ETV Bharat / technology

10 বছৰ সম্পূৰ্ণ Google Photos ৰ: 1.5 বিলিয়ন ব্যৱহাৰকাৰীৰ বাবে শ্বেয়াৰ কৰিছে বিশেষ ফটো এডিটিং টিপছ - 10 YEARS OF GOOGLE PHOTOS

দশম বৰ্ষত ভৰি দিলে Google Photos এ ৷ দশমসংখ্যক বাৰ্ষিকীত 1.5 বিলিয়ন ব্যৱহাৰকাৰীলৈ নতুন এডিটিং বৈশিষ্ট্য মুকলি কৰিছে টেক জায়াণ্টটোৱে । পঢ়ক বিতংকৈ ---

google-celebrates-10-years-of-google-photos-with-new-editing-tools
10 বছৰ সম্পূৰ্ণ Google Photos ৰ: 1.5 বিলিয়ন ব্যৱহাৰকাৰীৰ বাবে শ্বেয়াৰ কৰিছে বিশেষ ফটো এডিটিং টিপছ (X/@sundarpichai)
author img

By ETV Bharat Tech Team

Published : May 31, 2025 at 10:33 AM IST

6 Min Read

হায়দৰাবাদ: গুগলে দহ বছৰ পূৰ্বে মুকলি কৰিছিল Google Photos ৷ 2015 ৰ 30 মে’ৰ দিনটোত টেক জায়াণ্ট গুগলে মুকলি কৰিছিল বৰ্তমান সময়ৰ অতি জনপ্ৰিয় Google Photos ৷ 10 বছৰ পূৰ্বে মুকলি হোৱা এই গুগল ফটো আজিকালি সকলোৰে জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে । গুগল ফটোৱে নিজৰ ফোনত ফটো আৰু ভিডিঅ’ সংৰক্ষণ কৰাৰ ধৰণ সলনি কৰি পেলাইছে । যোৱা দহ বছৰত গুগলে গুগল ফটোত বহুতো নতুন বৈশিষ্ট্য সংযোজন কৰি ইয়াক উন্নত কৰাৰ বাবে কাম কৰিছে । অৱশ্যে এতিয়া ফটো আৰু ভিডিঅ’ ছেভ কৰাৰ উপৰিও গুগল ফটোত আন বহুতো বৈশিষ্ট্য উপলব্ধ ৷ গুগলে এই গুগল ফটোক ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে অধিক বিকশিত কৰাৰ বাবে কাম কৰি আছে ।

Google Photos দহ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত এটা ভিডিঅ’ 30 মে’ৰ দিনা শ্বেয়াৰ কৰিছে, যাৰ জৰিয়তে গুগলে গুগল ফটোৰ কিছুমান অনন্য পৰিসংখ্যা শ্বেয়াৰ কৰিছে । প্ৰতিমাহে প্ৰায় 1.5 বিলিয়ন লোকে গুগল ফটো ব্যৱহাৰ কৰে । ইয়াত 9 ট্ৰিলিয়নতকৈও অধিক ফটো আৰু ভিডিঅ’ সংৰক্ষণ কৰা হৈছে । ইয়াৰ জৰিয়তে লাখ লাখ লোকে প্ৰতিমাহে লাখ লাখ চাৰ্জ, এডিটিং আৰু শ্বেয়াৰ কৰে । 10 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে গুগলে 10 টা টিপছ আৰু নতুন বৈশিষ্ট্যৰ বিষয়ে তথ্য আগবঢ়াইছে, যিয়ে ব্যৱহাৰকাৰীৰ অভিজ্ঞতাক অধিক উন্নত কৰি তুলিব পাৰে । এইবোৰৰ বিষয়ে চমুকৈ জানো আহক ---

  • নতুন এডিটিং সঁজুলি

এতিয়া গুগল ফটোত এটা নতুন সম্পাদনা সঁজুলি অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে AI ৰ সহায়ত কম সময়ত সুন্দৰকৈ এডিটিং কৰাত সহায় কৰিব । এই এডিটিং সঁজুলি অহা মাহত এণ্ড্ৰ’ইড ডিভাইচত আৰু তাৰ পিছত আই অ’ এছ ডিভাইচত মুকলি কৰা হ’ব ।

