মহাকাশচাৰীয়ে কেনেকৈ খায়, কেনেকৈ শোৱে, কেনেদৰে সময় কটায় ? আকাশৰ পৰা জনালে শুভাংশু শুক্লাই
প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰীয়ে আই এছ এছত উপস্থিত হোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে কৰিলে মত বিনিময় ।

Published : July 4, 2025 at 6:51 PM IST
লক্ষ্ণৌ: মহাকাশচাৰীসকলে ক’ত খায়, তেওঁলোকে ক’ত শোৱে বা মহাকাশলৈ যাবলৈ কিমান পঢ়া-শুনা কৰাৰ প্ৰয়োজন আদি বিভিন্ন বিষয়ত লক্ষ্ণৌৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত থকা মহাকাশচাৰী সুধাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে ।
ইছৰোৰ বিদ্যাৰ্থী সংবাদ কাৰ্যসূচীৰ অংশ হিচাপে কাণপুৰ পথৰ চিটী মোটেছৰী স্কুলৰ প্ৰেক্ষাগৃহত শুক্ৰবাৰে মহাকাশ কাৰ্যসূচীৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আয়োজন কৰা হয় এই অনুষ্ঠান । এই মত বিনিময়ৰ সময়ত প্ৰায় ৩০০ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে আই এছ এছৰ সজীৱ আভাস লাভ কৰে ।
দ্বাদশ শ্ৰেণীৰ ছাত্ৰ অমিত, সোহেইল, অনুজ আৰু প্ৰিয়ংকাই কয় যে তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁলোকে এজন মহাকাশচাৰীৰ সৈতে মুখামুখিকৈ মত-বিনিময় কৰিব পাৰিব । তেওঁলোকে কয় যে এইটো তেওঁলোকৰ জীৱনৰ আটাইতকৈ বিশেষ দিন । এইটো এটা প্ৰেৰণাদায়ক অভিজ্ঞতা যি তেওঁলোকৰ লগত আজীৱন থাকিব আৰু মহাকাশলৈ যোৱাৰ সপোনক জাগ্ৰত কৰিব বুলি তেওঁলোকে কয় ।

এই আদান-প্ৰদানৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে শুক্লাক তেওঁ নিজকে কেনেকৈ মহাকাশত ফিট কৰি ৰাখে জানিব বিচাৰে । যাৰ উত্তৰত শুক্লাই কয় যে তেওঁ যোগ আৰু ব্যায়ামৰ জৰিয়তে নিজকে ফিট কৰি ৰাখিবলৈ সক্ষম । তেওঁ লগতে কয় যে তেওঁলোকে দীৰ্ঘদিন ধৰি অবিৰতভাৱে অনুশীলন কৰি আছিল, যাৰ বাবে তেওঁলোকে এই পৰিৱেশৰ লগত নিজকে খাপ খুৱাবলৈ সক্ষম হৈছে ।
একাংশ ছাত্ৰ-ছাত্ৰীয়ে মহাকাশৰ পৰা পৃথিৱী বিশেষকৈ ভাৰতখন কেনেকুৱা দেখা যায় বুলি প্ৰশ্ন কৰে ।
অনুষ্ঠানটো সম্পূৰ্ণ গোপনীয় কৰি ৰখা হৈছিল । সংবাদ মাধ্যমক নিমন্ত্ৰণ কৰা হোৱা নাছিল আৰু ছাত্ৰ-ছাত্ৰীৰ বাছনিৰ বিষয়ে কোনো পূৰ্বৰ তথ্য দিয়া হোৱা নাছিল । এই কাৰ্যসূচীৰ তথ্য ৰাজহুৱা নকৰিবলৈ অংশগ্ৰহণকাৰীসকলৰ অভিভাৱকসকলক স্পষ্ট নিৰ্দেশনা দিয়া হৈছিল ।

