হায়দৰাবাদ: বুধবাৰৰ পুৱাই ধৰাত খোজ পেলালে 10 মাহ ধৰি মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছৰ লগতে আন 3 গৰাকী মহাকাশচাৰীয়ে ৷ নাছাৰ Crew-9 পৃথিৱীলৈ ঘূৰি আহে ইল’ন মাস্কৰ স্পেচ এক্সৰ সহায়ত ৷ অৱশ্যে মহাকাশচাৰীগৰাকী পৃথিৱীলৈ নামি অহাৰ লগে লগে এই সন্দৰ্ভত বিভিন্ন তৰ্ক-বিতৰ্কৰ সূত্ৰপাত আৰম্ভ হৈছে ৷ ৰাজনৈতিক কাৰণত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতীয় বংশোদ্ভৱ সুনীতা উইলিয়ামছক পৃথিৱীলৈ ঘূৰাই অনা নাছিল বুলি দাবী কৰিছে আৰৱপতি ইলন মাস্কে ৷
ড্ৰেগন কেপচুলৰ স্প্লেচডাউনৰ মুহূৰ্তটো নিজৰ X হেণ্ডেলত পোষ্ট কৰি ইলন মাস্কে লিখিছে, “মহাকাশচাৰীসকলক নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে স্পেচএক্স আৰু নাছাৰ দললৈ বহুত অভিনন্দন । এই অভিযানক অগ্ৰাধিকাৰ দিয়াৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিক ধন্যবাদ ।"
Congratulations to the @SpaceX and @NASA teams for another safe astronaut return!
— Elon Musk (@elonmusk) March 18, 2025
Thank you to @POTUS for prioritizing this mission! https://t.co/KknFDbh59s
স্পেচএক্সৰ মুখ্য ইলন মাস্কে মহাকাশচাৰীৰ দলটো পৃথিৱীলৈ অহাত পলম হোৱাৰ বাবে বাইডেন চৰকাৰক লক্ষ্য কৰি লোৱা দেখা গৈছিল । এতিয়া সুনীতা ঘূৰি অহাৰ লগে লগে ট্ৰাম্প-মাস্কে আকৌ এবাৰ বাইডেন প্ৰশাসনক লক্ষ্য কৰি লোৱা দেখা গৈছে । শেহতীয়াকৈ এক সাক্ষাৎকাৰত টেছলাৰ কাৰ্যবাহীগৰাকীয়ে পুনৰবাৰ দাবী কৰে যে বাইডেন প্ৰশাসনে ৰাজনৈতিক কাৰণত মহাকাশচাৰীসকলক ঘূৰাই অনা নাছিল । কিন্তু ড’নাল্ড ট্ৰাম্প প্ৰশাসনে এই অভিযানক গুৰুত্ব দিছে । গতিকে মহাকাশচাৰীসকল ঠিক সময়ত উভতি আহিছে ।"
মাস্কৰ ভাষাত, "আমি অৱশ্যেই ইতিমধ্যে মহাকাশচাৰীসকলক ঘূৰাই পঠোৱাৰ প্ৰস্তাৱ দিছিলো । এই সন্দৰ্ভত কোনো প্ৰশ্নই উত্থাপন নহয় । মহাকাশচাৰীসকল তাত থকাৰ কথা আছিল মাত্ৰ আঠ দিন আৰু তেওঁলোকক তাত ৰখা হ’ল প্ৰায় 10 মাহ । স্পষ্টভাৱে তাৰ কোনো যুক্তি নাই । স্পেচএক্সে কেইমাহমানৰ ভিতৰতে মহাকাশচাৰীসকলক ঘূৰাই আনিব পাৰিলেহেঁতেন আৰু আমি সেই প্ৰস্তাৱ বাইডেন প্ৰশাসনক দিছিলো । ৰাজনৈতিক কাৰণত ইয়াক নাকচ কৰা হৈছিল ।"
উল্লেখ্য যে, ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলম’ৰ 286 দিনৰ অন্তত নিৰাপদে পৃথিৱীলৈ উভতি আহিছে 19 মাৰ্চৰ দিনা । বুধবাৰে পুৱা 3.27 বজাত (ভাৰত সময় অনুসৰি) মহাকাশচাৰীসকলক কঢ়িয়াই অনা ইলন মাস্কৰ স্পেচএক্স মহাকাশযানখন ফ্ল’ৰিডা সাগৰত অৱতৰণ কৰে আৰু তেওঁলোক উভতি অহাৰ পিছত হোৱাইট হাউছে এটা বাৰ্তা দিলে য’ত লিখা আছিল, "প্ৰতিশ্ৰুতি কৰাৰ দৰে প্ৰতিশ্ৰুতি পালন কৰা হৈছে " অৰ্থাৎ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সুনীতাসকলক ঘৰলৈ অনাৰ প্ৰতিশ্ৰুতি পালন কৰিছে ।