  • QR ক'ডৰ জৰিয়তে শ্বেয়াৰ

এতিয়ালৈকে গুগল ফটোৰ পৰা একেলগে বহু ফটো শ্বেয়াৰ কৰাটো যথেষ্ট কঠিন আছিল, কিন্তু এতিয়া আপুনি গুগল ফটোৰ সমগ্ৰ এলবামৰ QR ক'ড তৈয়াৰ কৰি আনৰ সৈতে কম সময়ৰ ভিতৰতে শ্বেয়াৰ কৰিব পাৰিব । আপুনি যিজন ব্যক্তিলৈ QR ক’ড পঠিয়াব তেওঁ মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ইয়াক স্কেন কৰি ফটো বা ভিডিঅ’সমূহ চাব পাৰিব বা তেওঁলোকৰ ডিভাইচত সংৰক্ষণ কৰিব পাৰিব । ইয়াৰ ফলত ফটো শ্বেয়াৰিং বহুত বেছি দ্ৰুত হোৱাৰ লগতে সহজ হ’ব ।

  • পুনৰ দৰ্শন কৰক আপুনি ভ্ৰমণ কৰা স্থানবোৰ

আপুনি ভ্ৰমণ কৰা স্থানবোৰ পুনৰ চাব পাৰিব এই গুগল ফটোৰ এই বৈশিষ্ট্যৰ জৰিয়তে ৷ সংগ্ৰহসমূহ টেবৰ অধীনত, আপোনাৰ সকলো ভ্ৰমণ পুনৰ জীৱিত কৰিবলৈ “স্থানসমূহ”ত টেপ কৰিব লাগিব । ইয়াত, আপুনি আপোনাৰ ফটোসমূহ ভৌগোলিকভাৱে এটা ইন্টাৰেক্টিভ মেপত পিন কৰা দেখিব যাতে আপুনি মেম’ৰী লেনলৈ পুনৰ যাব পাৰে আৰু নষ্টালজিক হ’ব পাৰে ৷

  • স্মাৰ্ট চাৰ্চ

গুগল ফটোত উপলব্ধ হাজাৰ হাজাৰ ফটোৰ মাজত এখন নিৰ্দিষ্ট ফটো বিচাৰি উলিওৱাটো সদায় কঠিন কাম আৰু ইয়াৰ বাবে বহু সময়ৰ প্ৰয়োজন হয় । এতিয়া গুগলে স্মাৰ্ট চাৰ্চ নামৰ এটা নতুন ফিচাৰ মুকলি কৰিছে, যাৰ জৰিয়তে আপুনি আপোনাৰ কাপোৰৰ ৰং বা ফটোৰ যিকোনো বিশেষ তথ্য লিখি ফটো চাৰ্চ কৰিব পাৰিব । গুগলে কয় যে আপুনি স্মাৰ্ট চাৰ্চ বক্সত "me in a blue dress"ৰ দৰে কীৱৰ্ড অথবা কোনো স্থানৰ বিৱৰণ দিও আপুনি বিচৰা ফটোখনৰ সন্ধান কৰিব পাৰে আৰু নীলা পোছাক পিন্ধা সকলো ফটোৰ মাজত আপুনি বিচৰা নিজৰ ফটোখন চাব পাৰে । মুখৰ নাম অথবা পোহনীয়া জন্তুটোৰ নাম উল্লেখ কৰিও বিচাৰিব পাৰে আপোনাৰ পছন্দৰ ফটোখন ।

  • মাহ/বছৰৰ স্মৃতি

গুগলে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ মাহ বা বছৰৰ শ্ৰেষ্ঠ স্মৃতিবোৰ আপোনাক দেখুৱাই আপোনাক নষ্টালজিক কৰি তোলে, যিবোৰ আপুনি আপোনাৰ বন্ধু বা আত্মীয়ৰ সৈতে শ্বেয়াৰ কৰিব পাৰে ।

