দীৰ্ঘ দূৰত্বৰ হাইপাৰছন মিছাইলৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন ভাৰতৰ
দীৰ্ঘ দূৰত্বৰ হাইপাৰছন মিছাইলৰ পৰীক্ষা-নিৰীক্ষা সফলতাৰে সম্পন্ন ভাৰতৰ ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াক উল্লেখযোগ্য কৃতিত্ব বুলি অভিহিত কৰাৰ লগতে ঐতিহাসিক মুহূৰ্ত বুলি কয় ৷

Published : November 17, 2024 at 2:07 PM IST
হায়দৰাবাদ: দেওবাৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ওড়িশা উপকূলৰ এপিজে আব্দুল কালাম দ্বীপৰ পৰা দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক মিছাইলৰ উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে । ডি আৰ ডি অ’ৰ সফল প্ৰচেষ্টাক প্ৰশংসা কৰি X যোগে এই কথা ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ।
সিঙে এই ক্ষেপণাস্ত্ৰৰ পৰীক্ষা-নিৰ্বাহক এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে, কিয়নো ইয়াৰ দ্বাৰা ভাৰতক এনে জটিল প্ৰযুক্তি বিকাশৰ ক্ষমতা থকা নিৰ্বাচিত ৰাষ্ট্ৰৰ গোটত স্থান দিয়া হৈছে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ‘X’ ত কয়, "ভাৰতে ওড়িশাৰ উপকূলৰ সমীপত ডাঃ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক মিছাইলৰ উৰণ পৰীক্ষা সফলতাৰে চলাই এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিছে ।"
India has achieved a major milestone by successfully conducting flight trial of long range hypersonic missile from Dr APJ Abdul Kalam Island, off-the-coast of Odisha. This is a historic moment and this significant achievement has put our country in the group of select nations… pic.twitter.com/jZzdTwIF6w
— Rajnath Singh (@rajnathsingh) November 17, 2024
তেওঁ লগতে কয়, "এইটো এটা ঐতিহাসিক মুহূৰ্ত আৰু এই উল্লেখযোগ্য কৃতিত্বই আমাৰ দেশক এনে জটিল আৰু উন্নত সামৰিক প্ৰযুক্তিৰ সামৰ্থ থকা নিৰ্বাচিত ৰাষ্ট্ৰৰ গোটত স্থান দিছে । সিঙে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’), সশস্ত্ৰ বাহিনী আৰু উদ্যোগটোক অভিনন্দন জনাই এই কাৰ্যক “অসাধাৰণ” কৃতিত্ব বুলি অভিহিত কৰিছে । সিঙে লিখিছে, "হাইপাৰছ’নিক মিছাইলৰ সফল উৰণ পৰীক্ষাই ভাৰতক এনে জটিল ক্ষমতা থকা নিৰ্বাচিত ৰাষ্ট্ৰৰ গোটত স্থান দিছে ।"
তেওঁ আৰু পোষ্টটোত লিখিছে, "এয়া এক ঐতিহাসিক মুহূৰ্ত আৰু এই উল্লেখযোগ্য কৃতিত্বই আমাৰ দেশক এনে জটিল আৰু উন্নত সামৰিক প্ৰযুক্তিৰ সামৰ্থ থকা নিৰ্বাচিত ৰাষ্ট্ৰৰ গোটত স্থান দিছে । মই টিম @DRDO_India, আমাৰ সশস্ত্ৰ বাহিনী আৰু উদ্যোগটোক অসাধাৰণ কৃতিত্বৰ বাবে অভিনন্দন জনাইছো ।"

