জলবায়ু পৰিৱৰ্তন: 30 বছৰত প্ৰাণ গ’ল 7 লাখতকৈ অধিক লোকৰ
জাৰ্মানৱাচৰ জলবায়ু বিপদ সূচকাংক অনুসৰি 30 বছৰত বিশ্বজুৰি চৰম বতৰৰ পৰিঘটনাই 7 লাখৰো অধিক লোকৰ মৃত্যু আৰু 4.2 ট্ৰিলিয়ন ডলাৰৰ ক্ষতিসাধন কৰে ।

Published : February 13, 2025 at 4:29 PM IST
হায়দৰাবাদ: চৰম বতৰৰ পৰিঘটনাৰ ফলত 30 বছৰৰ ভিতৰত 7 লাখতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । জাৰ্মানৱাচে প্ৰকাশ কৰা জলবায়ু বিপদ সূচকাংক অনুসৰি 1993 চনৰ পৰা 2022 চনৰ ভিতৰত 9400 ৰো অধিক চৰম বতৰৰ পৰিঘটনাৰ বাবে বিশ্বজুৰি 7,65,000 ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ।
আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ তথ্যকোষ (Em-dat)ৰ পৰা চৰম বতৰৰ পৰিঘটনাৰ তথ্য আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)ৰ আৰ্থ-সামাজিক তথ্যৰ ভিত্তিত জলবায়ু বিপদ সূচকাংকৰ নতুন সংস্কৰণত জলবায়ু সম্পৰ্কীয় চৰম বতৰৰ পৰিঘটনাৰ দ্বাৰা দেশসমূহ কিমান পৰিমাণে প্ৰভাৱিত হৈছে সেই সন্দৰ্ভত বিশ্লেষণ কৰা হৈছে ।
প্ৰতিবেদন অনুসৰি এনে পৰিঘটনাই অৰ্থনৈতিক ক্ষেত্ৰকো প্ৰভাৱিত কৰিছে ৷ মুদ্ৰাস্ফীতিৰ লগত মিলাই 4.2 ট্ৰিলিয়ন ডলাৰৰ ক্ষতি কৰিছিল । ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত ইটালী, স্পেইন আৰু গ্ৰীচ যোৱা তিনিটা দশকত বিশ্বৰ দহখন দেশৰ ভিতৰত আটাইতকৈ বেছি আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।
জলবায়ু সম্পৰ্কীয় চৰম বতৰৰ পৰিঘটনাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা দেশসমূহ
দেশসমূহৰ বাবে জলবায়ু বিপদ সূচকাংক ছটা সূচকৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে ৷ য’ত মৃত্যু, আক্ৰান্ত লোক (আঘাতপ্ৰাপ্ত আৰু অন্যথা বিৰূপভাৱে প্ৰভাৱিত) আৰু অৰ্থনৈতিক লোকচান (নিৰপেক্ষ আৰু আপেক্ষিকভাৱে) অন্তৰ্ভুক্ত । প্ৰতিবেদন অনুসৰি 1993 চনৰ পৰা 2022 চনৰ ভিতৰত এনেধৰণৰ পৰিঘটনাৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেশসমূহ হ’ল -
- ডমিনিকা
- চীন
- হণ্ডুৰাছ
- ম্যানমাৰ
- ইটালী
- ভাৰত
- গ্ৰীচ
- স্পেইন
- ভানুআটু
- ফিলিপাইনছ
কেৱল 2022 চনৰ জলবায়ু সম্পৰ্কীয় চৰম বতৰৰ পৰিঘটনাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা দেশসমূহ হ’ল -
- পাকিস্তান
- বেলিজ
- ইটালী
- গ্ৰীচ
- স্পেইনপুয়েৰ্টো ৰিকো
- আমেৰিকা যুক্তৰাষ্ট্ৰ
- নাইজেৰিয়া
- পৰ্তুগাল
- বুলগেৰিয়া
জাৰ্মানৱাচে কয় যে এই প্ৰতিবেদনখন চৰম বতৰৰ পৰিঘটনাৰ প্ৰভাৱৰ ওপৰত ৰাজহুৱাভাৱে উপলব্ধ শ্ৰেষ্ঠ ঐতিহাসিক তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে । যিহেতু তথ্যৰ মানদণ্ড, কভাৰেজ প্ৰত্যাহ্বান আৰু তথ্যৰ ব্যৱধানৰ বাবে গ্ল’বেল চাউথ দেশসমূহত এনে পৰিঘটনা আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে প্ৰায়ে কমকৈ প্ৰতিবেদন প্ৰস্তুত কৰা হয়, গতিকে ৰেংকিঙে এই প্ৰভাৱসমূহ আৰু গ্ল’বেল চাউথ দেশসমূহ কেনেদৰে প্ৰভাৱিত হয় সেই সন্দৰ্ভত তথ্য কমকৈ সংগ্ৰহ কৰিব পাৰে ।
জলবায়ু বিপদ সূচকাংকৰ সহ-লেখিকা তথা জাৰ্মানৱাচৰ আন্তঃৰাষ্ট্ৰীয় জলবায়ু নীতি বিভাগৰ মুৰব্বী ল’ৰা শ্বেফাৰে জোৰ দি কয় যে জলবায়ু সংকট বিশ্ব নিৰাপত্তাজনিত বিপদত পৰিণত হৈছে আৰু ইয়াক সাহসী বহুপক্ষীয় পদক্ষেপেৰে মোকাবিলা কৰিব লাগিব ।
শ্বেফাৰে কয় যে যোৱা তিনিটা দশকে দেখুৱাইছে যে গ্ল’বেল চাউথৰ দেশসমূহ বিশেষভাৱে চৰম বতৰৰ পৰিঘটনাৰ দ্বাৰা প্ৰভাৱিত । এই দেশসমূহৰ তথ্যসমূহ বহু গ্ল’বেল নৰ্থ দেশৰ তথ্যৰ দৰেই ব্যাপক হ’লে হয়তো আৰু অধিক পৰিমাণৰ অৰ্থনৈতিক আৰু মানৱীয় প্ৰভাৱ দৃশ্যমান হ’ব পাৰে ।
তেওঁ সকীয়াই দিয়ে যে আমি জলবায়ু সংকটৰ এক জটিল আৰু অভাৱনীয় পৰ্যায়ত প্ৰৱেশ কৰিছো, যিয়ে বিশ্বজুৰি মানৱ জাতিৰ সামাজিক উন্নয়ন আৰু নিৰাপত্তাত ক্ৰমান্বয়ে প্ৰভাৱ পেলাব ।
লগতে পঢ়ক

