মহাকাশত মাহেকীয়াৰ সৈতে কেনেকৈ মোকাবিলা কৰিছিল ?” চেলি ৰাইডে মহাকাশ ভ্ৰমণৰ বাবে টেম্পন পেক কৰিছিল বুলি জনায়, যিয়ে প্ৰমাণ কৰিছিল যে মহাকাশত ঋতুস্ৰাৱ পৰিচালনা কৰাটো সম্ভৱ । এন পি জে মাইক্ৰ’গ্ৰেভিটিত প্ৰকাশিত এক অধ্যয়ন অনুসৰি বৰ্তমান বহু মহিলা মহাকাশচাৰীয়ে মহাকাশত থকাৰ সময়ত মাহেকীয়া নিয়ন্ত্ৰণ কৰাটো বাছি লয় ।
মাইক্ৰ’গ্ৰেভিটিয়ে ঋতুস্ৰাৱত প্ৰভাৱ পেলায় নেকি ?
প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ বৰ্ষা জৈনে নিশ্চিত কৰিছে যে মহাকাশতো ঋতুস্ৰাৱ পৃথিৱীৰ দৰেই হয় । মাইক্ৰ’গ্ৰেভিটিত পিৰিয়ড সমস্যাজনক হ’ব বুলি কোনো চিকিৎসাজনিত কাৰণ নাই ।
RISAA IVF ৰ জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ৰীতা বক্ষীয়ে এই সন্দৰ্ভত কয়, “কিছুমান লোকে ধৰি লৈছে যে শূন্য মাধ্যাকৰ্ষণ শক্তিত ঋতুস্ৰাৱৰ তেজ তললৈ নগৈ ওপৰলৈ বৈ যাব । কিন্তু অধ্যয়ন আৰু মহাকাশচাৰীৰ অভিজ্ঞতাই নিশ্চিত কৰিছে যে শৰীৰে মহাকাশতো পৃথিৱীৰ দৰেই কাম কৰে । মাইক্ৰ’গ্ৰেভিটিৰ পৰিৱেশে ঋতুচক্ৰত বাধা নিদিয়ে ।”

মহাকাশচাৰীসকলে মহাকাশত নিজৰ মাহেকীয়াৰ সময়সীমা কেনেকৈ চম্ভালে?
বেছিভাগ মহিলা মহাকাশচাৰীয়ে মহাকাশত থকাৰ সময়ত জন্ম নিয়ন্ত্ৰণৰ বড়ি বা গৰ্ভাশয়ৰ ভিতৰৰ যন্ত্ৰ (IUD) ব্যৱহাৰ কৰি মাহেকীয়া দমন কৰিবলৈ বাছি লয় । ইয়াৰ ফলত তেওঁলোকে মহাকাশৰ সীমিত পৰিৱেশত ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা পৰিচালনাৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ সুবিধা হয় ।
যিসকলে পিৰিয়ড নিয়ন্ত্ৰণৰ পথ বাছি লোৱা নাই, তেওঁলোকে পৃথিৱীত ব্যৱহাৰ কৰা ধৰণে টেম্পন, চেনিটেৰী পেড বা ঋতুস্ৰাৱৰ কাপৰ দৰে ঋতুস্ৰাৱৰ সামগ্ৰী ব্যৱহাৰ কৰে । টেম্পন সৰু, ব্যৱহাৰ কৰাত সহজ আৰু এবাৰ ব্যৱহাৰযোগ্য হোৱাৰ বাবে প্ৰায়ে ই প্ৰথম পছন্দ হোৱা দেখা যায় ।
মহাকাশচাৰীসকলে কি কি ঋতুস্ৰাৱৰ সামগ্ৰী ব্যৱহাৰ কৰে?
মহাকাশচাৰীসকলে পৃথিৱীত ব্যৱহৃত একেধৰণৰ ঋতুস্ৰাৱৰ সামগ্ৰীৰ সুবিধা লাভ কৰে ৷ য'ত আছে: চেনিটেৰী পেড, টেম্পন, ঋতুস্ৰাৱৰ কাপ ৷ টেম্পন এটা জনপ্ৰিয় পছন্দ কাৰণ ই কমপেক্ট, কঢ়িয়াই নিয়াত সহজ আৰু সহজে পেলাব পাৰি । নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেশ্যন (এন চি বি আই)ৰ দ্বাৰা প্ৰকাশিত এক অধ্যয়ন অনুসৰি মহাকাশ অভিযানৰ সময়ত বেছিভাগ মহাকাশচাৰীয়ে ঋতুচক্ৰ স্থগিত ৰাখিবলৈ হৰম’ন গৰ্ভনিৰোধৰ ওপৰত নিৰ্ভৰ কৰে ।
মহাকাশযানত আৱৰ্জনা নিষ্কাশনৰ প্ৰত্যাহ্বানৰ ওজনৰ কঠোৰ সীমা আছে, যাৰ বাবে অপ্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই নিয়াটো অসম্ভৱ হৈ পৰিছে । প্ৰতিটো সম্পদ বিশেষকৈ পানীক মহাকাশ কেন্দ্ৰত সযতনে পৰিচালিত আৰু পুনঃব্যৱহাৰ কৰা হয় । উদাহৰণস্বৰূপে মহাকাশচাৰীৰ প্ৰস্ৰাৱ প্ৰক্ৰিয়াকৰণ কৰি বিশুদ্ধ কৰি খোৱাপানীত পৰিণত কৰা হয় । কিন্তু ঋতুস্ৰাৱৰ তেজ য’ত যথেষ্ট আৱৰ্জনা থাকে, সেই তেজ সহজে পুনঃব্যৱহাৰযোগ্য নহয় । মহাকাশত থকাৰ সময়ত বহু মহিলা মহাকাশচাৰীয়ে মাহেকীয়া দমন কৰিবলৈ বাছি লোৱাৰ আন এটা কাৰণ এইটোৱেই ।
মহাকাশ ভ্ৰমণত ঋতুস্ৰাৱৰ ভৱিষ্যত মহাকাশ সংস্থাসমূহে মংগল গ্ৰহলৈ সম্ভাৱ্য ভ্ৰমণকে ধৰি দীঘলীয়া অভিযানৰ পৰিকল্পনা কৰাৰ লগে লগে মহাকাশত পিৰিয়ড কেনেকৈ পৰিচালনা কৰিব লাগে সেই বিষয়ে বুজাটো ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে । গৱেষণাই এনে নতুন সমাধানৰ সন্ধান অব্যাহত ৰাখিছে যিয়ে মহিলা মহাকাশচাৰীসকলক তেওঁলোকৰ ঋতুচক্ৰৰ চিন্তা নকৰাকৈ মহাকাশত আৰামত কাম কৰাত সহজ কৰি তোলে ।
এতিয়াৰ বাবে এটা কথা নিশ্চিত যে পিৰিয়ড মহাকাশ ভ্ৰমণৰ ক্ষেত্ৰত বাধা নহয়, আৰু সঠিক প্ৰস্তুতিৰ দ্বাৰা মহিলা মহাকাশচাৰীসকলেও নিজৰ অভিযানসমূহ পুৰুষ সমকক্ষসকলৰ দৰেই ফলপ্ৰসূভাৱে সম্পন্ন কৰিব পাৰে ।
লগতে পঢ়ক