দুই অসমীয়া যুৱকৰ কৃতিত্ব: এটি এপৰ জৰিয়তে সহজ হৈ পৰিল ৰক্তদাতা বিচৰাটো
এতিয়াৰে পৰা ৰোগীক তেজৰ প্ৰয়োজন হ'লে তেজ বিচাৰি হাহাথুৰি খাব নালাগে পৰিয়ালৰ লোকে কিয়নো দুই অসমীয়া যুৱকে বিচাৰি উলিয়াইছে এই সমস্যাৰ সমাধান ৷

Published : July 29, 2025 at 5:35 PM IST
গুৱাহাটী, 29 জুলাই: চিকিৎসাধীন ৰোগীৰ বাবে বহু সময়ত তেজৰ বাবে হাহাকাৰ কৰিবলগীয়া এক অসহায় পৰিস্থিতিৰ সন্মুখীন হয় পৰিয়ালৰ লোকসকলে । এটোপাল তেজৰ বাবে চিকিৎসালয়, ব্লাড বেংক, বেচৰকাৰী সংস্থাৰ লগতে সামাজিক মাধ্যমৰো বহু সময়ত সহায় ল’বলগীয়া হয় পৰিয়ালৰ লোকে । দুৰ্ভাগ্যজনকভাৱে বহুসময়ত তেজৰ অভাৱৰ ফলতে বহু ৰোগীয়ে অকাল মৃত্যুকো আঁকোৱালি ল’বলগীয়া হয় । আক্ষেপজনিত বিষয় যে ৰোগীৰ পৰিয়ালৰ এনে অসহায় পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় বহু দালাল চক্ৰই ৷ এই সমস্যাবোৰ সমাধান কৰাৰ উদ্দেশ্যেৰে দুজন অসমীয়া যুৱকে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । ডিজিটেল এটি এপ নিৰ্মাণৰ জৰিয়তে তেজৰ প্ৰয়োজন থকা ৰোগীক তেজৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছে দুই প্ৰতিভাৱান যুৱকে ।
কি এই ডিজিটেল এপ ?
বাইডন (BYDON ) নামৰ এটা ডিজিটেল এপৰ জৰিয়তে ৰোগীক তেজৰ যোগান ধৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে হোজাই জিলাৰ কাকীৰ দুই বাল্য বন্ধু পল্লৱজ্যোতি নাথ আৰু ভূষণজ্যোতি বাছাই । ব্যক্তিগত খণ্ডৰ চাকৰি বাদ দি তেওঁলোকে প্ৰায় দুমাহ ধৰি এই এপটোৰ জৰিয়তে তেজৰ প্ৰয়োজন থকা ৰোগীক সহায় আগবঢ়াই আহিছে । উদ্যোগী পল্লৱজ্যোতি নাথে কয় যে প্ৰায় ডেৰবছৰ ধৰি চলা এয়া এক পৰিকল্পনা । ডেৰ বছৰৰ পৰিকল্পনাৰ অন্তত প্ৰায় দুমাহ ধৰি এই এপৰ জৰিয়তে আমি সহায় আগবঢ়াই আহিছো ।

ব্যক্তিগত অভিজ্ঞতা বৰ্ণাই কয়, "পিতৃ মাতৃ যেতিয়া ৰোগত আক্ৰান্ত হৈছিল তেতিয়া অনুভৱ কৰিছিলো যে চিকিৎসাৰ সময়ত তেজৰ প্ৰয়োজন হ'লে কিদৰে হাহাকাৰ কৰিবলগীয়া হয় পৰিয়ালৰ লোকে । তদুপৰি গ্ৰামাঞ্চলৰ পৰা গুৱাহাটীলৈ আহি এজন চিকিৎসকক সাক্ষাৎ কৰাত বহু ৰোগীৰ পৰিয়াল অসুবিধাৰ সন্মুখীন হয় । সেয়ে এই এপটোৰ জৰিয়তে নিজৰ মন পচন্দৰ চিকিৎসকক সাক্ষাৎ কৰাৰ বাবে আগতীয়াকৈ সময় ল'ব পাৰিব । এই এপৰ জৰিয়তে বিনামূলীয়াকৈ ৰক্তদাতা বিচাৰি পাব যদিও প্ৰতিটো বিভাগৰ চিকিৎসক আৰু পশু চিকিৎসক সাক্ষাৎ কৰাৰ বাবে 35 টকা পেমেন্ট কৰি আগতীয়াকৈ সময় নিৰ্ধাৰণ কৰি ল’ব পাৰিব ।"
বাইডনত কিমান ৰক্তদাতা আছে

