ETV Bharat / technology

এতিয়াৰে পৰা গ্ৰাহকে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব খাদ্য ডেলিভাৰীৰ সময়

Zomato: Zomato য়ে ইয়াৰ গ্ৰাহকসকলৰ বাবে নতুন ‘order schedule’ বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে, যাৰ ফলত গ্ৰাহকে নিজৰ খাদ্য ডেলিভাৰীৰ সময় নিজেই নিৰ্ধাৰণ কৰিব পাৰিব ।

Zomato introduces this new feature
এতিয়াৰে পৰা গ্ৰাহকে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব খাদ্য ডেলিভাৰীৰ সময় (Zomato)
author img

By ETV Bharat Tech Team

Published : October 26, 2024 at 5:23 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: খাদ্যৰসিকসকলৰ বাবে ভাল খবৰ ৷ Zomato টোৱে খাদ্য ডেলিভাৰী সেৱাত ‘অৰ্ডাৰ শ্বেডুলিং’ৰ নতুন বৈশিষ্ট্য সংযোগ কৰিছে, যি গ্ৰাহকৰ বাবে যথেষ্ট উপকাৰী হ’ব বুলি আশা কৰা হৈছে ৷ ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে খাদ্যৰ সঠিক ডেলিভাৰীৰ সময় নিৰ্ধাৰণ কৰিব পাৰে আৰু আগতীয়াকৈ অৰ্ডাৰ কৰিব পাৰে । অফিচৰ দুপৰীয়াৰ আহাৰ, ছুটিৰ দিনত বন্ধু-পৰিয়ালবৰ্গৰ সৈতে একলগ হোৱা বা আন যিকোনো অনুষ্ঠানৰ বাবে আপুনি সহজেই দুদিন আগতীয়াকৈ খাদ্যৰ সময় নিৰ্ধাৰণ কৰিব পাৰে আৰু ডেলিভাৰীৰ সময় ঠিক কৰিব পাৰে ।

জনাওঁ যে কোম্পানীয়ে বৰ্তমান দিল্লী, বাংগালুৰু, মুম্বাই আৰু পুনেৰ দৰে প্ৰধান কেন্দ্ৰকে ধৰি 30 খন চহৰত 35 হাজাৰৰো অধিক ৰেষ্টুৰেণ্টত এই সেৱা প্ৰৱৰ্তন কৰিছে । কোম্পানীটোৰ এই সুবিধাৰ লক্ষ্য হৈছে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে খাদ্য অৰ্ডাৰ দিয়াৰ প্ৰক্ৰিয়াটো যিমান পাৰি গ্ৰাহকৰ সুবিধাৰ্থে কৰি তোলা ।

Zomato introduces this new feature
এতিয়াৰে পৰা গ্ৰাহকে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব খাদ্য ডেলিভাৰী দিয়াৰ সময় (Google Play Store)

কেনেকৈ কাম কৰে

অৰ্ডাৰ শ্বেডুলিঙৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে দুঘণ্টাৰ পৰা দুদিন আগতীয়াকৈ খাদ্য ডেলিভাৰীৰ সময় নিৰ্ধাৰণ কৰিব পাৰে । বস্তু নিৰ্বাচন কৰাৰ পিছত গ্ৰাহকে চেকআউটৰ সময়ত এটা নিৰ্দিষ্ট ডেলিভাৰী সময় বাচনি কৰিব পাৰে । যদি তেওঁলোকৰ পছন্দৰ সময় স্লট ইতিমধ্যে পূৰণ হৈছে, Zomato এ উক্ত গ্ৰাহকক আন এটা বিকল্প বাছনি কৰিবলৈ কয় । যিসকলে সময় সলনি কৰিব বিচাৰে তেওঁলোকে নিৰ্ধাৰিত সময়ৰ তিনি ঘণ্টা আগলৈকে অৰ্ডাৰ বাতিল কৰিব পাৰে ।

Zomato introduces this new feature
এতিয়াৰে পৰা গ্ৰাহকে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব খাদ্য ডেলিভাৰীৰ সময় (Zomato)

ৰেষ্টুৰেণ্টৰ সুবিধা

এই বৈশিষ্ট্য কেৱল ব্যৱহাৰকাৰীৰ বাবেই উপকাৰী নহয়, ই ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষকো উপকৃত কৰে । নিৰ্ধাৰিত সময়ৰ অৰ্ডাৰে ৰেষ্টুৰেণ্টসমূহক তেওঁলোকৰ পৰিচালনা কাৰ্যত সহায় কৰে ।

ইয়াৰ উপৰিও, ইয়াৰ বাবে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ বাবে কোনো অতিৰিক্ত প্ৰশিক্ষণৰ প্ৰয়োজন নাই বুলি Zomato এ নিশ্চিত কৰিছে আৰু ৰেষ্টুৰেণ্টসমূহক এই সেৱাৰ বাবে কোনবোৰ খাদ্য উপলব্ধ সেইটো নিৰ্বাচন কৰিবলৈ অনুমতি দিয়ে ।

Zomato introduces this new feature
এতিয়াৰে পৰা গ্ৰাহকে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব খাদ্য ডেলিভাৰীৰ সময় (Zomato)

অন্তৰ্নিৰ্মিত নিৰাপত্তা ব্যৱস্থা

সকলো সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰিবলৈ Zomato-এ এই নতুন বৈশিষ্ট্যৰ সৈতে সুৰক্ষা ব্যৱস্থাও প্ৰৱৰ্তন কৰিছে । কেৱল সময়মতে প্ৰস্তুতি আৰু উপলব্ধতাৰ ট্ৰেক ৰেকৰ্ড থকা ৰেষ্টুৰেণ্টসমূহহে এই সেৱাৰ সৈতে যুক্ত হ’ব পাৰিব ৷ আৰু তেওঁলোকে নিৰ্ধাৰিত অৰ্ডাৰৰ বহু আগতেই এটা জাননী লাভ কৰিব । ৰেষ্টুৰেণ্টসমূহে প্ৰি-অৰ্ডাৰৰ বাবে কোনবোৰ বস্তু উপলব্ধ কৰিব সেইটোও নিয়ন্ত্ৰণ কৰিব পাৰে ৷ ইয়ে বিকল্প বা নাটনিৰ আশংকা হ্ৰাস কৰিব ।

লগতে পঢ়ক: এতিয়াৰে পৰা চলন্ত ৰে’লতেই গ্ৰহণ কৰক মন পছন্দৰ সতেজ খাদ্য - Online food delivery in Train

শীত-তাপ নিয়ন্ত্ৰিত কোঠা এৰি ৰাজপথত ডেলিভাৰী এজেন্টৰ ৰূপত পত্নীসহ জ’মাটোৰ চি ই অ’ - CEO Turns Delivery Boy