হায়দৰাবাদ: ভাৰতত মুকলি হ’ল Google Pixel 9a । কালি অৰ্থাৎ 19 মাৰ্চৰ দিনা কোম্পানীয়ে এই ফোনটো ভাৰতৰ লগতে বিশ্ব বজাৰত মুকলি কৰিছে । এই ফোনত প্ৰচেছৰৰ বাবে Tensor G4 চিপছেট আছে । গুগলেও একেটা চিপছেটেৰে যোৱা বছৰ গুগল পিক্সেল 9 মুকলি কৰিছিল ।
এই ফোনটোৰ পিছফালে 48 MP ৰ ৰিয়াৰ কেমেৰা দিয়া হৈছে । চাৰিটা ৰঙত মুকলি কৰা হৈছে Pixel 9A । ফোনটোত 5100mAh বেটাৰী আছে, যাৰ বাবে কোম্পানীটোৱে দাবী কৰিছে যে এই ফোনটোৱে এটা চাৰ্জতে 30 ঘন্টাতকৈ অধিক বেটাৰী বেকআপ দিব । গুগলৰ এই নতুন ফোনটো গুগলৰ নিজা অপাৰেটিং চিষ্টেম এণ্ড্ৰইড 15 ত চলি আছে । কোম্পানীয়ে সাত বছৰ পৰ্যন্ত দীৰ্ঘ সময়ৰ বাবে অপাৰেটিং চিষ্টেম আৰু ছিকিউৰিটি আপডেট প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ।
ভাৰতত গুগল পিক্সেল 9a একক ভেৰিয়েন্টত মুকলি কৰা হৈছে, য’ত আছে 8GB ৰেম আৰু 256G ষ্ট’ৰেজ । এই একক ভেৰিয়েন্টৰ মূল্য 49,999 টকা । কোম্পানীটোৱে এই ফোনটো Iris, Obsidian, Peony আৰু Porcelain ৰঙৰ বিকল্পত মুকলি কৰিছে । গুগলে প্ৰকাশ কৰিছে যে এই ফোনটো এপ্ৰিল মাহত ভাৰতত বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব । গুগলে নিজৰ খুচুৰা অংশীদাৰৰ জৰিয়তে এই ফোনটো বিক্ৰী কৰিব যদিও কোম্পানীয়ে এই ফোনটোৰ বিক্ৰীৰ নিশ্চিত তাৰিখ এতিয়াও ঘোষণা কৰা নাই ।
Google Pixel 9a ৰ বিশেষত্বসমূহ
গুগল পিক্সেল 9A ত ডুৱেল চিম সমৰ্থন প্ৰদান কৰা হৈছে, য’ত থাকিব এখন নেনো আৰু এটা ই-চিম । এই ফোনটো এণ্ড্ৰইড 15 ভিত্তিক অ’ এছত চলিব । কোম্পানীটোৱে জনাইছে যে ইউজাৰসকলে 7 বছৰলৈকে অ’ এছ আৰু ছিকিউৰিটি আপডেট লাভ কৰি থাকিব । এই ফোনত কোম্পানীয়ে 6.3 ইঞ্চিৰ এক্টুয়া (pOLED) স্ক্ৰীণ দিছে, যাৰ ৰিজ’লিউচন 1080x2424 পিক্সেল । এই ফোনটোৰ ৰিফ্ৰেছ ৰেট 60Hzৰ পৰা 120Hzলৈকে। ফোনটোৰ শীৰ্ষ উজ্জ্বলতা 2700 নিট আৰু ফোনটোত কৰ্নিং গৰিলা গ্লাছ 3 প্ৰটেকচন দিয়া হৈছে । গুগল পিক্সেল 9A ত কোম্পানীটোৰ চতুৰ্থ প্ৰজন্মৰ চিপছেট টেনছৰ জি4 আছে, যিটো টাইটান এম2 ছিকিউৰিটিৰ সৈতে আহিছে । এই ফোনত ব্যৱহাৰকাৰীয়ে বাহ্যিক মেমৰি কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে ।
এই ফোনটোৰ পিছফালে কোম্পানীয়ে ফটো আৰু ভিডিঅ’ৰ বাবে 48এমপি বেক কেমেৰা প্ৰদান কৰিছে, যাৰ চেন্সৰৰ আকাৰ 1/2 ইঞ্চি, যিটো অপটিকেল ইমেজ ষ্টেবিলাইজেচন, ক্ল’জড লুপ অটোফ’কাছ আৰু f/1.7 এপাৰচাৰৰ সৈতে উপলব্ধ । ই 8x লৈকে Super Res Zoom সমৰ্থন কৰে । এই ফোনটোৰ দ্বিতীয়টো বেক কেমেৰা 13MP, যিটো আল্ট্ৰা ৱাইড এংগল লেন্সৰ সৈতে আহে আৰু 120 ডিগ্ৰী ফিল্ড অৱ ভিউ সমৰ্থনৰ সৈতে আহে, আনহাতে ইয়াৰ এপাৰচাৰ f/2.2 । এই ফোনত ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 13MP ফ্ৰন্ট কেমেৰা আছে ।
