ETV Bharat / technology

শীঘ্ৰেই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে লাভ কৰিব শ্বপিঙৰ অভিজ্ঞতা; ChatGPT য়ে কৰিব সহায় !

অনাগত দিনত ব্যৱহাৰকাৰীয়ে ChatGPT চেটৰ জৰিয়তে পোনপটীয়াকৈ অনলাইন বজাৰ কৰিব পাৰিব । Shopify এ এই সন্দৰ্ভত চলাইছে পৰীক্ষা । বিতংকৈ পঢ়ক...

chatgpt-may-soon-let-you-shop-inside-the-chat-shopify-integration-in-the-works
শীঘ্ৰেই কৃত্ৰিম বুদ্ধিমত্তা জৰিয়তে লাভ কৰক শ্বপিঙৰ অভিজ্ঞতা; ChatGPT য়ে কৰিব সহায় ! (AP)
author img

By ETV Bharat Tech Team

Published : April 23, 2025 at 8:02 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আমেৰিকাৰ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী OpenAI ৰ AI chatbot ChatGPT বিশ্বৰ অন্যতম জনপ্ৰিয় বৃহৎ ভাষা মডেল । বিশ্বৰ লাখ লাখ ব্যৱহাৰকাৰীয়ে ChatGPT ক স্মাৰ্ট এচিষ্টেণ্ট হিচাপে ব্যৱহাৰ কৰে । বৰ্তমান এই সন্দৰ্ভত এটা নতুন খবৰ ওলাইছে ৷ সেই খবৰ অনসৰি OpenAI এ ChatGPT ক কেৱল এটা স্মাৰ্ট সহায়ক নহয়, অনলাইন বজাৰ কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এটা সঁজুলি হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰি আছে । টেক ৰাডাৰৰ এক প্ৰতিবেদন অনুসৰি এই প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে ।

প্ৰতিবেদন অনুসৰি এই সংহতিৰ পিছত ব্যৱহাৰকাৰীয়ে ChatGPT ৰ চেট উইণ্ড’ৰ পৰা ওলাই নোযোৱাকৈ ব্ৰাউজ কৰিব পাৰে, প্ৰডাক্ট তুলনা কৰিব পাৰে আনকি Shopify ব্যৱসায়ীৰ পৰাও সামগ্ৰী ক্ৰয় কৰিব পাৰে । ChatGPT ত এই বৈশিষ্ট্য অহাৰ পিছত ই এটা chatbot হিচাপে সুবিধা প্ৰদান কৰাৰ লগতে ব্যক্তিগত বজাৰ সহায়ক হিচাপেও সুবিধা প্ৰদান কৰিব পাৰে ।

ChatGPT ৰ দ্বাৰা সম্ভৱ হ’ব শ্বপিং

এই বৈশিষ্ট্যৰ বিষয়ে ফাদিল হোৱা তথ্য অনুসৰি এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীক বজাৰ কৰাৰ এক উন্নত অভিজ্ঞতা প্ৰদান কৰিব । উদাহৰণস্বৰূপে, যদি কোনো ব্যৱহাৰকাৰীয়ে ChatGPT ৰ পৰা যিকোনো প্ৰডাক্টৰ বিষয়ে বিৱৰণ বিচাৰে, এতিয়ালৈকে ব্যৱহাৰকাৰীসকলে কেৱল পৰ্যালোচনা চাইট বা খুচুৰা বিক্ৰেতা পৃষ্ঠাসমূহৰ লিংকহে পায়, কিন্তু নতুন এই ব্যৱস্থাৰ পিছত, ব্যৱহাৰকাৰীসকলে এখন তালিকা চাব পাৰে । এই তালিকাত প্ৰডাক্টৰ মূল্য, ৰেটিং, শ্বিপিঙৰ বিৱৰণ আৰু এটা "এতিয়াই কিনিব" বুটামও দেখুওৱা হ'ব । ব্যৱহাৰকাৰীসকলে পোনপটীয়াকৈ প্ৰডাক্টৰ শ্বপিং লিংকলৈ গৈ ChatGPT ৰ ভিতৰত থকা সেই Buy Now বুটামটোত ক্লিক কৰি প্ৰডাক্টটো কিনিব পাৰে । অৰ্থাৎ ব্যৱহাৰকাৰীয়ে কেৱল এটা বুটাম টিপিলেই পোনপটীয়াকৈ ChatGPT ৰ ভিতৰতেই বজাৰ কৰিব পাৰিব ।

OpenAI ৰ সৈতে সংহতি কৰিলে Shopify বহুখিনি উপকৃত হ'ব পাৰে, কাৰণ ই Shopify ৰ প্ৰডাক্টসমূহক পোনপটীয়াকৈ ChatGPT ৰ 80 কোটি ব্যৱহাৰকাৰীলৈ আনিব পাৰে । ব্যৱহাৰকাৰীসকলে এটা সাধাৰণ প্ৰশ্ন সুধিবলৈ ChatGPT লৈ যাব, কিন্তু তাৰ পৰাই লেনদেন আৰু বজাৰ কৰিব পাৰিব । এই ধৰণৰ বজাৰ কৰাটোক এজেণ্টিক কমাৰ্চ বুলি কোৱা হৈছে, য’ত এআই এজেণ্টে ব্যৱহাৰকাৰীক সঠিক সামগ্ৰীৰ দিশত নিৰ্দেশনা দিয়াই নহয়, বজাৰ কৰাত সম্পূৰ্ণৰূপে সহায় কৰিব পাৰে ।

লগতে পঢ়ক