আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2025: ডুডলৰ জৰিয়তে নাৰীৰ অৱদানক সুঁৱৰিলে গুগলে
বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা নাৰীসকলৰ অৱদানক সুঁৱৰি গুগলে সজাইছে 8 মাৰ্চ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ডুডল ৷

Published : March 8, 2025 at 1:29 PM IST
হায়দৰাবাদ: আজি বিশ্বজুৰি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷ টেক জায়াণ্ট গুগলে আজি ডুডলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 2025 উদযাপন কৰিছে । গুগলে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM) ক্ষেত্ৰত মহিলাসকলৰ উল্লেখযোগ্য অৱদানৰ প্ৰতি স্বীকৃতি জনাই এক বিশেষ ডুডল নিৰ্মাণ কৰিছে ।
গুগলে কয় যে ইয়ে বিজ্ঞানৰ প্ৰতি মহিলাৰ অৱদানৰ মাত্ৰ এটা সৰু অংশহে প্ৰতিনিধিত্ব কৰে । টেক জায়ান্টটোৱে কয়, "আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনা নাৰীৰ অৱদান তথা কৃতিত্ব সোঁৱৰা হয় ৷ মহিলাৰ কৃতিত্বই ইতিহাসৰ পাতনিত আমাৰ পৃথিৱীখনক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু তেওঁলোকৰ সামূহিক উজ্জ্বলতাৰ বাবেই আমি আধুনিক পৃথিৱীৰ আশ্চৰ্য অনুভৱ কৰিবলৈ সক্ষম হৈছো ।"
বিশ্বজুৰি মহিলাৰ অৱদানৰ গুৰুত্বক উজ্জ্বল কৰি তুলিবলৈ ৰাষ্ট্ৰসংঘই প্ৰথমবাৰৰ বাবে 1975 চনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসক স্বীকৃতি দিছিল । দিনটোৰ বাবে গুগল ডুডলে STEM ত মহিলাসকলক উজ্জ্বল কৰি তোলাৰ কাৰণ হ’ল এই ক্ষেত্ৰসমূহত তেওঁলোকৰ প্ৰতিনিধিত্ব কম । ইয়াত উল্লেখ কৰা হৈছে যে মহিলাৰ কামে লিংগ সমতাৰ দিশত চলি থকা অগ্ৰগতিক প্ৰতিনিধিত্ব কৰিলেও STEM এনে অন্যতম ক্ষেত্ৰ হৈয়েই আছে য’ত এতিয়াও উল্লেখযোগ্য ব্যৱধান দেখিবলৈ পোৱা গৈছে ।
গুগলে কয় যে বৰ্তমান বিশ্বৰ এছ টি ই এম কৰ্মশক্তিৰ মাত্ৰ 29 শতাংশ মহিলাই প্ৰতিনিধিত্ব কৰে আৰু এই সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাইছে ।
আই ডব্লিউ ডি 2025: কাৰ্যৰ গতি খৰতকীয়া কৰা
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2025 ৰ আনুষ্ঠানিক বিষয়বস্তু হৈছে লিংগ সমতাৰ বাবে "কাৰ্যৰ গতি ত্বৰান্বিত কৰা"। আই ডব্লিউ ডিৰ অফিচিয়েল ছাইটটোৱে কয়, “8 মাৰ্চত আই ডব্লিউ ডি 2025 ৰ বাবে সংহতিৰে আগবাঢ়ি যাওক যাতে #AccelerateAction ত সহায় কৰিব পাৰে ।” ইয়াত ব্যক্তি, গোট আৰু সংস্থাসমূহে কাৰ্য ত্বৰান্বিত কৰাত সহায় কৰিব পৰা তলত দিয়া উপায়সমূহ উপস্থাপন কৰা হৈছে:
- মহিলাক অৰ্থনৈতিকভাৱে সবলীকৰণ কৰা
- বৈচিত্ৰময় প্ৰতিভাক কৰ্মসংস্থাপন, চৰ্চা আৰু বিকাশ ঘটোৱা
- নেতৃত্ব, সিদ্ধান্ত গ্ৰহণ, ব্যৱসায় আৰু STEM ত মহিলা আৰু ছোৱালীক সহায় কৰা
- মহিলা আৰু ছোৱালীৰ প্ৰয়োজনীয়তা পূৰণ কৰিূব পৰা আন্তঃগাঁথনিৰ ডিজাইন আৰু গঠন কৰা
- মহিলা আৰু ছোৱালীক তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে জ্ঞাত সিদ্ধান্ত লোৱাত সহায় কৰা
- বহনক্ষম কৃষি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মহিলা আৰু ছোৱালীক জড়িত কৰা
- মহিলা আৰু ছোৱালীক গুণগত শিক্ষা আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা
- ক্ৰীড়াত মহিলা আৰু ছোৱালীৰ অংশগ্ৰহণ আৰু কৃতিত্বক উন্নীত কৰা
- মহিলা আৰু ছোৱালীৰ সৃষ্টিশীল আৰু কলাত্মক প্ৰতিভাক প্ৰসাৰ কৰা
- মহিলা আৰু ছোৱালীৰ উন্নতিত সহায় কৰা অধিক ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা
লগতে পঢ়ক

