ETV Bharat / technology

11.90 লাখ টকা আৰম্ভণি মূল্যত হোণ্ডাই মুকলি কৰিলে প্ৰথমখন মেক্সি দুচকীয়া - Honda X-ADV

হোণ্ডা মটৰ চাইকেলে মুকলি কৰিলে কোম্পানীটোৰ প্ৰথমখন মেক্সি দুচকীয়া Honda X-ADV ৷ ইয়াৰ আৰম্ভণি মূল্য 11.90 লাখ টকা (এক্স-শ্বৰুম) ৷

honda-x-adv-750-launched-in-india-price-features-specifications-and-more
11.90 লাখ টকা আৰম্ভণি মূল্যত হোণ্ডাই মুকলি কৰিলে প্ৰথমখন মেক্সি দুচকীয়া - Honda X-ADV (Honda Motorcycle)
author img

By ETV Bharat Tech Team

Published : May 21, 2025 at 5:22 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ: হোণ্ডা মটৰ চাইকেল আৰু স্কুটাৰ ইণ্ডিয়াই ভাৰতীয় বজাৰত মুকলি কৰিছে ইয়াৰ প্ৰথমখন মেক্সি স্কুটাৰ হোণ্ডা X-ADV ৷ এই মেক্সি স্কুটাৰখনৰ আৰম্ভণি মূল্য 11.90 লাখ টকা (এক্স-শ্বৰুম) ৷ X-ADV ভাৰতত সম্পূৰ্ণ CBU মডেল হিচাপে মুকলি কৰা হৈছে ৷ লগতে এই দুচকীয়াখন কোম্পানীৰ BihWING শ্ব’ৰুমৰ জৰিয়তে বিক্ৰীৰ বাবে উপলব্ধ হ’ব ৷ এইখন BigWing ৰ চলিত সপ্তাহত দ্বিতীয়টো মুকলি ৷ হোণ্ডা ৰেবেল 500 কিছুদিন পূৰ্বে মুকলি কৰা হৈছিল ৷

হোণডা বিগউইং ডিলাৰশ্বিপত আৰু বিগউইং ৱেবছাইটৰ জৰিয়তে সমগ্ৰ ভাৰততে এই বাইকখনৰ প্ৰি-বুকিং আৰম্ভ হৈছে ৷ ইয়াৰ ডেলিভাৰী আৰম্ভ হ’ব অহা মাহত ৷ কোম্পানীয়ে এই ব’ল্ড দুচকীয়াখন দুটা ৰঙত মুকলি কৰিছে - পাৰ্ল গ্লেয়াৰ হুৱাইট আৰু গ্ৰেফাইট ব্লেক ৷

honda-x-adv-750-launched-in-india-price-features-specifications-and-more
11.90 লাখ টকা আৰম্ভণি মূল্যত হোণ্ডাই মুকলি কৰিলে প্ৰথমখন মেক্সি দুচকীয়া - Honda X-ADV (Honda Motorcycle)

স্কুটাৰখন মুকলি কৰাৰ সন্দৰ্ভত মন্তব্য কৰি হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক, সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া চুটছুমু অটানীয়ে কয়, “হোণ্ডাত আমি মটৰ চাইকেল চলোৱাৰ অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰাৰ বাবে নীতি-নিয়মসমূহক অহৰহ প্ৰত্যাহ্বান জনাইছো । এক্স-এডিভি হৈছে উদ্ভাৱন আৰু ডিজাইন বিৱৰ্তনৰ এক বিবৃতি – যিটো মেচিনে দুঃসাহসিক আৰু নগৰীয়া গতিশীলতাৰ মাজৰ সীমা ভংগ কৰে ।”

