হায়দৰাবাদ: ইছৰোৱে চলোৱা শেহতীয়া পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ অভিযান দেওবাৰৰ পুৱা বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । 18 মে’ৰ পুৱাই অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C61 ব্যৱহাৰ কৰি সীমান্ত অঞ্চলত চোকা নজৰ প্ৰদানৰ বাবে উপগ্ৰহ উৎক্ষেপণ কৰাৰ বাবে ইছৰোৱে প্ৰস্তুতি চলাইছিল । শেহতীয়াকৈ সংস্থাটোৱে নিশ্চিত কৰিছে যে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা 5:59 বজাত পিএছএলভি-C61 ৰকেট উৎক্ষেপণ কৰাৰ পিছত EOS-09 অভিযান “সম্পূৰ্ণ কৰিব পৰা নগ’ল ।"
ইছৰোৱে কয়, "101 সংখ্যক উৎক্ষেপণৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল ৷ এই প্ৰচেষ্টা দ্বিতীয় পৰ্যায়লৈ সফল হৈছিল ৷ তৃতীয় পৰ্যায়ত হোৱা কিছু পৰ্যবেক্ষণৰ বাবে এই অভিযান সম্পূৰ্ণ কৰিব পৰা নগ’ল ৷"
Today 101st launch was attempted, PSLV-C61 performance was normal till 2nd stage. Due to an observation in 3rd stage, the mission could not be accomplished.
— ISRO (@isro) May 18, 2025
এই বিফলতাৰ কাৰণ বিশ্লেষণৰ পিছত এই সন্দৰ্ভত বিতং তথ্য আগবঢ়োৱা হ’ব বুলি ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে জনায় ৷
নাগৰিকৰ সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এই অভিযান অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । শেহতীয়াকৈ ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পিছত ভাৰতে মহাকাশ ভিত্তিক চোৱাচিতাৰ ক্ষমতা দ্ৰুতগতিত সম্প্ৰসাৰণ কৰি সকলো নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰিছে । এই নিৰীক্ষণ উপগ্ৰহটোৱে প্ৰতিকূল বতৰতো কাম কৰিব । সমান্তৰালভাৱে ই সৰু সৰু গতিবিধি ধৰা পেলাবলৈও সক্ষম ।
EOS-09 উপগ্ৰহত উন্নত চি-বেণ্ড চিন্থেটিক এপাৰচাৰ ৰাডাৰ (SAR) ব্যৱহাৰ কৰা হৈছে, যিয়ে সকলো বতৰত দিন-ৰাতি ইমেজিং প্ৰদান কৰিব পাৰে । বিশেষকৈ সঠিক সময়ত প্ৰতিটো স্পৰ্শকাতৰ সীমান্তত চোকা নজৰ ৰাখিব পাৰে ৷ এক কথাত ক’বলৈ গ’লে উপকূলীয় চোৰাংচোৱাগিৰি আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে এনে পদক্ষেপ যথেষ্ট গুৰুত্বপূৰ্ণ ।
অসামৰিক আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে উপযোগী
🚀 LIFTOFF!
— ISRO (@isro) May 18, 2025
ISRO’s 101st launch mission takes flight aboard PSLV-C61
📺 Watch Live Streamhttps://t.co/JTNzdc1own
More information: https://t.co/cIrVUJxKJx#ISRO #ISRO101
এই এপটোৱে শত্ৰুৰ ওপৰত চকু ৰখাই নহয়, আন আন ক্ষেত্ৰতো সহায়ক হ’ব বুল ইছৰোৱে জনাইছিল । যেনে কৃষি (শস্য নিৰীক্ষণ, মাটিৰ উৰ্বৰতা পৰীক্ষা), জলবিজ্ঞান, বন মেপিং আদি । ইয়াৰ উপৰিও এই উপগ্ৰহটোৰ সহায়ত গুৰুত্বপূৰ্ণ দুৰ্যোগ ব্যৱস্থাপনা ক্ষেএত ব্যৱহাৰ কৰি - বানৰ বাস্তৱ সময়ৰ মানচিত্ৰ প্ৰদান কৰিব পৰাৰ লগতে আৰু ঘূৰ্ণীবতাহ আৰু ভূমিস্খলনৰ গতিবিধি অনুসৰণ কৰি মানুহক বৃহৎ দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পাৰি ।
ইছৰোৰ প্ৰাক্তন বিজ্ঞানী মনীষ পুৰোহিতে কয় যে এই উপগ্ৰহত হাই ৰিজ’লিউচন স্পটলাইট, মিডিয়াম ৰিজ’লিউচন স্কেনছাৰকে ধৰি পাঁচটা ইমেজিং মোড আছে । সৰু বস্তুৰ নিৰীক্ষণৰ পৰা আৰম্ভ কৰি বৃহৎ অঞ্চলৰ নিৰীক্ষণলৈকে এই উপগ্ৰহটো ইছৰোই ব্যৱহাৰ কৰিব পাৰে । ইতিমধ্যে উপলব্ধ Resourcesat, Cartosat আৰু RISAT-2B উপগ্ৰহত যোগদান কৰিব EOS-09 এ আকাশৰ পৰা শত্ৰুৰ ওপৰত চকু ৰাখিব ।
মহাকাশ চোৱাচিতা ব্যৱস্থাৰ সম্প্ৰসাৰণ
ইছৰোই অহা 5 বছৰত 1710 কিলোগ্ৰাম ওজনৰ ইঅ’এছ-09কে ধৰি 52 টা পৰ্যবেক্ষণ উপগ্ৰহ উৎক্ষেপণৰ লক্ষ্য ৰাখিছে । এই উপগ্ৰহসমূহে বতৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি কৃষি, কৌশলগত আন্তঃগাঁথনি আৰু সীমান্তৰ গতিবিধিলৈকে সকলোকে নিৰীক্ষণ কৰিব । ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে বাৰে বাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত উপগ্ৰহ প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । PSLV-C61/EOS-09 মিছনৰ জৰিয়তে ইছৰোৱে প্ৰযুক্তিগত উৎকৰ্ষতা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ দুয়োটাৰে প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে বুলি ইছৰোৰ অধ্যক্ষই শেহতীয়াকৈ কয় ।
লগতে পঢ়ক