উন্নত বৈশিষ্ট্যযুক্ত কেমেৰা
গুগলে এই ফোনত বহুতো কেমেৰা ফিচাৰ প্ৰদান কৰিছে । ইয়াৰ ভিতৰত আছে মেক্ৰ’ ফ’কাচ, এড মি, নাইট চাইট, ৰিইমেজিন, মেজিক ইৰেজাৰ, বেষ্ট টেক, ফটো আনব্লাৰ আৰু প’ৰ্ট্ৰেইট লাইটৰ দৰে বৈশিষ্ট্য। এই ফোনটোৰ বেক কেমেৰাৰ সহায়ত আপুনি 60fps ত 4K ভিডিঅ’ ৰেকৰ্ড কৰিব পাৰে আৰু ই 5x ডিজিটেল জুমও সমৰ্থন কৰে ।
এই ফোনটোৰ ফ্ৰন্ট কেমেৰাৰ পৰা 30fps ত 4K ভিডিঅ’ ৰেকৰ্ডিং কৰিব পাৰিব। এই ফোনত বহুতো ভিডিঅ’ বৈশিষ্ট্যও প্ৰদান কৰা হৈছে, য’ত আছে অডিঅ’ মেজিক ইৰেজাৰ, মেক্ৰ’ ফ’কাচ ভিডিঅ’, চিনেমেটিক পেন, স্লো-মো (240এফপিএছ), টাইমলেপছ ষ্টেবিলাইজেচন, এষ্ট্ৰ’ফ’ট’গ্ৰাফী টাইমলেপছ, নাইট চাইট টাইমলেপছ, অপটিকেল ভিডিঅ’ ষ্টেবিলাইজেচন, ফিউজড ভিডিঅ’ ষ্টেবিলাইজেচন, আৰু চিনেমেটিক পেন ভিডিঅ’ ষ্টেবিলাইজেচন । কানেক্টিভিটিৰ বাবে এই ফোনত ৫জি, ৪জি এলটিই, ৱাই-ফাই 6ই, ব্লুটুথ 5.3, এনএফচি, জিপিএছ, নেভিচি আৰু ইউএছবি 3.2 টাইপ-চি পৰ্টকে ধৰি বহু বৈশিষ্ট্য আছে । এই ফোনটোত আছে ষ্টেৰিঅ’ স্পীকাৰ আৰু দুটা মাইক্ৰ’ফোন ।
স্পেচিফিকেশ্যন/বৈশিষ্ট্য | বিৱৰণ |
প্ৰচেছৰ | Google Tensor G4 |
ডিজাইন | নতুন আৰু শ্লীক ডিজাইন, ফ্লেট প্ৰফাইল, ঘূৰণীয়া এডজেছ, 6.3 ইঞ্চি একটুৱা ডিছপ্লে’, (2700 নীটছ উজ্জ্বলতা, 120 Hz ৰিফ্লেছ ৰেট) |
ৰং | Peony, iris, porcelain, obsidian |
পিছফালৰ কেমেৰা | 48 MP কেমেৰাৰ সৈতে ডুৱেল ৰিয়াৰ কেমেৰা, 13 সজ আলট্ৰাৱাইড কেমেৰা, মেক্ৰ’ ফ’কাছ |
সমুখৰ কেমেৰা | 13 MP কেমেৰা |
ফ’টোগ্ৰাফী ফিচাৰ | এড মি, বেষ্ট টেক, মেজিক এডিটৰ, মেজিক এৰাইজাৰ, নাইট চাইট, এষ্ট্ৰ’ফট’গ্ৰাফী, নাইট চাইটৰ সৈতে পেনোৰমা |
বেটাৰী | 5100mAh battery |
বেটাৰী লাইফ | 30+ Hours Normal Battery, Extreme Battery Saver ৰ দ্বাৰা 100+ Hours |
ছফটৱেৰ আপডেট | 7 বছৰৰ বাবে OS updates, security updates আৰু Pixel Drops |
পানী আৰু ধূলি প্ৰতিৰোধী | IP68 rating |
Gemini AI | বিল্ট ইন Gemini Nano, Live AI assistant, Gemini Live support |
AI বৈশিষ্ট্য | সন্ধান কৰিবৰ বাবে চাৰ্কল, পিক্সেল ষ্টুডিঅ’, কল এচিষ্ট বৈশিষ্ট্য (Hold For Me, Direct My Call, Call Screen) |
চিকুৰিটী | গুগল ভি পি এন, ফাইণ্ড মাই ডিভাইচ, Car Crash Detection, চুৰি হোৱাৰ পৰা সুৰক্ষা |
অভিভাৱকে নিয়ন্ত্ৰণ কৰিব পৰা বৈশিষ্ট্যসমূহ | Google Family Link, স্কুল টাইম মোড |
মূল্য | 49,999 টকা |
লগতে পঢ়ক