এপটোৰ প্ৰতিষ্ঠাতা পল্লৱজ্যোতি নাথে আৰু ভূষণজ্যোতি বাছাই কয়, "বৰ্তমান আমাৰ এপটোত দুই হাজাৰতকৈ অধিক ৰক্তদাতা আছে । প্ৰতিদিনে 5-6 জনকৈ লোকে ৰক্তদাতা বিচাৰি ফোন কৰে । কোনো তৃতীয় পক্ষ নোহোৱাকৈ প্লে’ ষ্ট’ৰৰ পৰা এপটো ডাউনলোড কৰি বিনামূল্যে পোনপটীয়াকৈ ৰক্তদাতাৰ লগত ফোনযোগে কথা পাতিব পাৰে । কিয়নো এপটোত ৰক্তদাতাসকলৰ নাম আৰু ফোন নম্বৰ দিয়া আছে । দুমাহত আমি এটা সমস্যা দেখিছো যে যিসকল লোকক তেজৰ প্ৰয়োজন হয় তেওঁলোকে আমাৰ এপত আহি ৰক্তদাতাক ফোন কৰিলে বিভিন্ন অসুবিধাৰ বাবে ৰক্তদাতাজনক পোৱা নাযায় । এই সমস্যাটো কিদৰে সমাধান কৰিব পৰা যায় তাৰ ওপৰতো চিন্তা চৰ্চা কৰি থকা হৈছে ।"
পৰৱৰ্তী পৰিকল্পনা

পৰৱৰ্তী সময়ত এপটো আৰু অধিক বিকাশ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি জনায় উদ্যোগী দুজনে । তদুপৰি যিসকল ৰোগীক তেজৰ প্ৰয়োজন হয় তেওঁলোকক যাতে তৎক্ষণাৎ তেজৰ যোগান ধৰিব পৰা যায় তাৰ বাবে ব্লাড বেংক এটা নিৰ্মাণৰো পৰিকল্পনা পুহি ৰাখিছে দুয়োজন উদ্যোগীয়ে । ব্লাড বেংক এটা নিৰ্মাণ কৰিবলৈ বহু ধনৰ প্ৰয়োজন হয় । সেয়েহে চৰকাৰী চিট ফাণ্ডৰ বাবে আবেদন জনোৱা হৈছে বুলিও কয় উদ্যোগী দুজনে । অসমত স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত কৰিবলগীয়া বহু কাম আছে । অসমত স্বাস্থ্য খণ্ডত 30% কামহে হৈছে বুলি তেওঁলোকে কয় । তেওঁলোকে লগতে কয়, এপটোৰ জৰিয়তে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্য সামৰি লোৱাৰ বাবেও পৰিকল্পনা পুহি ৰখা হৈছে । প্ৰথম পৰ্যায়ত গুৱাহাটীত আৰম্ভ কৰা হৈছে যদিও উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যত এই এপৰ জৰিয়তে সহায় আগবঢ়োৱাৰ পৰিকল্পনা আছে ।
ৰক্তদাতাৰ বাবে কি সুবিধা উপলব্ধ

এপটোত পল্লৱজ্যোতি নাথ আৰু ভূষণজ্যোতি বাছাই কয়, " ৰক্তদাতাসকলে স্বেচ্ছাই ৰক্তদান কৰে । তাৰ বাবে তেওঁলোকে কোনো বিনিময় নিবিচাৰে । কিন্তু আমাৰ যিসকল ৰক্তদাতা থাকিব তেওঁলোকক আমি এখনকৈ মেম্বাৰশ্বিপ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰাৰ চিন্তা কৰা হৈছে । সেই কাৰ্ডখনৰ জৰিয়তে তেওঁলোকৰ পৰিয়াল বা নিজৰ স্বাস্থ্য পৰীক্ষা কৰিলে আমাৰ এপৰ লগত জড়িত থকা ডাইগনেষ্টিক বা হাস্পতালত 50% লৈ ৰেহাই পোৱাৰ ব্যৱস্থা থাকিব ।
লগতে পঢ়ক

