ETV Bharat / technology

লেজাৰভিত্তিক অস্ত্ৰ পৰীক্ষা সম্পন্ন DRDO ৰ, নিমিষতে ধ্বংস কৰিলে ড্ৰ’ন - DRDO LASER BASED WEAPON SYSTEM

DRDO এ নিৰ্মাণ কৰিছে লেজাৰভিত্তিক অস্ত্ৰ ৷ এই লেজাৰ ৰশ্মিৰ দ্বাৰা শত্ৰুৰ যিকোনো ক্ষেপণাস্ত্ৰৰ লগতে ড্ৰ’নো নিমিষতে ধ্বংস কৰিব পাৰে ।

drdo-tests-laser-based-weapon-system-destroys-drones-in-seconds
লেজাৰভিত্তিক অস্ত্ৰ পৰীক্ষা সম্পন্ন DRDO ৰ, নিমিষতে ধ্বংস কৰিলে ড্ৰ’ন (X/DRDO)
author img

By ETV Bharat Tech Team

Published : April 14, 2025 at 5:08 PM IST

3 Min Read

হায়দৰাবাদ: দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ বাবে ভাল খবৰ ৷ শত্ৰুৰ ক্ষেপণাস্ত্ৰ, ড্ৰ’ন আৰু অস্ত্ৰক কেইছেকেণ্ডমানৰ ভিতৰতে ধ্বংস কৰিব পৰা লেজাৰ ব্যৱস্থাৰ সফলতাৰে পৰীক্ষা সম্পন্ন কৰিছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই । দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলৰ নেশ্যনেল অ’পেন এয়াৰ ৰেঞ্জত এই পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰ লগে লগে ভাৰতে সেই কেইখনমান দেশৰ ভিতৰত অন্যতম এখন হৈ পৰিছে যিবোৰ দেশৰ আটাইতকৈ শক্তিশালী লেজাৰ-ডাইৰেক্টেড এনাৰ্জি ৱেপন (DEW) ব্যৱস্থা আছে । এই অস্ত্ৰটো হায়দৰাবাদস্থিত ডি আৰ ডি অ’ লেবৰেটৰী চেণ্টাৰ ফৰ হাই এনাৰ্জি চিষ্টেমছ এণ্ড চাইন্সেছ (চেছ)ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে । স্মৰ্তব্য যে, এই প্ৰযুক্তি আমেৰিকা, ৰাছিয়া, চীন আদি উন্নত দেশৰ আছে ৷

দেশৰ অন্যান্য পৰীক্ষাগাৰ, শৈক্ষিক প্ৰতিষ্ঠান আৰু উদ্যোগসমূহেও ইয়াত অংশগ্ৰহণ কৰিছে । এই অস্ত্ৰৰ নাম মাৰ্ক-2 (A) DEW । ডি আৰ ডি অ’ই এক বিবৃতিযোগে কয় যে এই অস্ত্ৰই শেহতীয়া পৰীক্ষাত নিজৰ সম্পূৰ্ণ সম্ভাৱনা তথা শক্তি প্ৰদৰ্শন কৰিছে । এই পৰীক্ষাত দেখা গৈছে যে ই যথেষ্ট দূৰত্বত অৱস্থিত এখন ফিক্সড উইং ড্ৰ’ন গুলীয়াবলৈ সক্ষম ।

ডি আৰ ডি অ’ই আৰু কয় যে তেওঁলোকে ড্ৰ’ন আক্ৰমণ বিফল কৰি ‘শত্ৰুৰ’ চোৱাচিতা চেন্সৰ আৰু এণ্টিনা ধ্বংস কৰে । ডি আৰ ডি অ’ৰ মতে এই ক্ষেপণাস্ত্ৰই কেইছেকেণ্ডমানৰ ভিতৰতে লক্ষ্যত আঘাত কৰিবলৈ সক্ষম । আমেৰিকা, চীন আৰু ৰাছিয়াই সফলতাৰে পৰীক্ষা কৰিছে DEW অস্ত্ৰ ।

ইজৰাইলেও এইক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলাই আছে । এনে উন্নত অস্ত্ৰ ব্যৱস্থাই যুদ্ধক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব । ব্যয়বহুল সঁজুলিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব । ই লক্ষ্যত সঠিকভাৱে আঘাত কৰে । এই পৰীক্ষাৰ সময়ত অনুষ্ঠানটোত আছিল ডি আৰ ডি অ’ৰ অধ্যক্ষ সমীৰ কামাত ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ডি আৰ ডি অ’ৰ অধ্যক্ষ সমীৰ ভি কামাতে এয়া মাত্ৰ আৰম্ভণিহে বুলি উল্লেখ কৰি কয়, "আমি এনে বহু প্ৰযুক্তিৰ ওপৰত কাম কৰি আছো । আমি জনাত কেৱল আমেৰিকা, ৰাছিয়া আৰু চীনৰ আছে লেজাৰ অস্ত্ৰৰ ক্ষমতা আৰু ইজৰাইলেও বৰ্তমান এইধৰণৰ কামত জড়িত হৈ আছে । ভাৰতত এনে অস্ত্ৰ ব্যৱস্থা থকা চতুৰ্থ অথবা পঞ্চমখন দেশ ।

লগতে পঢ়ক

পাইলটবিহীন উৰন্ত টেক্সি সেৱা - ক’ত লাভ কৰিব পাৰিব এই শিহৰণকাৰী অভিজ্ঞতাৰ সোৱাদ

ঘিবলী ট্ৰেণ্ড: ফটো আপলোড কৰাৰ পূৰ্বে সাৱধানতা অৱলম্বনৰ আহ্বান ডিজিটেল অধিকাৰ কৰ্মীৰ

পৃথিৱী ধ্বংসকাৰী গ্ৰহাণু: হিৰোছিমা বোমাতকৈও 500 গুণ অধিক হ’ব প্ৰভাৱ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.