হায়দৰাবাদ: সামৰিক অভিযানত শক্তি বহুগুণক হিচাপে কৃত্ৰিম বুদ্ধিমত্তা (AI) এক নতুন ভূমিকা বিশেষজ্ঞসকলে কল্পনা কৰিছে । শিক্ষাৰ্থীৰ এটা দলে সন্ত্ৰাসবাদ বিৰোধী ৰাইফলৰ প্ৰট’টাইপ ডিজাইন কৰি এই কথা প্ৰমাণ কৰিছে, যিয়ে লক্ষ্য অনুভৱ কৰাৰ লগে লগে কোনো মানৱীয় প্ৰচেষ্টা নকৰাকৈয়ে লক্ষ্যত আঘাত কৰিব পাৰে ।
গিদাৰ ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড মেনেজমেণ্ট (আই টি এম)ৰ এ আই আৰু মেচিন লাৰ্নিং বিভাগৰ বি টেকৰ ছাত্ৰ অংশিত শ্ৰীবাস্তৱ, আদৰ্শ কুমাৰ, অভিজিত পাণ্ডে, সত্যম ছাইনী আৰু আয়ুষ পাণ্ডেৰ এটা দলে এই প্ৰ’ট’টাইপটোৰ ডিজাইন কৰিছে । এই বন্দুকটোৱে প্ৰতিৰক্ষা বাহিনীৰ আক্ৰমণৰ ক্ষমতাক সুৰক্ষা প্ৰদানৰ লগতে শক্তি প্ৰদান কৰিব পাৰে বুলি ইয়াৰ প্ৰস্তুতৰ সৈতে জড়িত শিক্ষাৰ্থীসকলে অনুভৱ কৰিছে ।
শেহতীয়াকৈ পহলগাম আক্ৰমণৰ দৰে পৰিস্থিতিত এনে বন্দুক অতি ফলপ্ৰসূ হ’ব পাৰে বুলি কয় দলটোৰ অংশিত শ্ৰীবাস্তৱে । পৰ্যটকক আক্ৰমণ কৰা উগ্ৰপন্থীৰ এই আক্ৰমণৰ পিছতহে এনে অস্ত্ৰৰ প্ৰয়োজনীয়তা আৰু বেছি হৈ পৰিছে বুলিও কয় ছাত্ৰগৰাকীয়ে ।
তেওঁ কয়, "আমি এই প্ৰ'ট'টাইপটো নিৰ্মাণৰ বাবে এটা অটোমেটিক ট্ৰিগাৰ, চাৰিটা ভিন্ন চেন্সৰ, এটা কেমেৰা, এটা ৰাস্পবেৰী পাই, ষ্টীল আৰু অন্যান্য ধাতু ব্যৱহাৰ কৰিছো । এই বন্দুকটোৰ লক্ষ্য 360 ডিগ্ৰী ট্ৰেচ কৰি ইয়াক আক্ৰমণ কৰাৰ ক্ষমতা আছে ।"
তেওঁৰ সতীৰ্থ আদৰ্শ কুমাৰে কয় যে দলটোৱে আই টি এমৰ ইনোভেচন চেলত কেইবামাহো ধৰি এনে অস্ত্ৰ নিৰ্মাণৰ কাম কৰি আহিছে । এই সামগ্ৰীটো প্ৰস্তুত কৰিবলৈ আমাক আঠ মাহ সময় লাগিছিল, আৰু খৰচ হৈছিল 2.5 লাখ টকা । যি পৰিস্থিতিত উগ্ৰপন্থীয়ে নিজৰ লক্ষ্যত আক্ৰমণ কৰাৰ পিছত মানুহৰ ভিৰৰ মাজত লুকাই থকাৰ প্ৰৱণতা থাকে, তেনে পৰিস্থিতিত ই অতি ফলপ্ৰসূ । এনে পৰিস্থিতিত তেওঁলোকৰ স্থান নিৰ্ণয় কৰাটো অতি কঠিন ।"
অধিক ব্যাখ্যা কৰি তেওঁ কয়, “শত্ৰুক লক্ষ্য কৰি ল’বলৈ মানুহৰ প্ৰচেষ্টাৰ প্ৰয়োজন নহয় বাবে আমি ইয়াৰ নাম ‘এন্টি-টেৰ’ৰিষ্ট AI গান’ ৰখা হৈছে । এই প্ৰযুক্তি ইমানেই উন্নত যে চিগনেল জেমাৰেও ইয়াত বাধা দিব নোৱাৰে যিহেতু ই AI ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে ।”
অস্ত্ৰৰ গতিবিদ্যাৰ বিষয়ে ব্যাখ্যা কৰি সত্যম ছাইনীয়ে কয়, “এই ৰাইফলত সংস্থাপন কৰা ডাটা কেমেৰাটোৱে এজন সন্দেহজনক ব্যক্তিৰ ছবি বন্দী কৰি উপলব্ধ ডাটাবেছৰ সৈতে মিলাই দিয়ে ।এবাৰ সন্দেহজনক ব্যক্তিজনক চিনাক্ত হ’লেই তেওঁৰ ওপৰত গুলীচালনা কৰে ।”
দলৰ সদস্য অভিজিৎ পাণ্ডেই আৰু কয় যে আন বিশেষ বৈশিষ্ট্যও আছে যিবোৰ প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে উপযোগী হ’ব ।
তেওঁ বিশদভাৱে কয়, "যিহেতু ই AI ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, গতিকে ইয়াক এনে এটা ঠাইত স্থাপন কৰিব পাৰি য'ত প্ৰতিৰক্ষা কৰ্মীয়ে যাব নোৱাৰে । ইয়াক ৰেডিঅ' সংকেত বা আন সংকেতৰ সহায়ত গুলীয়াই হত্যা কৰিব পাৰি । আটাইতকৈ বিশেষ কথাটো হ'ল ইয়াৰ নিৰ্দিষ্ট প্ৰগ্ৰেমিংৰ বাবে যিকোনো বতৰ বা যিকোনো পৰিস্থিতিত ই কাম কৰিব পাৰে ।"
ইফালে, আইটিএমৰ সঞ্চালক এন কে সিঙে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্ভাৱনৰ শলাগ লৈ তেওঁ কয়, "এই এণ্টি টেৰ'ৰিষ্ট AI গান প্ৰ'ট'টাইপটো প্ৰতিৰক্ষা বাহিনীৰ বাবে এক বৈপ্লৱিক সংযোজন হ'ব । আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰমাণ কৰিছে যে প্ৰযুক্তিৰ আদৰ্শ ব্যৱহাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে অতি ফলপ্ৰসূ হ'ব পাৰে । এই যন্ত্ৰটোৱে শত্ৰুক অতি ক্ষীপ্ৰতাৰে নিৰীক্ষণ, চিনাক্তকৰণ আৰু নিষ্ক্ৰিয় কৰিব পাৰে ।"
বিশেষকৈ প্ৰতিৰক্ষা খণ্ডত এনে ধৰণৰ উদ্ভাৱনে মেক ইন ইণ্ডিয়াৰ পদক্ষেপৰ বাবে এক জোৰদাৰ বুলি অনুভৱ কৰা হৈছে, য’ত অস্ত্ৰ আৰু গোলাবাৰুদ আমদানি কৰাটো অতি ব্যয়বহুল ।
লগতে পঢ়ক