ETV Bharat / technology

এতিয়াৰে পৰা সাংকেতিক ভাষা বুজক SignGemma ৰ জৰিয়তে

Google I/O 2025 ৰ সময়ত গুগলে মুকলি কৰিছে নতুন কৃত্ৰিম বুদ্ধিমত্তা মডেলৰ ৷ এই মডেলৰ জৰিয়তে বুজাটো সম্ভৱ হৈ পৰিব সাংকেতিক ভাষাকো ৷ জানক কেনেকৈ--

google-ai-model-signgemma-to-translate-sign-language-into-text-set-for-launch
SignGemma ৰ সম্যক আভাষ (X/GoogleDeepMind)
author img

By ETV Bharat Tech Team

Published : May 30, 2025 at 4:05 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: কথা ক’ব নোৱাৰা মানুহৰ বাবে সাংকেতিক ভাষা অতি গুৰুত্বপূৰ্ণ । কথা ক’ব নোৱাৰা মানুহে আনৰ লগত কথা পাতিবলৈ সাংকেতিক ভাষা ব্যৱহাৰ কৰে,অৱশ্যে এই সাংকেতিক ভাষা সাধাৰণ মানুহে বুজি নাপায় বা বুজি পোৱাটো সম্ভৱ নহয় । টেক জায়াণ্ট গুগলে শেহতীয়াকৈ এই সমস্যাৰ সমাধান বিচাৰি ওলাইছে । আচলতে গুগলে এটা নতুন AI মডেল তৈয়াৰ কৰিছে, যাৰ নাম SignGemma । গুগলৰ এই AI মডেলে সাংকেতিক ভাষাক লিখিত বা কথিত ভাষালৈ ৰূপান্তৰ কৰিব । গুগলে তেওঁলোকৰ আগন্তুক কৃত্ৰিম বুদ্ধিমত্তা মডেলৰ বিষয়ে উল্লেখ কৰি কয় যে এইটোৱেই হ’ব তেওঁলোকে আজিলৈকে প্ৰস্তুত কৰি উলিওৱা আটাইতকৈ শক্তিশালী AI মডেল । গুগলৰ এই বিশেষ কৃত্ৰিম বুদ্ধিমত্তা মডেলটো বৰ্তমান পৰীক্ষণ পৰ্যায়ত আছে আৰু ইয়াক চলিত বৰ্ষৰ শেষৰ ফালে মুকলি কৰিব পৰা হ’ব বুলি জনাইছে ।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা গুগল I/O ইভেণ্টত প্ৰথমবাৰৰ বাবে গুগলে এই নতুন এআই মডেলটোৰ বিষয়ে উল্লেখ কৰে । সেই অনুষ্ঠানত জেমাৰ প্ৰডাক্ট মেনেজাৰ গাছ মাৰ্টিন্সে কয় যে সাংকেতিক ভাষা বুজিবলৈ এতিয়ালৈকে এইটোৱেই আটাইতকৈ শক্তিশালী মডেল । তেওঁ কয় যে আগতে কেৱল সাংকেতিক ভাষা অনুবাদৰ প্ৰচেষ্টাহে কৰা হৈছিল, কিন্তু এতিয়া সাংকেতিক ভাষা বাস্তৱ সময়ৰ অনুবাদ ‘SignGemma’ ৰ জৰিয়তে কৰা হৈছে, যাৰ ফলত এই AI মডেলটো অতি বিশেষ হৈ পৰিছে ।

X ত মুকলি হৈছে ডেম’ ভিডিঅ’

গুগল ডিপমাইণ্ডে তেওঁলোকৰ অফিচিয়েল X একাউণ্টৰৰ জৰিয়তে এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ এই X পোষ্টটোত আগন্তুক এই AI মডেলটোৰ এটা ডেম’ প্ৰকাশ কৰাৰ লগতে মুকলিৰ সৱিশেষো উল্লেখ কৰা হৈছে ৷ তলত এই ভিডিঅ’টো সংলগ্ন কৰা হৈছে ৷ উল্লেখ কৰা প্ৰয়োজন যে এই SignGemma ক ইতিমধ্যে গুগলৰ বাৰ্ষিক ডেভেল’পাৰ সন্মিলন অনুষ্ঠানত দেখিবলৈ পোৱা গৈছিল ৷

এই ডেম’ ভিডিঅ’টোৰ জৰিয়তে মাৰ্টিনে কয় যে এই AI মডেলটোৱে সাংকেতিক ভাষা একে সময়তে অনুবাদ কৰিব পাৰে ৷ এই ডেমো ভিডিঅ’ৰ সময়ত মাৰ্টিন্সে কয় যে এই এআই মডেলে বাস্তৱ সময়ত সাংকেতিক ভাষাক টেক্সটলৈ অনুবাদ কৰিব পাৰে । ইয়াৰ দ্বাৰা এজন সাধাৰণ মানুহে কথা ক’ব নোৱাৰা মানুহৰ বাক্য সহজে বুজিব পাৰে । তেওঁ কয় যে এই সঁজুলিটোক বহুতো সাংকেতিক ভাষা বুজিবলৈ প্ৰশিক্ষণ দিয়া হৈছে । গুগলে কয় যে এই মডেলে বৰ্তমান আমেৰিকান সাংকেতিক ভাষা আৰু ইংৰাজীত কাম কৰি আছে ।

লগতে পঢ়ক