হোণ্ডা এক্স-এডিভিৰ ডিজাইন

হোণ্ডা মটৰ চাইকেলে এক্স-এডিভিক ক্ৰছ অভাৰ মেক্সি স্কুটাৰ বুলি বৰ্ণনা কৰিছে যিয়ে এজন এডভেঞ্চাৰ ট্যুৰাৰৰ ৰুক্ষতা আৰু এজন নগৰীয়া যাতায়তৰ আড়ম্বৰৰ মিশ্ৰণ ঘটায় । ইয়াৰ বিশাল ফ্ৰন্ট এপ্ৰ’নত টুইন এল ই ডি হেডলেম্প ছেটআপ আছে যিয়ে স্কুটাৰখনক তীক্ষ্ণ ৰূপ দিয়ে । এল ই ডি ডেটাইম ৰান লাইট (ডি আৰ এল) আৰু টাৰ্ণ ইনডিকেটৰসমূহ ক্লাষ্টাৰত সংহত কৰা হৈছে ৷

আন আন দৃশ্যমান হাইলাইটসমূহৰ ভিতৰত আছে স্বচ্ছ উইণ্ডস্ক্ৰীণ, নাকল গাৰ্ড আৰু চোকা, কৌণিক বডি পেনেল, স্প্লিট গ্ৰেব ৰেল আৰু আপছুইপড এক্সজেষ্ট । এই মেক্সি স্কুটাৰখনৰ সামগ্ৰিক ডিজাইন পৰিষ্কাৰ, উদ্দেশ্যপ্ৰণোদিত আৰু উপযোগী দেখা গৈছে ।

হোণ্ডা এক্স-এডিভিৰ বৈশিষ্ট্য

ইয়াত উপলব্ধ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে হোণ্ডা এক্স-এডিভিত আছে ইউএছবি টাইপ-চি চাৰ্জিং প’ৰ্ট আৰু 5 ইঞ্চিৰ সম্পূৰ্ণ ৰঙৰ টিএফটি ডিছপ্লে । ইনষ্ট্ৰুমেণ্ট পেনেলত হোণ্ডা ৰোডচিংক এপ সংযোগ আছে, যাৰ ফলত ৰাইডাৰসকলে কল আৰু এছএমএছ এলাৰ্ট লাভ কৰিব পাৰে, টাৰ্ণ বাই টাৰ্ণ নেভিগেচনত প্ৰৱেশ কৰিব পাৰে আৰু সংগীত আৰু ভইচ কমাণ্ড নিয়ন্ত্ৰণ কৰিব পাৰে । ইয়াৰ উপৰিও ইয়াত 22 লিটাৰ আণ্ডাৰচিট ষ্ট’ৰেজ পোৱা যায়, আনহাতে ছিটটো সহজে মাটিত উপনীত হ’ব পৰাকৈ পুনৰ ডিজাইন কৰা হৈছে।

ইয়াৰ আসনত থকা ডাঠ ইউৰেথেন পেডিঙে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সময়ত আৰাম বৃদ্ধি কৰে। এই পাৱাৰট্ৰেইনত ৰাইড-বাই-ৱায়াৰ থ্ৰ'টল আছে, যিয়ে চাৰিটা নিৰ্বাচনযোগ্য ৰাইডিং মোড - ষ্টেণ্ডাৰ্ড, স্প'ৰ্ট, ৰেইন আৰু গ্ৰেভেল - লগতে এটা কাষ্টমাইজেবল ইউজাৰ মোড প্ৰদান কৰে । সুৰক্ষা আৰু আৰাম দুয়োটাকে বৃদ্ধি কৰি হোণ্ডা এক্স-এডিভিত হোণ্ডা চেলেক্টেবল টৰ্ক কণ্ট্ৰ’ল (এইচএছটিচি) আৰু ক্ৰুজ কণ্ট্ৰ’লৰ দৰে বৈশিষ্ট্যও আছে ।

হোণ্ডা এক্স-এডিভিৰ পাৱাৰট্ৰেইন

honda-x-adv-750-launched-in-india-price-features-specifications-and-more
11.90 লাখ টকা আৰম্ভণি মূল্যত হোণ্ডাই মুকলি কৰিলে প্ৰথমখন মেক্সি দুচকীয়া - Honda X-ADV (Honda Motorcycle)

