লাভা আৰু HMD ৰ সহযোগত শীঘ্ৰেই মুকলি হ’ব D2M প্ৰযুক্তিযুক্ত মোবাইল ফোন
বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত WAVES 2025 ত উপস্থাপন কৰা হ’ব ডাইৰেক্ট-টু-ম’বাইল (D2M) প্ৰযুক্তি ।

Published : April 29, 2025 at 3:45 PM IST
হায়দৰাবাদ: বজাৰত মুকলি হৈছে নিত্য নতুন ফোন ৷ এইবাৰ ইণ্ডিয়ান ব্ৰেণ্ড লাভা আৰু HMD য়েও শীঘ্ৰেই এটা নতুন D2M (ডাইৰেক্ট টু ম’বাইল) ফোন মুকলি কৰিব বুলি জনাইছে ৷ এই ফোনটো D2M ৰ পাৰ্টনাৰশ্বিপত মুকলি কৰা হৈছে আৰু ৷ HMD য়ে এই ঘোষণা কৰিছে বিশ্ব অডিঅ’ ভিজিৱেল আৰু এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) 2025 ৰ পূৰ্বে ৷ এই অনুষ্ঠানটো আগন্তুক 1 মে’ৰ পৰা আৰম্ভ হ’ব মুম্বাইস্থিত জিঅ’ৰ কাৰ্যালয়ত ৷ D2M টেক ব্যৱসায়িকভিত্তিত ভাৰতত কেতিয়া মুকলি হ’ব সেই সন্দৰ্ভত বৰ্তমানেও কোনো তথ্য প্ৰকাশ হোৱা নাই ৷
D2M হৈছে এক অগ্ৰগতিশীল পৰৱৰ্তী প্ৰজন্মৰ সম্প্ৰচাৰ প্ৰযুক্তি যিয়ে ৱাই-ফাই বা ইণ্টাৰনেট সেৱা অবিহনে পোনপটীয়াকৈ মোবাইল ফোনলৈ অ'টিটি আৰু লাইভ টিভি, ভিডিঅ', অডিঅ', আৰু টেক্সট বাৰ্তা প্ৰেৰণ কৰিব পাৰে । এই প্ৰযুক্তি ৰূপায়ণৰ ফলত ভাৰতীয় গ্ৰাহকসকলে এয়াৰৱেভৰ জৰিয়তে পোনপটীয়াকৈ তেওঁলোকৰ মোবাইল ডিভাইচত মনোৰঞ্জন, ক্ৰীড়া, শৈক্ষিক কাৰ্যসূচী আৰু জৰুৰীকালীন সতৰ্কবাণী লাভ কৰিব পাৰিব ।
ইতিমধ্যে কেইবাবছৰ ধৰি আই আই টি কানপুৰ আৰু তেজস নেটৱৰ্কৰ সহযোগত ডি টু এম প্ৰযুক্তিক প্ৰসাৰ ভাৰতীয়ে লাইভ নেটৱৰ্কত ব্যাপক পৰীক্ষণ অব্যাহত ৰাখিছে । এতিয়াও ইয়াৰ বৃহৎ পৰিসৰৰ ক্ষেত্ৰ পৰীক্ষা কৰা হোৱা নাই ।
এইচ এম ডি আৰু লাভাই ভাৰতত WAVES 2025 ৰ সময়ত নিজৰ নিজৰ ডি টু এম ফোন মুকলি কৰিব, ডি টু এম অংশীদাৰৰ সহযোগত, য’ত ফ্ৰীষ্ট্ৰিম টেকন’লজিছ, তেজছ নেটৱৰ্কছ, আৰু সাংখ্যা লেবছ অন্তৰ্ভুক্ত ।
ডি টু এম ফোন নিৰ্মাণৰ ক্ষেত্ৰত এইচ এম ডিয়ে নতুন নেতৃত্ব দিব যদিও তেজস নেটৱৰ্কে এই প্ৰযুক্তি প্ৰদান কৰিব আৰু সাংখ্যা লেবে ফোনত ডি টু এম সক্ষম কৰিবলৈ এছ এল-3000 চিপ আগবঢ়াব । লাভাই কয় যে তেওঁলোকৰ ইন-হাউছ আৰ এণ্ড ডি টিম আৰু তেজস নেটৱৰ্কে সাংখ্যাৰ এছ এল-3000 চিপৰ সৈতে সংযুক্ত আৰু মিডিয়াটেক এম টি 6261 চিপত চলি থকা এটা ফিচাৰ ফোন প্ৰস্তুত কৰিছে । ইয়াত টিভি ৰিচেপচনৰ বাবে ইউএইচএফ এণ্টিনা, ভইচ কলৰ বাবে জিএছএম, 2.8 ইঞ্চিৰ কিউভিজিএ ডিছপ্লে আৰু 2200 এমএএইচ বেটাৰী থাকিব ।
পূৰ্বৰ সাংখ্যা লেবছৰ সহ-প্ৰতিষ্ঠাপক আৰু তেজস নেটৱৰ্কৰ কাৰ্যবাহী উপ-সভাপতি পৰাগ নাইকে কয়, “এই ফোনসমূহ সাংখ্যা লেবছৰ পুৰস্কাৰপ্ৰাপ্ত এছ এল-3000 চিপছেটৰ দ্বাৰা চালিত ।”
এইচ এম ডি ইণ্ডিয়া আৰু এ পি এ চিৰ ভি পি আৰু চি ই অ’ ৰবি কোঁৱৰে কয় যে এইচ এম ডি ডি টু এম যাত্ৰাৰ অংশ হ’বলৈ পাই উৎফুল্লিত । তেওঁ ইয়াক বিশ্বজুৰি এক যুগান্তকাৰী, নিজৰ ধৰণৰ প্ৰথম প্লেটফৰ্ম বুলি অভিহিত কৰে যিয়ে তেওঁলোকৰ গ্ৰাহকসকলক মাল্টিমিডিয়া কন্টেন্টৰ এক বিশাল শৃংখলত প্ৰৱেশ কৰিবলৈ সক্ষম কৰে ।
লাভা ইণ্টাৰনেশ্যনেল লিমিটেডৰ কাৰ্যবাহী সঞ্চালক সঞ্জীৱ আগৰৱালে কয় যে ডি টু এম প্ৰযুক্তিয়ে তেওঁলোকক ইণ্টাৰনেটৰ প্ৰয়োজন নোহোৱাকৈ দুৰ্গম অঞ্চলৰ ব্যৱহাৰকাৰীৰ ওচৰলৈ যাবলৈ সক্ষম কৰিব পাৰে আৰু ইয়াক এক উল্লেখযোগ্য উদ্ভাৱন হিচাপে অভিহিত কৰে যিয়ে নাগৰিকৰ সুৰক্ষা প্ৰদানৰ লগতে নিৰাপত্তা বৃদ্ধি কৰিব ।
লগতে পঢ়ক

