ETV Bharat / technology

চন্দ্ৰযান-৪ অভিযানৰ বাবে অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ; কি দৰে চলিব এই অভিযান ? - Chandrayaan 4 Mission

India Moon mission: বুধবাৰে কেন্দ্ৰীয় কেবিনেটে চন্দ্ৰযান-৪ অভিযানত অনুমোদন জনায়, য’ত চন্দ্ৰৰ শিল আৰু মাটি পৃথিৱীলৈ অনাৰ কথা উল্লেখ আছে । ইছৰোৰ ৱৰ্কহৰ্চ লঞ্চ ভেহিকেল মাৰ্ক-৩ ৰ তিনিগুণ পেলোড ক্ষমতাৰে আংশিকভাৱে পুনৰ ব্যৱহাৰযোগ্য নেক্সট জেনেৰেচন লঞ্চ ভেহিকেল (এন জি এল ভি) নিৰ্মাণৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায় ।

India Moon mission
Representational Image (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 18, 2024 at 10:19 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ: ভাৰতীয় মহাকাশচাৰীসকলক চন্দ্ৰত অৱতৰণ আৰু নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ আৰু প্ৰদৰ্শনৰ বাবে কেন্দ্ৰীয় কেবিনেটে বুধবাৰে এক নতুন চন্দ্ৰ অভিযান "চন্দ্ৰযান-৪"ত অনুমোদন জনায় । এক বিবৃতিত কোৱা হৈছে যে ভাৰতীয় মহাকাশচাৰীসকলে চন্দ্ৰত অৱতৰণৰ কৰি (২০৪০ চনৰ ভিতৰত পৰিকল্পিত) নিৰাপদে পুনৰ পৃথিৱীলৈ উভতি আহিবলৈ প্ৰয়োজনীয় প্ৰযুক্তিসমূহ চন্দ্ৰযান-৪ অভিযানত লাভ কৰিব ।

ইয়াত কোৱা হৈছে যে ডকিং/আনডকিং, লেণ্ডিং, পৃথিৱীলৈ নিৰাপদে ঘূৰি অহা আৰু চন্দ্ৰৰ নমুনা সংগ্ৰহ আৰু বিশ্লেষণ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় প্ৰধান প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰা হ’ব । বিবৃতিটোত কোৱা হৈছে যে প্ৰযুক্তি প্ৰদৰ্শন অভিযান "চন্দ্ৰযান-৪"ৰ বাবে মুঠ পুঁজিৰ প্ৰয়োজন হৈছে ২,১০৪.০৬ কোটি টকা ।

ইছৰোই মহাকাশযানৰ বিকাশ আৰু উৎক্ষেপণৰ দায়িত্ব ল’ব । অনুমোদনৰ ৩৬ মাহৰ ভিতৰত উদ্যোগী আৰু শিক্ষাবিদৰ অংশগ্ৰহণেৰে এই অভিযান সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । সকলো জটিল প্ৰযুক্তি থলুৱাভাৱে বিকশিত হোৱাৰ কথা কল্পনা কৰা হৈছে ।

ইফালে, ইছৰোৰ ৱৰ্কহৰ্চ লঞ্চ ভেহিকেল মাৰ্ক তৃতীয়ৰ তিনিগুণ পেলোড ক্ষমতাৰে আংশিকভাৱে পুনৰ ব্যৱহাৰযোগ্য নেক্সট জেনেৰেচন লঞ্চ ভেহিকেল (এন জি এল ভি) নিৰ্মাণৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায় । এনজিএলভি, তিনিখন উন্নয়নমূলক যান, অত্যাৱশ্যকীয় সা-সুবিধা, কাৰ্যসূচী পৰিচালনা আৰু উন্মোচন অভিযানৰ উন্নয়নৰ বাবে ৮,২৪০ কোটি টকা আৱণ্টন দিছিল ।

এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে ২০৪০ চনৰ ভিতৰত ভাৰতীয় অন্তৰীক্ষ ষ্টেচন প্ৰতিষ্ঠা আৰু পৰিচালনা আৰু ভাৰতীয় মহাকাশচাৰীৰ চন্দ্ৰত অৱতৰণৰ সামৰ্থ বিকাশৰ লক্ষ্যৰ দিশত ই এক উল্লেখযোগ্য পদক্ষেপ হ’ব । এলভিএম৩ ৰ তুলনাত ১.৫ গুণ খৰচত এনজিএলভিৰ বহন ক্ষমতা তিনিগুণ হ’ব বুলি কোৱা হৈছে আৰু আংশিকভাৱে পুনৰ ব্যৱহাৰযোগ্য লঞ্চ ভেহিকেলে মহাকাশলৈ কম খৰচী প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব বুলিও কোৱা হৈছে বিবৃতিটোত ।

তিনিখন উন্নয়নমূলক বিমানৰ সৈতে এনজিএলভি প্ৰদৰ্শন কৰা হ’ব । উন্নয়নৰ পৰ্যায় সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে ৯৬ মাহ (৮ বছৰ)ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

কেবিনেটে গ্ৰহটোৰ অন্বেষণ আৰু অধ্যয়নৰ বাবে ‘ভেনাছ অৰ্বিটা’ৰ মিছনৰ বিকাশৰ বাবেও অনুমোদন জনায় । মহাকাশ বিভাগে পৰিচালনা কৰিবলগীয়া ‘ভেনাছ অৰ্বিটাৰ মিছন’ত শুক্ৰৰ পৃষ্ঠ আৰু ভূপৃষ্ঠ, বায়ুমণ্ডলীয় প্ৰক্ৰিয়া আৰু শুক্ৰৰ বায়ুমণ্ডলত সূৰ্যৰ প্ৰভাৱৰ বিষয়ে ভালদৰে বুজিবলৈ শুক্ৰৰ কক্ষপথত এখন বৈজ্ঞানিক মহাকাশযান স্থাপন কৰা হ’ব ।

পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ আৰু পৃথিৱীৰ দৰে পৰিস্থিতিত গঠন হোৱা বুলি বিশ্বাস কৰা শুক্ৰ গ্ৰহৰ পৰিৱেশ কেনেকৈ অতি বেলেগ ধৰণে বিকশিত হ’ব পাৰে সেই কথা বুজিবলৈ এক অনন্য সুযোগ প্ৰদান কৰে বুলি এক বিবৃতিত কোৱা হৈছে ।

এসময়ত বসবাসযোগ্য আৰু পৃথিৱীৰ সৈতে যথেষ্ট মিল থকা বুলি বিশ্বাস কৰা শুক্ৰৰ ৰূপান্তৰৰ অন্তৰ্নিহিত কাৰণসমূহৰ অধ্যয়ন শুক্ৰ আৰু পৃথিৱী উভয়ৰে ভগ্নী গ্ৰহৰ বিৱৰ্তন বুজিবলৈ এক অমূল্য সহায়ক হ’ব বুলিও কোৱা হৈছে । এই অভিযানৰ বাবে কেবিনেটে ১২৩৬ কোটি টকা আবণ্টন দিছে, ইয়াৰে ৮২৪ কোটি টকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মহাকাশযানখনৰ বিকাশৰ বাবে ব্যয় কৰিব ।

লগতে পঢ়ক: মহাকাশৰ পৰাই সংবাদমেল, কি ক'লে দুই আৱদ্ধ মহাকাশচাৰীয়ে ? - Sunita Williams