ETV Bharat / technology

গুগলৰ মুখ্য প্ৰযুক্তিবিদ হিচাপে নিযুক্ত জ্যেষ্ঠ উপাধ্যক্ষ প্ৰভাকৰ ৰাঘৱন - GOOGLE’S NEW CHIEF TECHNOLOGIST

Googles new chief technologist: গুগলৰ মুখ্য প্ৰযুক্তিবিদ হিচাপে নিযুক্তি লাভ গুগলৰ জ্যেষ্ঠ উপাধ্যক্ষ প্ৰভাকৰ ৰাঘৱনক ।

Etv Bharat
গুগলৰ মুখ্য প্ৰযুক্তিবিদ হিচাপে নিযুক্ত জ্যেষ্ঠ উপাধ্যক্ষ প্ৰভাকৰ ৰাঘৱন (X/@WittedNote)
author img

By ETV Bharat Tech Team

Published : October 19, 2024 at 11:29 AM IST

Updated : October 19, 2024 at 12:41 PM IST

3 Min Read

হায়দৰাবাদ: গুগল চাৰ্চ, এচিষ্টেণ্ট, জিঅ’, এডছ, কমাৰ্চ এণ্ড পেমেণ্টছ প্ৰডাক্টৰ দায়িত্বত থকা গুগলৰ জ্যেষ্ঠ উপ-সভাপতি প্ৰভাকৰ ৰাঘৱনে চাৰ্চ ইঞ্জিন ঔদ্যোগটোৰ মুখ্য প্ৰযুক্তিবিদ হ’ব বুলি গুগলৰ শীৰ্ষ কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে 17 অক্টোবৰ বৃহস্পতিবাৰে প্ৰকাশ কৰে ।

এইটো এনে এটা সময়ত ঘটিছে যেতিয়া গুগলৰ মূল ব্যৱসায় অৰ্থাৎ চাৰ্চে মাইক্ৰ’ছফ্ট, অ’পেনএআইৰ দৰে প্ৰতিদ্বন্দ্বী আনকি পাৰ্প্লেক্সিটিৰ দৰে ষ্টাৰ্টআপৰ পৰাও ক্ৰমাৎ প্ৰতিযোগিতাৰ সন্মুখীন হৈছে । গ্ৰাহকৰ আচৰণৰ অবিৰত পৰিৱৰ্তনেও ভূমিকা ল’ব পাৰে ।

পিচাইয়ে কৰ্মচাৰীসকলক প্ৰদান কৰা টোকাত কয়, "প্ৰভাকৰে সিদ্ধান্ত লৈছে যে এতিয়াই তেওঁৰ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত বৃহৎ সিদ্বান্ত লোৱাৰ সময় । 12 বছৰ ধৰি গুগলত দলসমূহৰ নেতৃত্ব দিয়াৰ পিছত তেওঁ কম্পিউটাৰ বিজ্ঞান ক্ষেত্ৰলৈ ঘূৰি আহি গুগলৰ মুখ্য প্ৰযুক্তিবিদৰ ভূমিকা গ্ৰহণ কৰিব । ৰাঘৱনৰ বৰ্তমানৰ ভূমিকাৰ ঠাইত গুগলৰ প্ৰবীণ তথা ৰাঘৱনৰ নেতৃত্বৰ দলৰ সদস্য নিক ফক্সে স্থান লাভ কৰিব ।"

গুগলৰ জ্ঞান আৰু তথ্য (কে এণ্ড আই) দলৰ সালসলনিৰ মাজতে এই কথা প্ৰকাশ পাইছে । পিচাইয়ে কয় যে “দলসমূহক একত্ৰিত কৰিলে প্ৰতিক্ৰিয়াৰ লুপ উন্নত হ’ব, জামিনী এপত আমাৰ নতুন মডেলসমূহৰ দ্ৰুত নিয়োগ সক্ষম হ’ব, আমাৰ প্ৰশিক্ষণৰ পিছৰ কাম অধিক কাৰ্যক্ষমভাৱে আগবাঢ়িব আৰু আমাৰ উন্নত উৎপাদনৰ গতি বৃদ্ধি পাব।”

প্ৰভাকৰ ৰাঘৱন কোন?

64 বছৰীয়া প্ৰভাকৰ ৰাঘৱনে 2012 চনত গুগলত যোগদান কৰিছিল, য়াহুৰ পৰা আহি তেওঁ চাৰ্চ আৰু এড ৰেংকিঙৰ লগতে এড মাৰ্কেটপ্লেছ ডিজাইনৰ কাম কৰিছিল । তেওঁ গুগল এপছ আৰু গুগল ক্লাউডৰ উপাধ্যক্ষ আছিল, য’ত তেওঁ অভিযান্ত্ৰিক, প্ৰডাক্ট আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতা পৰিচালনা কৰিছিল ।

ইয়াৰ পিছত তেওঁ G-Mail ৰ দলটোক নেতৃত্ব দি স্মাৰ্ট ৰিপ্লাই আৰু স্মাৰ্ট কম্পোজৰ দৰে প্ৰাৰম্ভিক এআই প্ৰডাক্ট মুকলি কৰে । অৱশেষত জিমেইল আৰু ড্ৰাইভে এক বিলিয়নৰো অধিক ব্যৱহাৰকাৰী লাভ কৰে । 2018 চনত তেওঁ গুগল চাৰ্চ, এচিষ্টেণ্ট, জিঅ’, এডছ, কমাৰ্চ আৰু পেমেণ্ট প্ৰডাক্টৰ জ্যেষ্ঠ উপাধ্যক্ষ হয় আৰু শ্ৰীধৰ ৰামাস্বামীৰ পৰা দায়িত্ব গ্ৰহণ কৰে ।

তেওঁৰ নেতৃত্বত এআই অভাৰভিউ আৰু অন্যান্য চাৰ্চ বৈশিষ্ট্য যেনে চাৰ্কল টু চাৰ্চ, ভিডিঅ’ আণ্ডাৰষ্টেণ্ডিং আৰু লেন্সত ‘শ্বপ ৱাট ইউ ছি’ আদি সকলো মুকলি কৰা হয় । যেতিয়া জামিনীয়ে একাংশ ঐতিহাসিক ব্যক্তিৰ চিত্ৰণত কৰা বাখ্যাৰ বাবে সমালোচনাৰ সন্মুখীন হ’ল, তেতিয়া ৰাঘৱনে ৰাজহুৱাভাৱে কোম্পানীৰ ব্লগপোষ্টযোগে ক্ষমা বিচাৰিলে ৷ এয়া কেনেকৈ হ’ল আৰু গুগলে ইয়াক কেনেকৈ ঠিক কৰিবলৈ যত্ন কৰি আছে সেই বিষয়ে বুজাই দিলে ।

লগতে পঢ়ক: বৃদ্ধি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব; পাৰমাণৱিক শক্তিৰ চুক্তিত স্বাক্ষৰ Google ৰ

শীঘ্ৰেই নতুন ৰূপত পাব Google Play Store

Google Photos এ চিনাক্ত কৰিব ভুৱা, বিকৃত ছবি

Last Updated : October 19, 2024 at 12:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.