গগনযান অভিযান: CTTC এ নিৰ্মাণ সম্পন্ন কৰিছে ব্যোমমিত্ৰৰ প্ৰয়োজনীয় বিভিন্ন অংশৰ
ব্যোমমিত্ৰ ৰবট নিৰ্মাণ কৰিবলৈ গৱেষণাৰ বাবে দুবছৰ আৰু চাৰি মাহ সময়ৰ প্ৰয়োজন হৈছিল । টাইটানিয়াম ব্যৱহাৰ কৰি গগনযান মানৱৰূপী ৰবটটো নিৰ্মাণ কৰা হৈছে ।

Published : October 9, 2025 at 12:39 PM IST
হায়দৰাবাদ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত গগনযান মহাকাশ অভিযানৰ অংশ হিচাপে এখন মানৱবিহীন মহাকাশযান উৎক্ষেপণ কৰিব । ইয়াত ব্যোমমিত্ৰ নামৰ মানৱৰূপী ৰবট এটা থাকিব, যিটো মহাকাশলৈ প্ৰেৰণ কৰা হ’ব । ভুৱনেশ্বৰত অৱস্থিত চেণ্ট্ৰেল টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰে (চিটিটিচি) ৰবটটোৰ মূৰ, দুখন হাত আৰু শৰীৰৰ আধা অংশ নিৰ্মাণ কৰিছে । উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানটোৱে পূৰ্বে চন্দ্ৰযান মহাকাশ অভিযানৰ বাবে উপাদান নিৰ্মাণ কৰাৰ লগতে ধ্বংসাৱশেষ মুক্ত মহাকাশ অভিযান (DFSM) পদক্ষেপতো অৰিহণা যোগাইছিল ।
আজিলৈকে ইছৰোই নিজাববীয়াকৈ মহাকাশলৈ মানুহ পঠিয়াব পৰা নাই । গগনযান মহাকাশ অভিযানৰ আৰম্ভণিৰ জৰিয়তে মহাকাশ সংস্থাটোৱে মানুহক মহাকাশলৈ কঢ়িয়াই নিয়াৰ লগতে নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈছে । ইয়াৰ বাবে ইছৰোই তিনিটা মানৱবিহীন পৰীক্ষামূলক মহাকাশ বিমান চলাব । প্ৰথম পৰ্যায়ত ইয়াৰ দ্বাৰা উৎক্ষেপণ কৰা হ’ব Vyommitra নামৰ মানৱৰূপী ৰবট । পৰীক্ষামূলক মহাকাশ অভিযান সফল হ’লে ইছৰোই চাৰিজন মহাকাশচাৰীক লৈ মানৱবাহী মহাকাশ অভিযানৰ কাম আগবঢ়াই নিব ।

গগনযান মহাকাশ অভিযানত CTTC ৰ ভূমিকা
গগনযান মহাকাশ অভিযানত CTTC ভুৱনেশ্বৰে উল্লেখযোগ্য ভূমিকা পালন কৰিছে । এই বছৰ ইয়াৰ নিৰ্মাণৰ প্ৰায় আধা অংশ ব্যেমমিত্ৰৰ কাম সম্পূৰ্ণ কৰা হৈছে, ইতিমধ্যে ইয়াৰ 90 শতাংশ কাম কৰা হৈছে ।
ব্যোমমিত্ৰৰ গাঁথনিৰ সন্দৰ্ভত CTTC ৰ জেনেৰেল মেনেজাৰ এল ৰাজেখৰে ETV Bharat ক কয় যে ইয়াৰ উপাদানসমূহ প্ৰস্তুত কৰিবলৈ দুবছৰীয়া গৱেষণাৰ প্ৰয়োজন হৈছিল, যিবোৰ চাৰি মাহৰ ভিতৰতে সফলতাৰে নিৰ্মাণ কৰা হৈছিল । ব্যেমমিত্ৰই থ্ৰীডি প্ৰিন্টিং আৰু আধুনিক সামগ্ৰী ব্যৱহাৰ কৰে আৰু মহাকাশৰ বাবে ৰাডাৰ আৰু স্কেনিং ক্ষমতাৰে সজ্জিত । ইয়াক দুবছৰ মহাকাশত থাকিবলৈ ডিজাইন কৰা হৈছে । ৰাজশেখৰে উল্লেখ কৰে যে এই ৰবটটোৰ দাম প্ৰায় 4.5 লাখ টকা ।

প্ৰায় 200 জন সদস্য জড়িত
CTTC ৰ প্ৰডাকচন মেনেজাৰ বিজয় কুমাৰৰ তত্বাৱধানত প্ৰায় 200 জন লোক জড়িত এই প্ৰকল্পত । ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে ৰবটটোৰ মূৰ, দুখন হাত আৰু শৰীৰৰ আধা অংশকে ধৰি ব্যৱস্থাটো চাৰি মাহত নিৰ্মাণ কৰা হৈছে । টাইটানিয়ামৰ দ্বাৰা নিৰ্মিত এই ৰবটটোৰ ওজন 800 গ্ৰাম । ইয়াক কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি চলোৱা হ’ব । কুমাৰে লগতে উল্লেখ কৰে যে এবছৰৰ আগতে এই ৰবটটোৱে কাম আৰম্ভ কৰিছিল আৰু বিস্তৃত গৱেষণাৰ অন্তত অতি কম সময়ৰ ভিতৰতে ইয়াৰ কাম সম্পূৰ্ণ হৈছিল । আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰবটটো পৰিদৰ্শন আৰু পৰীক্ষা কৰিছিল ।
মহাকাশ পৰিষ্কৰণত CTTC ৰ অৱদান
বিফল মহাকাশযান সাধাৰণতে মহাকাশৰ আৱৰ্জনা হিচাপে শতিকাজুৰি কক্ষপথত থাকে, যিয়ে অন্যান্য মহাকাশযান আৰু আকাশী বস্তুৰ বাবে সম্ভাৱ্য ভাবুকিৰ সৃষ্টি কৰে । এই সমস্যাৰ সমাধানৰ বাবে মহাকাশ সংস্থাসমূহে এনে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম কৰে ।
CTTC য়ে ডকিং ফেচিলিটি গঢ়ি তুলিছে, যাৰ সহায়ত ইছৰোৱে এই জাংক পৰিষ্কাৰ কৰিব পাৰে । চন্দ্ৰযান অৱতৰণ কৰা স্থান “শিৱশক্তি”ত ইয়াক স্থাপন কৰা হ’ব । তাৰ পৰাই এই অত্যাধুনিক যন্ত্ৰটোৱে মহাকাশ কেন্দ্ৰৰ সমীপৰ পুৰণি উপগ্ৰহৰ পৰা ধ্বংসাৱশেষ সংগ্ৰহ কৰিব ।

ৰাজশেখৰে উল্লেখ কৰে যে বৰ্তমান এই ব্যৱস্থাৰ পৰীক্ষা চলি আছে ।
CTTC লৈ কেন্দ্ৰীয় অনুদান

কেন্দ্ৰীয় চৰকাৰে CTTC লৈ 53 হাজাৰ কোটি টকা অনুদানৰ অনুমোদন জনাইছে । ইয়াক উন্নয়ন, গৱেষণা আৰু নতুন প্ৰযুক্তিৰ বাবে ব্যৱহাৰ কৰা হ’ব । অনাগত দিনত CTTC য়ে 30 টা নতুন বিমানৰ উপাদান নিৰ্মাণৰ পৰিকল্পনা কৰিছে ।
লগতে পঢ়ক

