UPI পেমেণ্টৰ দৰেই সহজ হৈ পৰিল আধাৰ কাৰ্ড ভেৰিফিকেশ্যন পদ্ধতি
মুকলি হ’ল নতুন আধাৰ এপ ৷ X যোগে জনালে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷

Published : April 9, 2025 at 10:27 AM IST
হায়দৰাবাদ: কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে আধাৰ কাৰ্ড ব্যৱস্থাক অধিক সুলভ আৰু সুৰক্ষিত কৰাৰ বাবে বহু প্ৰত্যাশিত আধাৰ এপ মুকলি কৰে । কেন্দ্ৰীয় মন্ত্ৰীয়ে X ত ঘোষণা কৰা এই নতুন এপটোত ফেচ আইডি প্ৰমাণীকৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সংমিশ্ৰণেৰে মোবাইল এপ্লিকেচনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ মাজলৈ ডিজিটেল আধাৰ সেৱা আগবঢ়াইছে ।
ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি (UIDAAI)ৰ সহযোগত নিৰ্মিত এই এপটোৱে প্ৰমাণীকৰণৰ বাবে QR ক’ড ভিত্তিক তৎক্ষণাত পৰীক্ষণ আৰু বাস্তৱ সময়ৰ ফেচ আইডিৰ বৈশিষ্ট্য প্ৰদান কৰে । ইয়াৰ ফলত মানুহে ভৌতিক ফটোকপি বা কাৰ্ডখন য’লৈ ত’লৈ কঢ়িয়াই ফুৰাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব । মন্ত্ৰীগৰাকীয়ে আধাৰ ভেৰিফিকেচন UPI পেমেণ্ট কৰাৰ দৰেই সহজ হৈ পৰে বুলিও X যোগে কয় ।
নতুন এই আধাৰ এপটোৰ দ্বাৰা ভাৰতীয়সকল কেনেদৰে লাভৱান হ’ব ?
New Aadhaar App
— Ashwini Vaishnaw (@AshwiniVaishnaw) April 8, 2025
Face ID authentication via mobile app
❌ No physical card
❌ No photocopies
🧵Features👇 pic.twitter.com/xc6cr6grL0
- আধাৰ এপৰ মুকলিৰ লগে লগে ব্যৱহাৰকাৰীয়ে আৰু ভ্ৰমণ, হোটেল চেক-ইন, আনকি বজাৰ কৰাৰ সময়তো আধাৰ কাৰ্ডখন ভৌতিকভাৱে লৈ ঘূৰি ফুৰাৰ প্ৰয়োজন নহ’ব অথবা আধাৰৰ ফটোকপি দিয়াৰ প্ৰয়োজন নহ’ব ।
- অতি সোনকালে এই এপটো বিটা পৰীক্ষণ পৰ্যায়ৰ বাহিৰত আৰু দেশজুৰি ব্যাপকভাৱে কাৰ্যকৰী হ’ব ।
- তেওঁলোকৰ আধাৰৰ ভৌতিক ফটোকপি দেখুওৱাৰ পৰিৱৰ্তে নতুন এপটোৱে ব্যক্তিসকলক QR ক’ড স্কেনৰ পিছত নিজৰ পৰিচয় পৰীক্ষা কৰিব পাৰিব ।
- "হোটেল, দোকান বা ভ্ৰমণৰ সময়ত আধাৰ ফটোকপি কৰ্তৃপক্ষক দিয়াৰ প্ৰয়োজন নাই । আধাৰ এপটো ব্যৱহাৰকাৰীৰ সন্মতি সাপেক্ষেহে সুৰক্ষিত আৰু শ্বেয়াৰ কৰিব পৰা যায় । 100 শতাংশ ডিজিটেল আৰু সুৰক্ষিত ।"
- নতুন আধাৰ এপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে কেৱল প্ৰয়োজনীয় তথ্যহে শ্বেয়াৰ কৰিব পাৰিব, যাৰ ফলত তেওঁলোকে নিজৰ ব্যক্তিগত তথ্যৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিব ।
ভেৰিফিকেচন ইউপিআই পেমেণ্টৰ দৰেই সহজ হ’ব
- ফেচ আইডি ভিত্তিক প্ৰমাণীকৰণৰ উপৰিও নতুন আধাৰ এপটোৱে QR ক’ড ভেৰিফিকেচন বৈশিষ্ট্যও আগবঢ়াব, যাৰ ফলত আধাৰ ভেৰিফিকেচন দ্ৰুত আৰু অধিক কাৰ্যক্ষম হ’ব ।
- ভাৰতত প্ৰায় প্ৰতিটো পেমেণ্ট পইণ্টতে যেনেকৈ ইউপিআই পেমেণ্ট QR ক’ড ব্যাপকভাৱে উপলব্ধ, আধাৰ ভেৰিফিকেচন QR ক’ডো অতি সোনকালে ‘প্ৰমাণীকৰণৰ পইণ্ট’ত উপলব্ধ হ’ব ।
- মানুহে নতুন আধাৰ এপ ব্যৱহাৰ কৰি কেৱল QR ক’ডটো স্কেন কৰিব পাৰে আৰু তেওঁলোকৰ পৰীক্ষা নিমিষতে সম্পন্ন হ’ব । আইডিটো ফটোকপিৰ পৰা নহয়, ব্যক্তিৰ ফোনটোৰ পৰা পোনপটীয়াকৈ নিৰাপদে শ্বেয়াৰ কৰা হয় ।
লগতে পঢ়ক
AI ৰ অপব্যৱহাৰ: ChatGPT ৰ জৰিয়তে নিখুঁতভাৱে প্ৰস্তুত হৈ আছে ভুৱা আধাৰ, পান কাৰ্ড
চাইবাৰ অপৰাধৰ সংখ্যা হ্ৰাস কৰিবলৈ দূৰসংযোগ মন্ত্ৰণালয়ৰ সৈতে হাত মিলালে WhatsApp এ
1 এপ্ৰিলৰ পৰা এইসমূহ নম্বৰৰ সৈতে সংযোগ হৈ থকা বেংক একাউণ্টৰ বন্ধ হৈ পৰিব UPI সেৱা !