এই মেক্সি স্কুটাৰৰ ইঞ্জিনৰ কথা ক’বলৈ গ’লে নতুন হোণ্ডা এক্স-এডিভিয়ে 745চিচি, লিকুইড-কুল্ড এছঅ’এইচচি 4-ভালভ পেৰেলেল-টুইন ইঞ্জিন লাভ কৰে, যিয়ে 6750 আৰপিএমত 57.8 বিএইচপি শক্তি আৰু 4750 আৰপিএমত 69 এনএম টৰ্ক উৎপন্ন কৰে । ইয়াৰ সৈতে 6 স্পীড ডুৱেল ক্লাচ ট্ৰেন্সমিছন (ডিচিটি) গিয়াৰবক্স সংযোগ কৰা হৈছে । কোম্পানীটোৱে দাবী কৰিছে যে এই স্কুটাৰখনে ঘণ্টাত সৰ্বোচ্চ 168 কিলোমিটাৰ গতি লাভ কৰিব পাৰে ।

হোণ্ডা এক্স-এডিভিৰ যান্ত্ৰিক স্পেচিফিকেশন

হোণ্ডা এক্স-এডিভিত শক্তিশালী টিউব্যুলাৰ ষ্টীল ফ্ৰেম ব্যৱহাৰ কৰা হৈছে, যিটো পথৰ বিভিন্ন পৰিস্থিতি দৃঢ়তাৰে মোকাবিলা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । ইয়াৰ সন্মুখত 41 মিলিমিটাৰ ইউএছডি (উলটি) ফৰ্ক আছে, আনহাতে পিছফালে মনোশ্বক স্থাপন কৰা হৈছে, যিটো উন্নত আৰামৰ বাবে এডজাষ্টেবল স্প্ৰিং প্ৰিলোডৰ সৈতে আহে । মেক্সি স্কুটাৰখনে সন্মুখত 17 ইঞ্চিৰ চকা পোৱাৰ বিপৰীতে পিছফালে 15 ইঞ্চিৰ তাঁৰ স্প’ক চকা পোৱা যায় ।

ব্ৰেকিঙৰ বাবে মেক্সি স্কুটাৰৰ সন্মুখত 296 মিলিমিটাৰ ডিস্কৰ সৈতে ডুৱেল ৰেডিয়েল-মাউণ্ট 4-পিষ্টন কেলিপাৰ আৰু পিছফালে 240 মিলিমিটাৰ ডিস্কৰ সৈতে একক পিষ্টন কেলিপাৰ পোৱা যায় । ইয়াৰ উপৰিও মেক্সি স্কুটাৰখনৰ দুয়োফালে ডুৱেল চেনেল এবিএছ আছে ।

কি এই মেক্সি স্কুটাৰ ?

honda-x-adv-750-launched-in-india-price-features-specifications-and-more
11.90 লাখ টকা আৰম্ভণি মূল্যত হোণ্ডাই মুকলি কৰিলে প্ৰথমখন মেক্সি দুচকীয়া - Honda X-ADV (Honda Motorcycle)

‘মেক্সি স্কুটাৰ’ যাক ‘ট্যুৰিং স্কুটাৰ’ বুলিও কোৱা হয়, নিয়মীয়া স্কুটাৰতকৈ বৃহৎ ইঞ্জিন (সাধাৰণতে 150CC ৰ পৰা 850CC) আৰু ফ্ৰেমৰ বৈশিষ্ট্যযুক্ত বৃহৎ ধৰণৰ স্কুটাৰ । সাধাৰণ স্কুটাৰৰ তুলনাত মেক্সি স্কুটাৰসমূহ দীঘলীয়া দূৰত্ব আৰু অধিক গতিৰ বাবে ডিজাইন কৰা হৈছে, যাৰ ফলত ই চহৰ অথবা যিকোনো স্থানতে যাতায়তৰ বাবে উপযোগী হোৱাৰ লগতে দীঘলীয়া যাত্ৰাৰ বাবেও উপযোগী ।

লগতে পঢ়ক