ETV Bharat / technology

ISROৰ প্ৰাক্তন অধ্যক্ষ ড° কে কস্তুৰীৰংগন আৰু নাই - FORMER ISRO CHAIRMAN

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ড° কে কস্তুৰীৰংগন আৰু নাই । প্ৰয়াত ড° কে কস্তুৰীৰংগন ISROৰ প্ৰাক্তন অধ্যক্ষৰ লগতে এগৰাকী প্ৰখ্যাত মহাকাশ বিজ্ঞানী আছিল ।

Former ISRO Chairman And Renowned Space Scientist Dr K Kasturirangan Passes Away
ISROৰ প্ৰাক্তন অধ্যক্ষ ড° কে কস্তুৰীৰংগন আৰু নাই (ANI)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 5:27 PM IST

2 Min Read

বেংগালুৰু : এক অজান দেশলৈ গ'লগৈ ISRO ৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰখ্যাত মহাকাশ বিজ্ঞানী ড° কে কস্তুৰীৰংগন । আজি (শুকুৰবাৰ) বেংগালুৰুৰ নিজ বাসগৃহতে শেষনিশ্বাস ত্যাগ কৰে প্ৰখ্যাত মহাকাশ বিজ্ঞানীগৰাকীয়ে ।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল তেওঁ । দেওবাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব সদ্যপ্ৰয়াত ড° কে কস্তুৰীৰংগনৰ । কস্তুৰীৰংগনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ।

এক্সৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ বৈজ্ঞানিক আৰু শৈক্ষিক যাত্ৰাৰ এক উচ্চ ব্যক্তি ড° কে কস্তুৰীৰংগনৰ বিয়োগত মই গভীৰভাৱে দুখী হৈছো । তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু জাতিলৈ নিস্বাৰ্থ অৱদান সদায় স্মৰণীয় হৈ থাকিব । তেওঁ অতি পৰিশ্ৰমেৰে ইছৰোৰ সেৱা কৰিছিল, ভাৰতৰ মহাকাশ কাৰ্যসূচীক নতুন উচ্চতালৈ পৰিচালিত কৰিছিল, যাৰ বাবে আমি বিশ্বব্যাপী স্বীকৃতিও লাভ কৰিছিলো । তেওঁৰ নেতৃত্বই অভিলাষী উপগ্ৰহ উৎক্ষেপণ হৈছিল ।"

"ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি)ৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত আৰু ভাৰতত শিক্ষা যাতে অধিক সামগ্ৰিক আৰু আগন্তুক দৃষ্টিগোচৰ হয় তাৰ বাবে ড° কস্তুৰীৰংগনৰ প্ৰচেষ্টাৰ বাবে ভাৰতে সদায় কৃতজ্ঞ হৈ থাকিব । বহু যুৱ বিজ্ঞানী আৰু গৱেষকৰ বাবেও তেওঁ আছিল এক অসাধাৰণ গুৰু । মোৰ চিন্তা তেওঁৰ পৰিয়াল, ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু অগণন প্ৰশংসকৰ সৈতে । ওম শান্তি ।" প্ৰধানমন্ত্ৰীয়ে কয় ।

ড° কে কস্তুৰীৰংগন ১৯৯৪-২০০৩ চনলৈ, নটাকৈ দীঘলীয়া বছৰ ইছৰোৰ অধ্যক্ষ হিচাবে নিয়োজিত আছিল । প্ৰায়ত কস্তুৰীৰংগন পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্ম বিভূষণ সন্মানেৰে অলংকিত এগৰাকী ব্যক্তি আছিল ।

জ্যোতিৰ্বিজ্ঞান, মহাকাশ বিজ্ঞান, মহাকাশ প্ৰয়োগৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আলোচনীত ২০০ৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ লগতে ছখন গ্ৰন্থ তেওঁ সম্পাদনা ইতিমধ্যে কৰিছে ।

লগতে পঢ়ক : সফলতাৰে সম্পন্ন হ’ল স্পাডেক্স উপগ্ৰহৰ দ্বিতীয়টো নিজাববীয়া ডকিং; অব্যাহত পৰীক্ষা-নিৰীক্ষা

লগতে পঢ়ক : আৰ্যভট্ট উপগ্ৰহৰ 50 সংখ্যক বৰ্ষপূৰ্তি: ভাৰতৰ মহাকাশ অভিযানৰ এক গৌৰৱময় যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.