অপৰাধ হ্ৰাস কৰাৰ লক্ষ্যৰে গুৱাহাটী ৰে’ল ষ্টেচনত সংস্থাপিত হ’ল AI চালিত চি চি টিভি কেমেৰা
নিৰাপত্তা ব্যৱস্থা কটকটীয়া আৰু অপৰাধ হ্ৰাস কৰাৰ লক্ষ্যৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত সংস্থাপন কৰা হ’ল এ আই চালিত চিচি কেমেৰা ৷

Published : April 26, 2025 at 5:01 PM IST
গুৱাহাটী, 26 এপ্ৰিল: যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দি গুৱাহাটী ৰে’ল ষ্টেচনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে এ । গুৱাহাটী ৰে’ল ষ্টেচনত সংস্থাপন কৰা হৈছে আধুনিক AI চালিত চিচি কেমেৰা । এতিয়াৰে পৰা এ আই চালিত চিচি কেমেৰাৰ নজৰত থাকিব গুৱাহাটী ৰে’লৱে ষ্টেচন ।
পেনিক বুটামৰ ব্যৱস্থা
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, গুৱাহাটী ৰে’ল ষ্টেচনত 135 টা উন্নতমানৰ এ আই চালিত কেমেৰা সংস্থাপন কৰা হৈছে । গুৱাহাটী ষ্টেচনৰ প্ৰতিটো প্লেটফৰ্ম, জিৰণি কক্ষৰ লগতে গুৱাহাটী ষ্টেচনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ স্থানত এই চি চি টিভি কেমেৰাকেইটা লগোৱা হৈছে । তদুপৰি গুৱাহাটী ষ্টেচনৰ 20 টা স্থানত পেনিক বুটাম লগোৱা হৈছে । এই পেনিক বুটামবোৰৰ সহায়ত কোনো যাত্ৰী অসুবিধাত পৰিলে এই বুটামবোৰ টিপি দিলে ৰে’ল সুৰক্ষা কৰ্মী অৱগত হ’ব আৰু সমস্যাৰ সন্মুখীন হোৱা যাত্ৰীগৰাকীৰ কাষত হাজিৰ হ'ব । 1.3 কোটি টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা আৰম্ভ কৰা হৈছে ।
গুৱাহাটী ষ্টেচনৰ উপৰিও হয়বৰ গাওঁ ষ্টেচনত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই এ আই চালিত কেমেৰা সংলগ্ন কৰা হৈছে । পৰৱৰ্তী সময়ত অসমৰ অন্যান্য স্থানত থকা গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচনবোৰতো এই কেমেৰা সংস্থাপন কৰা হ'ব ।
AI চালিত চি চি কেমেৰাৰ বৈশিষ্ট্য

এ আই কেমেৰাৰ জৰিয়তে কি কি অত্যাধুনিক সুবিধা থাকিব সন্দৰ্ভত ৰে’ল সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, "গুৱাহাটী ষ্টেচনত নতুনকৈ সংস্থাপন কৰা অত্যাধুনিক এই আই চালিত চি চি কেমেৰাবোৰ বহু সুবিধাযুক্ত । কোনো ব্যক্তিয়ে যদি কেমেৰাৰ সন্মুখত 5 ছেকেণ্ডতকৈ অধিক ঘূৰি সন্দেহজনকভাৱে ঘূৰা-ফুৰা কৰি থাকে তেন্তে এই কেমেৰাই লগে লগে সতৰ্কবাণী প্ৰদান কৰিব । লগতে, কোনো ব্যক্তিয়ে যদি কেমেৰাটো ঢাকি দিব বিচাৰে তেতিয়াও ই লগে লগে সতৰ্কতা প্ৰদান কৰিব । ইয়াৰোপৰি, পূৰ্বতে ৰে’ল সুৰক্ষা বাহিনী বা ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধী যদি কেমেৰাৰ সন্মুখেৰে অহা-যোৱা কৰে তেতিয়া লগে লগে কেমেৰা নিৰীক্ষণ কক্ষক ই সতৰ্কবাণী প্ৰদান কৰিব । তদুপৰি এই উন্নতমানৰ কেমেৰাত আছে ব্যক্তি চিনাক্তকৰণ ব্যৱস্থা ।
তদুপৰি, কোনো যাত্ৰীৰ হাতৰ পৰা মোবাইল থাপ মাৰি লৈ যোৱা বা অন্য যিকোনো ধৰণৰ বিপদত পৰিলে গুৱাহাটী ষ্টেচনৰ বিভিন্ন অংশত লগোৱা 20 টা পেনিক বুটাম টিপি দিয়াৰ লগে লগে চাইৰেন বাজিব আৰু লগে লগে ৰে’ল সুৰক্ষা বাহিনী যাত্ৰীগৰাকীৰ কাষত থিয় দিব । এই অত্যাধুনিক ব্যৱস্থা গুৱাহাটী ৰে’ল ষ্টেচনত আৰম্ভ হোৱাৰ লগে লগে অপৰাধমূলক কাৰ্যকলাপ চিনাক্ত কৰাৰ লগতে ইয়াৰ প্ৰকোপ কমিব বুলি সূত্ৰটোৱে আশা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক

