ETV Bharat / technology

চলিত মাহতেই মুকলি হ’ব CMF Phone 2

শীঘ্ৰে মুকলি হ’ব CMF Phone 2 । এই ফোনটোৰ বিষয়ে জানো আহক---

cmf-phone-2-expected-launch-date-leaked-camera-display-specifications-details
চলিত মাহতেই মুকলি হ’ব CMF Phone 2 (CMF)
author img

By ETV Bharat Tech Team

Published : April 1, 2025 at 2:51 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ব্যৱহাৰকাৰীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে চিএমএফ ফোন 2 ৰ বাবে । UK ৰ কোম্পানী নাথিঙৰ ছাব ব্ৰেণ্ড কোম্পানী চিএমএফে অতি সোনকালে বিশ্ব বজাৰত নিজৰ নতুন স্মাৰ্টফোনটো মুকলি কৰিবলৈ ওলাইছে । কোম্পানীটোৱে এই ফোনটোৰ পাবজি ফটোখন ছ’চিয়েল মিডিয়াত মুকলি কৰিছে, যাৰ জৰিয়তে এই ফোনটোৰ বহু গুৰুত্বপূৰ্ণ সবিশেষ প্ৰকাশ পাইছে । চিএমএফৰ এই ফোনটোৰ সকলো সবিশেষ আৰু সম্ভাৱ্য মুকলিৰ সময়ৰ বিষয়ে জানো আহক ---

CMF Phone 2 ৰ সম্ভাৱ্য বিৱৰণ

CMF Phone 2 অহা মাহত অৰ্থাৎ এপ্ৰিল মাহত মুকলি কৰিব । টিপষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি এপ্ৰিল মাহৰ প্ৰথমাৰ্ধত চিএমএফৰ নতুন ফোন আৰু কিছু আনুষংগিক সামগ্ৰী মুকলি কৰিব । এই ফোনত কোম্পানীয়ে 6.3 ইঞ্চিৰ AMOLED স্ক্ৰীণ দিব পাৰে বুলি আশা কৰা হৈছে, যাৰ ৰিফ্ৰেছ ৰেট 120 হাৰ্টজ হ’ব পাৰে । এই ফোনটোৰ শীৰ্ষ উজ্জ্বলতা 2500 নিট হোৱাৰ সম্ভাৱনা আছে । এই ফোনটোৰ প্ৰচেছৰৰ বাবে কোম্পানীয়ে মিডিয়াটেক ডাইমেনচিটি 7400 চিপছেট প্ৰদান কৰিব পাৰে, যিটো 8 জিবি এলপিডিডিআৰ৪এক্স ৰেম আৰু 256 জিবি ইউএফএছ 2.2 ষ্ট’ৰেজৰ সৈতে আহিব পাৰে ।

এই ফোনত কোম্পানীয়ে 5000mAh বেটাৰী আৰু 50W ফাষ্ট চাৰ্জিং সমৰ্থনও দিব পাৰে । CMF ৰ এই ফোনটো Android 15 ৰ ভিত্তিত NothingOS 3.1 ত চলিব পাৰে ।ইয়াৰ উপৰিও ব্যৱহাৰকাৰীক এই ফোনটোৰ পিছফালে ট্ৰিপল কেমেৰা ছেটআপ দিয়া হ’ব, যাৰ মূল কেমেৰা 50MP, দ্বিতীয় কেমেৰা 8MP আল্ট্ৰা ৱাইড এংগেল আৰু তৃতীয় কেমেৰা 2MP চেন্সৰৰ সৈতে আহিব পাৰে । এই ফোনত কোম্পানীয়ে চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 16 এমপি ফ্ৰন্ট কেমেৰা দিব পাৰিব ।