ETV Bharat / technology

গুগল জেমিনিত নতুন বৈশিষ্ট্য; লওক ফটোৰ পৰা ভিডিঅ' নিৰ্মাণৰ আনন্দ

গুগলৰ জেমিনিয়ে এতিয়া এখন ফটোক শব্দৰ সৈতে আঠ ছেকেণ্ডৰ ভিডিঅ’লৈ ৰূপান্তৰিত কৰিবলৈ ইউজাৰক সক্ষম কৰি তুলিছে ।

Google Gemini new feature
গুগল জেমিনিত নতুন বৈশিষ্ট্য (photo credit Google)
author img

By ETV Bharat Assamese Team

Published : July 12, 2025 at 6:24 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : গুগলে প্ৰায়ে ইয়াৰ ফিচাৰত বিভিন্ন পৰিৱৰ্তন সাধন কৰি আহিছে । এইবাৰ ইউজাৰৰ বাবে আন এক পৰিৱৰ্তন কৰিছে । গুগলে এইবাৰ জেমিনিত নতুন ফটো-টু-ভিডিঅ’ ক্ষমতা প্ৰৱৰ্তন কৰিছে । ইয়াৰ ফলত ইউজাৰে সহজ টেক্সট প্ৰমপ্ট ব্যৱহাৰ কৰি নিজৰ স্থিৰ ফটোবোৰ শব্দৰ সৈতে আঠ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপলৈ ৰূপান্তৰিত কৰিব পাৰিব ।

এই নতুন বৈশিষ্ট্যটো মে’ মাহত ঘোষণা কৰা গুগলৰ শেহতীয়া অত্যাধুনিক ভিডিঅ’ জেনেৰেচন মডেল Veo 3-ৰ দ্বাৰা চালিত আৰু শেহতীয়াকৈ ১৫০ খনতকৈও অধিক দেশৰ গুগল AI Pro গ্ৰাহকলৈ ইয়াক সম্প্ৰসাৰিত কৰা হৈছে ।

গুগলে এটা ব্লগ পোষ্টত ইউজাৰৰ সৃষ্টিশীলতাক শলাগ লৈছে । কাৰণ Veo 3-এ বিগত সাত সপ্তাহত সমগ্ৰ জেমিনি এপ আৰু ফ্ল’ত ৪ কোটিৰো অধিক ভিডিঅ’ সৃষ্টি কৰিছে । এই প্ৰযুক্তি সম্ৰাটে Veo 3 ভিডিঅ’ৰ কেইবাটাও উদাহৰণ দাঙি ধৰিছে, য’ত ইউজাৰসকলে আধুনিক দৃষ্টিভংগীৰ জৰিয়তে কথিত কাহিনীৰ পুনৰ কল্পনা কৰিছে আৰু শীতল লাভাৰ টুকুৰা এটা কাটিলে কেনেকুৱা শব্দ হ’ব সেই বিষয়ে অন্বেষণ কৰিবলৈ ASMR ভিডিঅ’ নিৰ্মাণ কৰিছে ।

জেমিনিৰ জৰিয়তে ফটো-টু-ভিডিঅ’ বৈশিষ্ট্য কেনেকৈ ব্যৱহাৰ কৰিব

স্থিৰ ছবিক ভিডিঅ’ ক্লিপলৈ ৰূপান্তৰিত কৰিবলৈ ইউজাৰে প্ৰমপ্ট বক্সৰ টুল মেনুৰ পৰা ‘ভিডিঅ’’ নিৰ্বাচন কৰি ফটো আপলোড কৰিব লাগিব । ইয়াৰ পিছত দৃশ্যটো আৰু যিকোনো অডিঅ’ নিৰ্দেশনা বৰ্ণনা কৰিব লাগিব । ভিডিঅ’টো সম্পূৰ্ণ হ’লে শ্বেয়াৰ বুটামটো টিপিব পাৰে বা পোনপটীয়াকৈ ডাউনলোড কৰিব পাৰে ।

গুগলে কয়, "দৈনন্দিনৰ বস্তুবোৰক এনিমেট কৰি, আপোনাৰ অংকন আৰু চিত্ৰক জীৱন্ত কৰি বা প্ৰকৃতিৰ দৃশ্যত গতি সংযোগ কৰি আপুনি সৃষ্টিশীলতাৰ পৰিচয় দিব পাৰে ।"

এটা উদাহৰণত গুগলে ভিডিঅ’ সৃষ্টিৰ সীমাহীন সম্ভাৱনা প্ৰদৰ্শন কৰিছে, কেৱল কাৰ্ডবৰ্ড বক্সৰ ছবি ব্যৱহাৰ কৰি । আপোনাৰ ভিডিঅ’ সম্পূৰ্ণ হ’লে শ্বেয়াৰ বুটামটো টিপক বা বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিবলৈ ডাউনলোড কৰক ।

এ আইৰ দ্বাৰা সৃষ্টি হোৱা ক্লিপসমূহত এজন ব্যক্তিয়ে কাৰ্ডবৰ্ড বক্সটো খুলি থকা দেখা গৈছে য'ত বিস্ফোৰণ, পানীত এখন সৰু নাও, এক সংগীত অনুষ্ঠান, এখন ক্ষুদ্ৰ চহৰৰ বিহংগম দৃশ্য, ক্ষুদ্ৰ পাকঘৰত ৰন্ধা-বঢ়া কৰি থকা এগৰাকী ৰান্ধনী আৰু পদাৰ্থ বিজ্ঞানৰ নিয়ম আৰু সাধাৰণ জ্ঞানক প্ৰত্যাহ্বান জনাব পৰা এক গভীৰ ছুইমিং পুল দেখুওৱা হৈছে ।

ফটো-টু-ভিডিঅ' ক্ষমতা আজি বিশ্বৰ নিৰ্বাচিত দেশৰ গুগল AI Pro আৰু Ultra subscribers-ৰ বাবে মুকলি হ’বলৈ আৰম্ভ কৰিছে । ইউজাৰসকলে gemini.google.com-ত এই নতুন বৈশিষ্ট্যটো চেষ্টা কৰিব পাৰিব । উল্লেখ্য যে এই একে ক্ষমতা গুগলৰ এ আই চলচ্চিত্ৰ নিৰ্মাণ টুল Flow-তো উপলব্ধ ।

যিহেতু সৃষ্টি কৰা ভিডিঅ'সমূহ অত্যন্ত বাস্তৱসন্মত দেখা যায়, সেয়ে গুগলে সেইবোৰ 'মেড উইথ জেমিনি' বুলি দেখুৱাবলৈ অদৃশ্য SynthID ডিজিটেল ৱাটাৰমাৰ্কৰ কাষত এটা দৃশ্যমান ৱাটাৰমাৰ্ক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক :আৰু এক উৎকণ্ঠাৰ সময় সমাগত: পৃথিৱীলৈ ঘূৰিবলৈ সাজু হৈছে শুভাংশু শুক্লা - SHUBHANSHU SHUKLA RETURN
লগতে পঢ়ক :থলুৱাভাৱে নিৰ্মিত এণ্টি ছাবমেৰিন ৰকেট ছিষ্টেমৰ সফল পৰীক্ষণ ভাৰতৰ - ANTI SUBMARINE ROCKET SYSTEM