হায়দৰাবাদ: টোল পৰিশোধৰ সুবিধা আৰু নাগৰিকৰ মাজত জালিয়াতি ৰোধ কৰিবলৈ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগম (এন পি চি আই) আৰু পথ পৰিবহণ মন্ত্ৰণালয়ে FASTag সম্পৰ্কীয় নিয়মত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছে । এই পৰিৱৰ্তনসমূহ 17 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী হ’ব । সোমবাৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া নতুন FASTag নিয়ম অনুসৰি কম বেলেঞ্চ, লেট পেমেণ্ট বা ব্লেকলিষ্টেড টেগ থকা ব্যৱহাৰকাৰীৰ ওপৰত অতিৰিক্ত জৰিমনা আৰোপ কৰা হ’ব । সেয়ে পলমকৈ ধন পৰিশোধ কৰা আৰু ব্লেকলিষ্ট কৰা টেগৰ বাবে নাগৰিকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হ’ব । এই প্ৰতিবেদনৰ জৰিয়তে নতুন নিয়মৰ সম্পূৰ্ণ তথ্য জানি লওক...
নতুন FASTag নিয়মৰ তালিকা
1) ব্লেকলিষ্টেড FASTags: নতুন নিয়ম অনুসৰি যদি FASTag টোল পোৱাৰ লগে লগে ব্লেকলিষ্ট কৰা হয়, তেন্তে টোল পৰিশোধৰ প্ৰক্ৰিয়া সম্পন্ন নহ’ব । যদিও FASTag স্কেন কৰাৰ কমেও 10 মিনিট আগতে ব্লেকলিষ্ট কৰা হৈছিল, তথাপিও পেমেণ্ট নাকচ কৰা হ’ব ।
2) গ্ৰেচ পিৰিয়ড: ব্যৱহাৰকাৰীয়ে এতিয়া টোল বুথ পাৰ হোৱাৰ আগতে নিজৰ FASTag ষ্টেটাছ শুধৰাবলৈ 70 মিনিটৰ গ্ৰেচ পিৰিয়ড পাব ।
3) ব্লেকলিষ্টিং প্ৰভাৱ: যদি FASTag টো টোল পোৱাৰ লগে লগে ব্লেকলিষ্টিং হয়, তেন্তে ব্যৱহাৰকাৰীয়ে এতিয়া টোল মাচুলৰ দুগুণ দিব লাগিব । কিন্তু স্কেন কৰাৰ 10 মিনিটৰ ভিতৰত যদি টেগটো ৰিচাৰ্জ হয় তেন্তে জৰিমনা ঘূৰাই পোৱাৰ অনুৰোধ কৰিব পাৰিব ।
4) পলমকৈ হোৱা লেনদেন: বাহনখন টোল ৰিডাৰৰ মাজেৰে পাৰ হোৱাৰ 15 মিনিটতকৈ অধিক সময়ৰ পিছত যদি টোল লেনদেন প্ৰক্ৰিয়াকৰণ কৰা হয় তেন্তে FASTag ব্যৱহাৰকাৰীসকলে অতিৰিক্ত চাৰ্জৰ সন্মুখীন হ’ব পাৰে।
5) চাৰ্জবেক: বেংকে 15 দিন সময়ৰ পিছতহে ব্লেকলিষ্ট বা কম বেলেঞ্চ FASTags ৰ সৈতে জড়িত ভুল কৰ্তনৰ বাবে চাৰ্জবেক বৃদ্ধি কৰিব পাৰে ।
চালকসকলে ল’বলগীয়া সাৱধানতা
সকলোৱে দীঘলীয়া যাত্ৰা আৰম্ভ কৰাৰ আগতে নিজৰ FASTag একাউণ্টত পৰ্যাপ্ত ধন থকাটো নিশ্চিত কৰিব লাগে । আপোনাৰ KYC সময়মতে আপডেট কৰক । যদি আপুনি KYC কৰা নাই তেন্তে ব্লেকলিষ্ট কৰা হ’ব । টোল প্লাজা পোৱাৰ পূৰ্বেই আপুনি আপোনাৰ FASTag একাউণ্টৰ অৱস্থা পৰীক্ষা কৰা উচিত । নতুন পৰিৱৰ্তনৰ লক্ষ্য হৈছে টোল সংগ্ৰহ প্ৰক্ৰিয়াক অধিক স্বচ্ছ আৰু মসৃণ কৰি তোলা । ইয়াৰ ফলত টোল প্লাজাত যান-বাহনৰ দীঘলীয়া শাৰীৰ ভিৰ কমিব বুলি আশা কৰা হৈছে । গতিকে সকলো চালকে নিজৰ FASTag একাউণ্টত পৰ্যাপ্ত ধন ৰখা উচিত । বিশেষজ্ঞসকলৰ মতে এই ব্যৱস্থাই লেনদেন বিফলতাৰ সংখ্যা হ্ৰাস কৰিব আৰু ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ একাউণ্ট পৰিচালনাৰ প্ৰতি অধিক মনোযোগী হ’বলৈ উৎসাহিত কৰিব ।
লগতে পঢ়ক