হায়দৰাবাদ: হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই 2025 চনৰ হোণ্ডা CB350 ছিৰিজ কেইবাটাও নতুন ৰঙৰ বিকল্পত মুকলি কৰিছে । কোম্পানীটোৰ CB350 ছিৰিজত আছে CB350, CB350 এইচ’নেছ আৰু CB350RS । মন কৰিবলগীয়া যে এই মটৰ চাইকেলসমূহ সমগ্ৰ দেশতে হোণ্ডাৰ বিগউইং ডিলাৰশ্বিপৰ জৰিয়তে বিক্ৰী কৰা হয় ।
হোণ্ডা CB350 ৰ নতুন ৰঙৰ বিকল্প
ষ্টেণ্ডাৰ্ড হোণ্ডা CB350 ৰ কথা ক’বলৈ গ’লে কোম্পানীয়ে ইয়াক পাঁচটা ৰঙৰ বিকল্পত মুকলি কৰিছে, য’ত আছে মেট এক্সিছ গ্ৰে’ মেটালিক, মেট ডুন ব্ৰাউন, ৰেবেল ৰেড মেটালিক, পাৰ্ল ইগনিয়াছ ব্লেক আৰু পাৰ্ল ডিপ গ্ৰাউণ্ড গ্ৰে ৰং । এই ৰঙৰ বিকল্পসমূহ ইয়াৰ দুটা ভেৰিয়েন্টত উপলব্ধ - DLX আৰু DLX Pro, যাৰ মূল্য ক্ৰমে 2.15 লাখ আৰু 2.19 লাখ টকা (এক্স-শ্ব’ৰুম) ।

হোণ্ডা CB350 H'nessৰ ৰঙৰ বিকল্প
ইয়াৰ উপৰিও কোম্পানীটোৱে হোণ্ডা CB350 H'ness তিনিটা ভেৰিয়েণ্টত বিক্ৰী কৰিছে, য’ত আছে ডিএলএক্স, ডিএলএক্স প্ৰ’ আৰু ডিএলএক্স ক্ৰ’ম । কোম্পানীটোৱে ডিএলএক্স ভেৰিয়েন্ট 2.11 লাখ টকাত বিক্ৰী কৰিছে আৰু ইয়াক পাৰ্ল ডিপ গ্ৰাউণ্ড গ্ৰে’ আৰু পাৰ্ল ইগনিয়াছ ব্লেক ৰঙত মুকলি কৰা হৈছে ।
ৰেবেল ৰেড মেটালিক, পাৰ্ল ইগনিয়াছ ব্লেক আৰু পাৰ্ল ডিপ গ্ৰাউণ্ড গ্ৰে’ ৰঙত উপলব্ধ ডি এল এক্স প্ৰ’ৰ মূল্য 2.14 লাখ টকা । ইয়াৰ উপৰিও কোম্পানীটোৱে টপ স্পেক ডিএলএক্স ক্ৰ’ম ভেৰিয়েণ্ট 2.16 লাখ টকাত বিক্ৰী কৰিছে, যিটো এথলেটিক ব্লু মেটালিক, পাৰ্ল ডিপ গ্ৰাউণ্ড গ্ৰে আৰু পাৰ্ল ইগনিয়াছ ব্লেক ৰঙত উপলব্ধ ।

হোণ্ডা CB350 RS ৰ নতুন ৰঙৰ বিকল্প
শেষত হোণ্ডা CB350 RS ৰ কথা ক’বলৈ গ’লে ইয়াক দুটা ভেৰিয়েণ্টত বিক্ৰী কৰা হৈছে, য’ত আছে ডিএলএক্স আৰু ডিএলএক্স প্ৰ’ ভেৰিয়েণ্ট। ইয়াৰ DLX ভেৰিয়েন্টৰ মূল্য 2.16 লাখ টকা, যিটো পাৰ্ল ইগনিয়াছ ব্লেক আৰু পাৰ্ল ডিপ গ্ৰাউণ্ড গ্ৰে ৰঙত উপলব্ধ । একে সময়তে ইয়াৰ ডি এল এক্স প্ৰ’ ভেৰিয়েণ্টৰ মূল্য 2.19 লাখ টকা, যিটো ৰেবেল ৰেড মেটালিক আৰু মেট এক্সিছ গ্ৰে মেটালিক ৰঙত উপলব্ধ ।

হোণ্ডা CB350 ছিৰিজৰ পাৱাৰট্ৰেইন
হোণ্ডা CB350 লাইনআপৰ তিনিওটা মডেলতে 348.36 চিচি, একক চিলিণ্ডাৰ, এয়াৰ কুলড ইঞ্জিন ব্যৱহাৰ কৰা হৈছে যিয়ে 20.78 বিএইচপি শক্তি আৰু 30 এনএম পিক টৰ্ক উৎপন্ন কৰে । এই ইঞ্জিনটো 5 স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে আৰু ইয়াত চপ্পল ক্লাচো আছে ।
লগতে পঢ়ক