ETV Bharat / technology

Honda shine 100: কম মূল্যত উন্নত মাইলেজ প্ৰদান কৰিব পৰা এখন বাইক - HONDA SHINE 100 MILEAGE

বৰ্ধিত পেট্ৰ’লৰ মূল্যৰ বাবে এখন উন্নত মাইলেজ প্ৰদান কৰা বাইক সকলোৰে প্ৰথম পছন্দ ৷ এইক্ষেত্ৰত আপুনি বাচি ল’ব পাৰে হোণ্ডা শ্বাইন 100 ৷

honda-shine-100-the-mileage-king-for-everyday-commuters-comes-with-pocket-price
Honda shine 100: কম মূল্যত উন্নত মাইলেজ প্ৰদান কৰিব পৰা এখন বাইক (Honda)
author img

By ETV Bharat Tech Team

Published : May 14, 2025 at 5:29 PM IST

2 Min Read

হায়দৰাবাদ: দৈনন্দিক জীৱন যাত্ৰাত এখন দুচকীয়াৰ গুৰুত্ব যথেষ্ট আছে ৷ কাৰণ ইয়ে আপোনাৰ সময় ৰাহি কৰাৰ লগতে বহুক্ষেত্ৰত সুবিধাজনক হয় ৷ বৰ্তমান সময়ত 60 কিলোমিটাৰতকৈ অধিক মাইলেজ প্ৰদান কৰা বাইকৰ চাহিদা বৃদ্ধি হোৱা দেখা গৈছে । যদি আপুনিও হোণ্ডা কোম্পানীৰ এখন কম বাজেটৰ উন্নত মাইলেজ প্ৰদান কৰা বাইক কিনাৰ কথা ভাবিছে, তেন্তে হোণ্ডা শ্বাইন 100 আপোনাৰ বাবে এক উত্তম বিকল্প বিবেচিত হ’ব পাৰে ।

ইঞ্জিন

2025 চনৰ হোণ্ডা শ্বাইন 100 ত পুৰণি 98.98 চিচি, এয়াৰ কুলড, একক চিলিণ্ডাৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে যিয়ে 7.38 পিএছ শক্তি আৰু 8.05 এনএম টৰ্ক উৎপন্ন কৰে । ইয়াৰ ইঞ্জিন এতিয়া OBD-2B কম্প্লাইয়েণ্ট । ইঞ্জিনটো আগৰ দৰেই 4 স্পীড গিয়াৰবক্সৰ সৈতে সংযোগ কৰা হৈছে ।

মূল্য

নতুন মূল্যত মুকলি কৰা হৈছে নতুন হোণ্ডা শ্বাইন 100 । ইয়াৰ এক্স শ্ব’ৰুমৰ মূল্য 68,767 টকা, যিটো পূৰ্বতকৈ 1867 টকা অধিক । ভাৰতীয় বজাৰত ই হিৰো এইচ এফ100, হিৰো স্প্লেণ্ডাৰ আৰু বাজাজ প্লেটিনা 100 ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।

বৈশিষ্ট্য

আপডেট কৰা হোণ্ডা শ্বাইন 100 ত পূৰ্বৰ দৰেই টেলিস্কোপিক ফৰ্ক আৰু টুইন শ্বক এবজৰ্বাৰ উপলব্ধ । ই আগৰ দৰেই টিউব টায়াৰৰ সৈতে 17 ইঞ্চিৰ এলয় হুইলত চলিব । ব্ৰেকিঙৰ বাবে ইয়াত চিবিএছ (কম্বাইণ্ড ব্ৰেকিং চিষ্টেম)ৰ সৈতে 130 মিলিমিটাৰ সন্মুখ আৰু 110 মিলিমিটাৰ পিছফালৰ ড্ৰাম ব্ৰেক পোৱা যায় । ইয়াৰ আসনৰ উচ্চতা 786 মিলিমিটাৰ, গ্ৰাউণ্ড ক্লিয়াৰেন্স 168 মিলিমিটাৰ আৰু ওজন মাত্ৰ 99 কিলোগ্ৰাম ।

2025 চনৰ হোণ্ডা শ্বাইন 100 ৰ এনালগ ইনষ্ট্ৰুমেণ্ট কনছ’ল আছে, যিটো হৈছে স্পীড’মিটাৰ, অড’মিটাৰ । সুৰক্ষাৰ কথা মনত ৰাখি বাইকখনত চাইড ষ্টেণ্ড ইঞ্জিন কাট অফ ফিচাৰ লগোৱা হৈছে । এতিয়া OBD-2B আপডেটৰ সৈতে ই অধিক ফ্ৰেইণ্ড্লী হৈ পৰিছে । একে সময়তে নতুন ৰং এটা উপলব্ধ হোৱাৰ ফলত সম্ভাৱ্য ক্ৰেতাৰ মাজত ইয়াৰ আকৰ্ষণ বৃদ্ধি পাব পাৰে ।

ৰং

2025 চনৰ হোণ্ডা শ্বাইন 100 ক’লা, ৰঙা, ক’লা নীলা, ক’লা কমলা, ক’লা ধূসৰ আৰু ক’লা সেউজীয়া ৰঙত উপলব্ধ ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.