সাৱধান! ভাৰতীয়ক লক্ষ্য কৰিয়েই মুকলি কৰা হৈছে এটা নতুন ভুৱা বেংকিং এপ; পৰিত্ৰাণৰ উপায় কি ?
কেৱল ভাৰতৰ বাবেই মুকলি কৰা হৈছে এটা নতুন মেলৱেৰ বা ভাইৰাছ ৷ ভুৱা বেংকি এপৰ ৰূপ লৈ এই মেলৱেৰটোৱে ঠগ-প্ৰৱঞ্চনা কৰে ৷

Published : April 26, 2025 at 5:15 PM IST
হায়দৰাবাদ: ভাৰতত নতুনকৈ আৱিষ্কৃত এটা ভাইৰাছ তথা মেলৱেৰ FatBoyPanel এ ভাৰতীয়লৈ এক উদ্বেগজনক ভাবুকিৰ সৃষ্টি কৰিছে, যিয়ে দেশৰ 2.5 কোটিতকৈ অধিক এণ্ড্ৰইড ব্যৱহাৰকাৰীক বিপদত পেলোৱাৰ আশংকা কৰা হৈছে । ভুৱা বেংকিং এপৰ বেশ ধৰি এই মেলৱেৰটো দেশৰ আটাইতকৈ জনপ্ৰিয় মেছেজিং এপ্লিকেচন - হোৱাটছএপৰ জৰিয়তে বিতৰণ কৰা হয় । এই মেলৱেৰটো ব্যৱহাৰকাৰীৰ বেংক একাউণ্ট(সমূহ)ৰ পৰা পোনপটীয়াকৈ ধন চুৰি কৰা কামত ব্যৱহাৰ কৰিবলৈ ডিজাইন কৰা হৈছে । চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে ফেটবয়পেনেল পূৰ্বতে বিতৰণ কৰা মেলৱেৰতকৈ বহু বেছি আধুনিক আৰু বিপজ্জনক, কিয়নো ই ভাৰতীয় বেংকিং ব্যৱস্থাৰ বাবে নিৰ্মিত ।
FatBoyPanel: ই কেনেকৈ চলিব?
ফেটবয়পেনেলৰ সৈতে জড়িত এটা আতংকজনক গোচৰ সংঘটিত হৈছিল মহাৰাষ্ট্ৰৰ ধৰাশিৱৰ এজন 44 বছৰীয়া দুগ্ধ ব্যৱসায়ীৰ সৈতে, যিয়ে বেংকৰ বিষয়াৰ অভিনয় কৰি এজন অচিনাকি ব্যক্তিৰ পৰা ফোন লাভ কৰিছিল । ফোন কৰাজনে দুগ্ধ ব্যৱসায়ীগৰাকীক জনাই যে একাউণ্টটো তৎক্ষণাত আপডেট নকৰিলে ব্যক্তিজনৰ বেংক একাউণ্ট ব্লক কৰা হ’ব । আতংকিত লোকজনে বেংকিং এপ এটা ইনষ্টল কৰিবলৈ সন্মত হয় যিটো হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল । মেলৱেৰ ইনষ্টল কৰাৰ কেইমিনিটমানৰ পাছত 25 টা অকৰ্তৃত্বশীল লেনদেন লোকজনৰ অজ্ঞাতে কৰা হয়, যিয়ে খালী কৰি পেলালে ভুক্তভোগীগৰাকীৰ সমগ্ৰ বেংকৰ ধন ।
FatBoyPanel কি?
আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাইবাৰ সুৰক্ষা প্ৰতিষ্ঠান জিম্পেৰিয়ামে ফেটবয়পেনেল মেলৱেৰ আৱিষ্কাৰ কৰি ইয়াক মোবাইল প্ৰথম বেংকিং ট্ৰ’জান হিচাপে চিনাক্ত কৰে । গুগল প্লে ষ্ট’ৰৰ বাহিৰে ইনষ্টল কৰা প্ৰায় 900 টা ভুৱা এপৰ ভিতৰত লুকাই থকা দেখা গৈছে FatBoyPanel । এবাৰ APK ইনষ্টল হ’লে মেলৱেৰে ইয়াৰ ল’গ’ আইকন আঁতৰাই পেলায়, যাৰ ফলত ই অদৃশ্য হৈ পৰে । ফেটবয়পেনেলে গুগল প্লে প্ৰটেক্ট নিষ্ক্ৰিয় কৰে আৰু এছএমএছ পঢ়াৰ অনুমতি লাভ কৰে আৰু অ’টিপি (ৱান-টাইম পাছৱৰ্ড) সংগ্ৰহ কৰে, যাৰ ফলত চাইবাৰ আক্ৰমণকাৰীয়ে টু ফেক্টৰ অথেনটিকেশ্যন প্ৰক্ৰিয়া পাৰ কৰি ভুক্তভোগীৰ বেংক একাউণ্টৰ পৰা ধন অনায়াসে হৰলুকী কৰিব পাৰে ।
এইটো কিয় বিপজ্জনক
ফেটবয়পেনেল অতি সমন্বিত কাৰণ ইয়াক এটা কেন্দ্ৰীয় নিয়ন্ত্ৰণ ব্যৱস্থাৰ জৰিয়তে পৰিচালিত কৰা হয়, যিয়ে মেলৱেৰৰ একাধিক সংস্কৰণ একেলগে পৰিচালনা কৰে । ইয়াৰ ফলত ইয়াক অধিক স্কেলেবল আৰু বন্ধ কৰাটো কঠিন হৈ পৰে । জিম্পেৰিয়ামৰ মুখ্য বিজ্ঞানী নিকোলাছ চিয়াৰাভিগ্লিঅ’ৰ মতে, এই নতুন মেলৱেৰে ইতিমধ্যে 2.5 কোটিৰো অধিক ডিভাইচৰ পৰা তথ্য সংগ্ৰহ কৰিছে আৰু 15 লাখৰো অধিক চুৰি বাৰ্তা সংৰক্ষণ কৰিছে । মূল কথাটো হ’ল ইয়াৰ অহৰহ বিকাশ ঘটিছে, যাৰ ফলত পৰম্পৰাগত সুৰক্ষা সঁজুলি ব্যৱহাৰ কৰি ধৰা পেলোৱাটো কঠিন হৈ পৰিছে ।
নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব
- কেতিয়াও এপসমূহ চাইড-লোড নকৰিব: কেৱল গুগল প্লে ষ্ট’ৰৰ পৰা এপসমূহ ডাউনলোড কৰক ।
- স্বয়ংক্ৰিয় স্কেনিং: নিশ্চিত কৰক যে আপুনি স্বয়ংক্ৰিয় স্কেনিঙৰ বাবে আপোনাৰ Google Play সুৰক্ষা সক্ৰিয় কৰি ৰাখিছে ।
- মোবাইল সুৰক্ষা এপ: বাস্তৱ সময়ৰ সুৰক্ষাৰ সৈতে এটা বিশ্বাসযোগ্য মোবাইল সুৰক্ষা এপ ডাউনলোড আৰু ব্যৱহাৰ কৰক ।
- কেতিয়াও অজ্ঞাত লিংক খুলিব নালাগে: বিশেষকৈ হোৱাটছএপৰ পৰা অজ্ঞাত লিংকত ক্লিক কৰাটো সদায় এৰক, কিয়নো ইয়াত মেলৱেৰ থাকিব পাৰে ।
- এপৰ অনুমতিসমূহ সাৱধানে পৰ্যালোচনা কৰক: এপৰ অনুমতিসমূহ সদায় সাৱধানে পৰ্যালোচনা কৰক আৰু প্ৰয়োজনীয় নহ’লে এছএমএছ বা কলৰ বাবে প্ৰৱেশৰ অনুমতি নিদিব ।
চাইবাৰ বিশেষজ্ঞসকলে কৈছে যে বেংকসমূহে এছএমএছ ভিত্তিক অ’টিপিৰ পৰা আঁতৰি আহি সুৰক্ষিত বেংক লেনদেনৰ বাবে সুৰক্ষাৰ এক শক্তিশালী পদ্ধতি গ্ৰহণ কৰিব লাগিব । বেংকসমূহে ইয়াৰ পৰা সলনি নোহোৱালৈকে ব্যৱহাৰকাৰীসকলে এনে চাইবাৰ আক্ৰমণৰ প্ৰতি সজাগ হৈ থকাটো প্ৰয়োজন ।
লগতে পঢ়ক
- প্ৰেম, প্ৰতাৰণা আৰু লুণ্ঠন: কি এই ‘Pig butchering scam'?
- ভুৱা পেমেন্ট এপৰ পৰা সাৱধান; 1 ছেকেণ্ডতে খালী হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট! পৰিত্ৰাণৰ উপায় কি ?
- ‘এডভান্সড চেট প্ৰাইভেচি’ - আপোনাৰ হোৱাটছএপৰ কথোপকথন সুৰক্ষিত কৰিবলৈ মুকলি হ’ল নতুন সুৰক্ষা বৈশিষ্ট্য
- গান শুনাৰ পৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰা পৰ্যন্ত - সকলো সম্ভৱ এযোৰ চশমাতেই; ক’ত উপলব্ধ এই বিশেষ চশমাযোৰ ?

