গুৱাহাটী, 5 জুন: আজি সমগ্ৰ বিশ্বজুৰি পালিত হৈছে 52 সংখ্যক বিশ্ব পৰিৱেশ দিৱস । পৰিৱেশৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ লগতে আমাৰ ৰাজ্যখনৰো বিভিন্ন স্থানত পালন কৰা হৈছে এই বিশ্ব পৰিৱেশ দিৱস । উল্লেখ কৰা প্ৰয়োজন যে পৰিৱেশৰ প্ৰভাৱ আমাৰ জীৱনত সুদূৰপ্ৰসাৰী ৷ পৰিৱেশৰ বিভিন্ন কাৰকে বিভিন্ন ধৰণে আমাৰ দৈনন্দিন জীৱ যাত্ৰাত প্ৰভাৱ পেলায় ৷ আজিৰ এই বিশেষ দিনটোৰ এই বিশেষ প্ৰতিবেদনযোগে জলবায়ু পৰিৱৰ্তনে আমাৰ দৈনন্দিন জীৱনত কি দৰে প্ৰভাৱ পেলাই আহিছে সেই সন্দৰ্ভত অৱগত কৰিবলৈ বিচাৰিছো ।
আৰম্ভণিতে উল্লেখ কৰিব বিচাৰিছো যে জলবায়ু পৰিৱৰ্তন কেৱল আমাৰ ৰাজ্য অথবা দেশতেই হোৱা নাই ৷ সমগ্ৰ বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনে মানুহৰ দৈনন্দিন জীৱনত গভীৰভাৱে প্ৰভাৱ পেলাইছে। অনিয়মিত বৰষুণ ,অধিক গৰম বা অত্যাধিক শীতৰ লগতে ইয়ে প্ৰাকৃতিক দুৰ্যোগ আদিৰ ঘটনাও ক্ৰমাৎ বৃদ্ধি কৰিছে ৷ যিয়ে এতিয়া সকলোৰে জীৱন সংকটময় কৰি তুলিছে । লক্ষণীয় যে, অসমসহ উত্তৰ-পূৰ্বাঞ্চলত বাৰিষাৰ সময়ছোৱাত অতি প্ৰবল বৰষুণ আৰু আকস্মিক বানৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হৈছে । ইয়াৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰিও কৃষিপ্ৰধান ৰাজ্যখনৰ গৰিষ্ঠসংখ্যকৰ মুখ্য জীৱিকা শস্যখণ্ড ক্ষতিগ্ৰস্ত হৈছে ৷ সমান্তৰালভাৱে বিশুদ্ধ পানীৰ লগতে বিদ্যুৎ যোগান ব্যৱস্থাও ব্যাহত হোৱাৰ ফলত দৈনন্দিন জীৱন যাত্ৰা কঠিন হৈ পৰিছে । এই কাৰকবোৰে সমান্তৰালভাৱে সকলোৰে স্বাস্থ্য ওপৰতো নেতিবাচক প্ৰভাৱ পেলাইছে ।
জলবায়ু পৰিৱৰ্তনে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত কিদৰে প্ৰভাৱ পেলাইছে সেই সন্দৰ্ভত জানিবলৈ আমি যোগাযোগ কৰিছিলো পৰিৱেশবিদ জয়ন্ত পাঠকৰ সৈতে ৷ বিষয়টো সন্দৰ্ভত তেওঁ কয় , "জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অসমত যথেষ্ট । জনসাধাৰণে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ দৈনন্দিন জীৱনত অনুভৱ কৰিছে । মই অসমৰ 15 খন জিলাত জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰি ইয়াৰ প্ৰমাণ পাইছো । লগতে অনুভৱ কৰিছো যে 50 উৰ্ধৰ ব্যক্তিসকলে এই পৰিবৰ্তনৰ প্ৰভাৱ অতি ভালদৰে অনুধাৱন কৰিব পাৰিছে ।"

কৃষিক্ষেত্ৰত প্ৰভাৱ
পৰিৱেশবিদ পাঠকে কয়, "কৃষিক্ষেত্ৰ ,মাটিৰ উৰ্বৰতাৰ ক্ষেত্ৰত জলবায়ুৰ প্ৰভাৱ পৰা দেখা পোৱা গৈছে । চাহ কৃষকসকলৰ উৎপাদন হ্ৰাস পাইছে । তাৰ কাৰণ হৈছে অনিয়মীয়া বৰষুণ । কেতিয়াবা হঠাৎ নেৰানেপেৰা বৰষুণ হৈছে আৰু কেতিয়াবা খৰাং হৈছে । ইয়াৰ প্ৰভাৱ মানুহৰ জীৱন জীৱিকাত পৰিছে । তদুপৰি ডাৱৰ বিস্ফোৰণ আদিৰ দৰে ঘটনা বাঢ়ি যোৱাটো ও জলবায়ু পৰিৱৰ্তনৰ লক্ষণ বুলি বহু বিশেষজ্ঞই ক’ব বিচাৰে ।"
