হায়দৰাবাদ: বিশ্বত কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিৰ আৰম্ভ হোৱা বৰ এটা বেছি দিন হোৱা নাই যদিও আজি এই প্ৰযুক্তি মানুহৰ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে অথবা বহুক্ষেত্ৰত হোৱাৰ উপক্ৰম হৈছে । AI বিশ্বৰ প্ৰতিখন দেশৰ বাবে এক বিশেষ প্ৰয়োজনীয় প্ৰযুক্তি হৈ পৰিছে । আমেৰিকাৰ পৰা চীন আৰু ৰাছিয়াৰ পৰা ভাৰতলৈকে প্ৰতিখন দেশেই AI ক্ষেত্ৰত উন্নয়নৰ বাবে এই প্ৰযুক্তি উন্নীতকৰণৰ বাবে অহৰহ নিয়োজিত হৈ আছে ।
ভাৰতো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । ভাৰতীয় AI ক্ষেত্ৰত সৃষ্টিশীলতা ইমানেই বেছি যে বিশ্বৰ প্ৰথমটো AI চেটবট সৃষ্টি কৰা কোম্পানী অ’পেনএআইৰ শীৰ্ষ কাৰ্যবাহী বিষয়াগৰাকীয়ে ভাৰতীয়ৰ AI ৰ ব্যাপক ব্যৱহাৰৰ প্ৰশংসা কৰিছে । তেওঁ কয় যে ভাৰতত যি গতিৰে AI গ্ৰহণ কৰা হৈছে সেয়া সঁচাকৈয়ে আশ্চৰ্যকৰ ।
AI ক্ষেত্ৰত অগ্ৰণী ভাৰত
আচলতে OpenAI এ কিছুদিন পূৰ্বে ChatGPT ৰ এটা নতুন মডেল GPT 4o মুকলি কৰিছিল আৰু সেই মডেলৰ সৈতে কোম্পানীয়ে Ghibli-Style Images ৰ বৈশিষ্ট্যও মুকলি কৰিছিল, যিটোৰ প্ৰতি ব্যৱহাৰকাৰীসকল ইমানেই আকৰ্ষিত হৈছিল যে কেইঘণ্টামানৰ ভিতৰতে Ghibli-style image এ বিশ্বৰ আটাইতকৈ ভাইৰেল আৰু ট্ৰেণ্ডিং বিষয় হৈ পৰিছিল ৷ এই শৈলীত বিশ্বৰ কোটি কোটি লোকে নিজৰ ছবি সৃষ্টি কৰিছিল আৰু ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ।
what's happening with ai adoption in india right now is amazing to watch.
— Sam Altman (@sama) April 2, 2025
we love to see the explosion of creativity--india is outpacing the world.
এই ধাৰাটোৱে ভাৰততো যথেষ্ট প্ৰভাৱ পেলাইছে । ভাৰতৰ গৰিষ্ঠসংখ্যক লোকে ছ’চিয়েল মিডিয়াত ঘিবলী ষ্টাইলৰ ছবি শ্বেয়াৰ কৰিছে, যিয়ে ব্যতিব্যস্ত কৰি ৰাখিছে OpenAI দলৰ কাম । ইয়াৰ উপৰিও ভাৰতৰ বিপুল জনসংখ্যাৰ বাবে ভাৰতত AI প্ৰযুক্তি ব্যৱহাৰ কৰা লোকৰ সংখ্যাও অতি বেছি । এই দিশলৈ লক্ষ্য ৰাখি বিগত 2 এপ্ৰিলৰ দিনা OpenAI ৰ চিইঅ’ ছেম অল্টমেনে এটা পোষ্ট শ্বেয়াৰ কৰিছিল ।
তেওঁ নিজৰ x (পুৰণি নাম টুইটাৰ)ত পোষ্ট কৰি লিখিছে, "ভাৰতত AI প্ৰযুক্তি গ্ৰহণৰ গতি দেখি আচৰিত লাগিছে । সৃষ্টিশীলতাৰ এই প্ৰচণ্ড উত্থান দেখি আমি সুখী - ভাৰত সমগ্ৰ বিশ্বতকৈ আগত ।" ছেমৰ এই বক্তব্যৰ অৰ্থ হ’ল ভাৰত AI প্ৰযুক্তিৰ ক্ষেত্ৰত অতি দ্ৰুতগতিত আগবাঢ়িছে ।
ঘিবলী শৈলীৰ ছবি
শেহতীয়াকৈ ছেম অল্টমেনে ChatGPT ৰ ছবি সৃষ্টি বৈশিষ্ট্য সকলো ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়া কৰি তুলিছে, তাৰ পিছত সাধাৰণ ব্যৱহাৰকাৰীয়ে ChatGPT ৰ সহায়ত বিনামূলীয়াকৈ Ghibli ছবি সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে । উল্লেখ্য যে ছ’চিয়েল মিডিয়াত ভাইৰেল ঘিবলীৰ ছবিখন জাপানৰ এটা বিখ্যাত এনিমেচন কোম্পানী ষ্টুডিঅ’ জিবলিৰ মৌলিক কলা ।
ষ্টুডিঅ’ ঘিবলী প্ৰতিষ্ঠা কৰিছিল বিখ্যাত পৰিচালক হায়াও মিয়াজাকিয়ে । এই বিখ্যাত পৰিচালক "স্পিৰিটেড এৱে" আৰু "মাই নেইবাৰ ট'ট'ৰ'"ৰ দৰে বিশ্বব্যাপী জনপ্ৰিয় ছবিৰ বাবে পৰিচিত। বজাৰ গৱেষণা সংস্থা ছিমলাৰৱেবৰ শেহতীয়া তথ্য অনুসৰি এই বছৰ প্ৰথমবাৰৰ বাবে চেটজিপিটিৰ গড় সাপ্তাহিক সক্ৰিয় ব্যৱহাৰকাৰীয়ে 15 কোটিৰ সংখ্যা অতিক্ৰম কৰিছে।
লগতে পঢ়ক