  • ভিডিঅ’ হাইলাইট কৰক

এতিয়া আপুনি গুগল ফটোত এটা নতুন “+” বুটাম দেখিব । সেই বুটামটোৰ সহায়ত আপুনি আপোনাৰ ফটো আৰু ভিডিঅ’ৰ সংগীতৰ সৈতে এটা চুটি ভিডিঅ’ তৈয়াৰ কৰিব পাৰে । ইয়াৰ জৰিয়তে আপুনি আপোনাৰ স্মৃতিবোৰক অধিক আকৰ্ষণীয় কৰি তুলিব পাৰিব । লগতে এয়া আপুনি যিকোনো ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰিব পাৰে ।

  • শ্বেয়াৰিং এলবাম

আপুনি স্বয়ংক্ৰিয়ভাৱে আপোনাৰ প্ৰিয় মানুহ বা পোহনীয়া জন্তুৰ নতুন ফটো এটা শ্বেয়াৰিং এলবামত যোগ কৰিব পাৰে, যিটো দূৰত বাস কৰা বন্ধু বা আত্মীয়ৰ বাবে সহজেই দৃশ্যমান হ'ব, যদি আপুনি তেওঁলোকৰ সৈতে সংযুক্ত ।

  • গ্ৰীড ব্যক্তিগতকৰণ কৰক

প্ৰায়ে এনেকুৱা হয় যে কিছুমান ফটো, স্ক্ৰীণশ্বট বা GIF-এ আপোনাৰ ফটো ফিডক খেলিমেলি সদৃশ কৰি পেলায় । এনে পৰিস্থিতিত, আপুনি মূল গেলেৰীৰ ওপৰৰ তিনিটা বিন্দুৰ আইকনত টেপ কৰি গ্ৰীড নিয়ন্ত্ৰণসমূহ ব্যৱহাৰ কৰিব পাৰে । উদাহৰণস্বৰূপ, আপুনি একেলগে লোৱা একে ধৰণৰ ছবিসমূহ ষ্টেক কৰিব পাৰে আৰু স্ক্ৰীণশ্বটসমূহ, GIFসমূহ আৰু মিমসমূহ লুকুৱাব পাৰে ।

  • মেমৰি কাষ্টমাইজ কৰক

আপুনি গুগল ফটোত আপোনাৰ পুৰণি ফটো আৰু ভিডিঅ'ৰ পৰা সৃষ্টি কৰা মেমৰিও কাষ্টমাইজ কৰিব পাৰে। ইয়াৰ বাবে আপুনি ছেটিংছ > পছন্দসমূহ > মেমৰিসমূহলৈ যাব লাগিব আৰু সময়-ভিত্তিক বা থিম ভিত্তিক মেমৰিসমূহ নিৰ্ব্বাচন কৰিব লাগিব।

  • আপোনাৰ ডিভাইচত সংৰক্ষণ মুক্ত কৰক

যদি আপোনাৰ ফোনত সংৰক্ষণ কমি গৈছে, Google Photos এ এতিয়া সহায় কৰিব পাৰে ৷ ইয়াৰ বাবে আপুনি কৰিবলগীয়া কামটো হ’ল আপোনাৰ প্ৰ’ফাইল ছবিখনত টেপ কৰক আৰু তাৰ পিছত “ফ্ৰী আপ স্পেচ অন ডিছ ডিভাইচ” বিকল্পটো নিৰ্বাচন কৰক । তাৰ পিছত Google Photos এ আপোনাৰ ডিভাইচৰ পৰা সেই বস্তুসমূহ আঁতৰাই পেলাব যিবোৰ ইতিমধ্যে আপোনাৰ Google Photos একাউণ্টত বেকআপ কৰি সংৰক্ষণ কৰা হৈছে ।

এই দহটা নতুন বৈশিষ্ট্য আৰু টিপছ শ্বেয়াৰ কৰাৰ লগতে গুগলে দহ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ব্যৱহাৰকাৰীসকলক প্ৰতিশ্ৰুতি দিছে যে ভৱিষ্যতে গুগল ফটোত আৰু বহুতো AI সম্পৰ্কীয় বৈশিষ্ট্য সংযোজনৰ বাবে কাম কৰি থকা হৈছে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.