সমাজৰ কোন অংশ অধিক অধিক প্ৰভাৱান্ধিত
তেওঁ লগতে কয়, "সমাজৰ সকলো স্তৰৰ মানুহৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰে । কিন্তু সকলো মানুহ সমানে ভুক্তভোগী নহয় । জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মহিলা, শিশু আৰু আৰ্থিকভাৱে দুৰ্বল লোকসকলে অধিক ভুগিবলগীয়া হয় । ইয়াৰ কাৰণ তেওঁলোকৰ পৰিসীমিত সম্পদ আৰু বিকল্পৰ অভাৱ ।"
তেওঁ পুনৰ কয়, " জলবায়ু পৰিৱৰ্তন অকল শস্যৰ ক্ষেত্ৰতে নহয় জীৱ জন্তুৰ স্বাস্থ্যৰ ওপৰতো পৰা দেখা গৈছে । এই পৰিৱৰ্তনৰ প্ৰভাৱ মানুহৰ লগতে জীৱ-জন্তুৰ স্বাস্থ্যতো দেখা গৈছে । উষ্ণ প্ৰবাহৰ ফলত জন্তুৰ গৰ্ভপাতৰ দৰে ঘটনাৰ আশংকাও বৃদ্ধি পাবলৈ ধৰিছে । তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত মানুহে মৃত্যুক সাৱটিবলগীয়া হৈছে । তদুপৰি শিশু আৰু বয়োজ্যেষ্ঠসকলৰ দেহতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰা দেখা যায় । তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত মানুহৰ কাম কৰাৰ ক্ষমতা হ্ৰাস পাইছে আৰু মানসিক স্বাস্থ্যটো প্ৰভাৱ পৰা দেখা যায় ।
পৰিত্ৰাণৰ উপায়

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণৰ জৰিয়তে সজাগতা আনিব লাগিব । জলবায়ু পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰধানতঃ দুই ধৰণে কাৰ্যপন্থা গ্ৰহণ কৰা উচিত- জলবায়ু পৰিবৰ্তনৰ কাৰকবোৰ নিয়ন্ত্ৰণৰ পদক্ষেপ লোৱাৰ সমান্তৰালভাৱে জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা হ’ব পৰা ক্ষতি বা আশংকা হ্ৰাস কৰাৰ বাবে সুপৰিকল্পিত পৰিকল্পনা কাৰ্যকৰীকৰণ । জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত সকলো স্তৰতে সজাগতা আনিব লাগিব । আমাৰ থলুৱা প্ৰজাতিৰ শস্যৰ বীজবোৰ সংৰক্ষণ কৰাৰ লগতে পৰম্পৰাগত পদ্ধতিবোৰ ডকুমেন্ট কৰাৰ লগতে আমাৰ নিজস্ব কৌশলেৰে সাজু কৰিবলৈ শিকা উচিত ।
প্ৰাকৃতিক সম্পদ - সেউজীয়া গছ-গছনি, জলাশয় আদি প্ৰতিখন জিলাত জৰুৰীভাৱে সংৰক্ষণ কৰা উচিত বুলি পৰিৱেশবিদগৰাকীয়ে কয় ৷ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰত গুৰুত্ব প্ৰদানৰ পোষকতা কৰি জলবায়ু পৰিৱৰ্তনৰ লগত জনসাধাৰণ তথা ৰাজ্যখনে মোকাবিলা কৰিবলৈ ল’বলগীয়া সকলো পদক্ষেপ চৰকাৰে আগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ণ কৰা অত্যন্ত জৰুৰী বুলি পাঠকে কয় । পৰিৱেশবিদৰাকীয়ে লগতে ৰাইজ, চৰকাৰ সকলোৱে ঐক্যৱদ্ধভাৱে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিৰোধৰ বাবে কাম কৰাৰ গত্যন্তৰ নাই বুলিও ETV Bharat ৰ আগত উল্লেখ কৰে ।
পৰিৱেশবিদগৰাকীয়ে তদুপৰি অসমৰ ধুবুৰী, ধেমাজি, ওদালগুৰি, বাক্সা আদি জিলাত জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা হোৱা প্ৰভাৱৰ আশংকা অধিক বুলি কয় ।
লগতে পঢ়ক