ভাৰত-পাকিস্তান সংঘাত: আপোনাৰ মোবাইলটোতেই কেনেকৈ লাভ কৰিব ভাৰত চৰকাৰৰ জৰুৰীকালীন বাৰ্তা ?
জৰুৰীকালীন সময়ত নাগৰিকক সুৰক্ষা সম্পৰ্কীয় সৰ্তকতাবাণী প্ৰদানৰ বাবে দূৰসংযোগ বিভাগ (DoT) ৰ পদক্ষেপ ৷ এই পদক্ষেপৰ জৰিয়তে এণ্ড্ৰইড অথবা আইফোন ব্যৱহাৰকাৰীয়ে লাভ কৰিব সৰ্তকতাবাণী ৷

Published : May 11, 2025 at 10:52 AM IST
হায়দৰাবাদ: বৰ্তমানেও অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত সংঘাত ৷ প্ৰতি মুহুৰ্ততে সীমান্তত উত্তেজনাৰ সৃষ্টি হোৱাৰ খবৰ পোৱা গৈছে ৷ এই পৰিস্থিতিত মানুহে চৰকাৰৰ পৰা সময়োপযোগী আৰু প্ৰয়োজনীয় তথ্য লাভ কৰাটো অতি প্ৰয়োজনীয় । যাতে সুৰক্ষিত ব্যৱস্থা গ্ৰহণ কৰি সুৰক্ষিত হৈ থাকিব পাৰে । এণ্ড্ৰইড আৰু আইফোন দুয়োটা স্মাৰ্টফোনতে এক ব্যৱস্থা আছে যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে চৰকাৰ আৰু সংশ্লিষ্ট সংস্থাৰ জৰিয়তে জৰুৰীকালীন তথ্য লাভ কৰিব পাৰে ।
এই সতৰ্কবাণী বাৰ্তাসমূহ বিনামূলীয়া আৰু পোনপটীয়াকৈ আপোনাৰ ফোনলৈ প্ৰেৰণ কৰা হয় । সাধাৰণতে ইয়াত চৰকাৰৰ একোটা জৰুৰী বাৰ্তা থাকে যাতে জনসাধাৰণক আহিব পৰা গুৰুতৰ ভাবুকি সন্দৰ্ভত সতৰ্ক কৰি দিয়া হয় ৷ সন্ত্ৰাসবাদী আক্ৰমণ অথবা দেশৰ নিৰাপত্তাৰ সৈতে জড়িত পৰিস্থিতিৰ লগতে প্ৰাকৃতিক জৰুৰীকালীন অৱস্থা যেনে ভূমিকম্প, বানপানী আদিৰ বাবেও চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয় সৰ্তকতাবাণী । এই সতৰ্কবাণীসমূহে এটা বিশেষ নেটৱৰ্ক চেনেল ব্যৱহাৰ কৰে, যিয়ে দুৰ্বল নেটৱৰ্ক থকাৰ সময়তো আপোনাৰ ফোনত বাৰ্তাসমূহ পোৱাৰ অনুমতি দিয়ে ।
Share with everyone...Turn on these settings...
— Gaurav Chaudhary (@TechnicalGuruji) May 9, 2025
📱 For iPhone:
Settings → Notifications → Scroll down → Government Alerts → Turn ON “Emergency Alerts” & “Public Safety Alerts”
🤖 For Android (may vary slightly by brand):
Settings → Safety & emergency → Wireless emergency… pic.twitter.com/sZxUba9SIl
যদি আপোনাৰ মোবাইলত জৰুৰীকালীন সতৰ্কবাণী বন্ধ হৈ থাকে তেন্তে গুৰুত্বপূৰ্ণ তথ্য লাভ নকৰিব পাৰে । গতিকে আপুনি এণ্ড্ৰইড বা আইফোন ব্যৱহাৰকাৰী যিয়েই নহওঁক, চৰকাৰৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ আপুনি কেনেকৈ আপোনাৰ ডিভাইচত জৰুৰীকালীন সতৰ্কবাণী অন কৰিব পাৰে জানক:
এণ্ড্ৰইড ব্যৱহাৰকাৰী
মোবাইলৰ 'Settings' লৈ যাওঁক ।
- তাৰ পিছত ছেটিংছ চাৰ্চ বাৰত ‘Safety and Emergency’ বা ‘Emergency alerts’ বুলি সন্ধান কৰক ।
- তাৰ পিছত 'ৱায়াৰলেছ জৰুৰীকালীন সতৰ্কবাণী' নিৰ্বাচন কৰক ।
- ইয়াত সকলো বিকল্প অন কৰক ।
মন কৰিবলগীয়া যে যদি আপুনি Samsung, Xiaomi বা OnePlus মোবাইল ব্যৱহাৰ কৰি আছে তেন্তে ওপৰৰ ছেটিঙৰ নামটো অলপ বেলেগকৈ লাভ কৰিব পাৰে । 'ৱায়াৰলেছ জৰুৰীকালীন সতৰ্কবাণী' বিকল্প আপোনাৰ ফোনত উন্নত, অধিক ছেটিংছ বা চেল সম্প্ৰচাৰত থাকিব পাৰে ।
আইফোন ব্যৱহাৰকাৰী
- Settings app খুলি Notifications লৈ যাওঁক ।
- তললৈ স্ক্ৰল কৰক আৰু 'চৰকাৰ সতৰ্কবাণী' বিকল্পটো পৰীক্ষা কৰক।
- তাৰ পিছত 'Test Alerts' অন কৰক ।
2024 চনৰ ছেপ্টেম্বৰ মাহত দিল্লী-এনচিআৰৰ কেইবাজনো ব্যৱহাৰকাৰীক DoT ৰ পৰা এটা পৰীক্ষামূলক বাৰ্তা প্ৰেৰণ কৰা হৈছিল ৷ দূৰসংযোগ বিভাগে চেল ব্ৰডকাষ্টিং চিষ্টেমৰ জৰিয়তে প্ৰেৰণ কৰিছিল এই পৰীক্ষামূলক বাৰ্তা । প্ৰাকৃতিক দুৰ্যোগ, সন্ত্ৰাসবাদী আক্ৰমণ বা যিকোনো ৰাষ্ট্ৰীয় দুৰ্যোগৰ ক্ষেত্ৰত সঠিক সময়ত সতৰ্কবাণী প্ৰেৰণৰ বাবে এই ব্যৱস্থাসমূহ ভাৰত চৰকাৰে গ্ৰহণ কৰিছে ।
লগতে পঢ়ক

